মোহন ভাগৱত জীৰ কথাৰে
নৰেন্দ্ৰ মোদী
আজি ১১ ছেপ্টেম্বৰ। আজিৰ এই দিনটোৱে দুটা ভিন্ন স্মৃতি মানসপটত উজলাই তোলে । প্ৰথমটো হৈছে ১৮৯৩ চনৰ কথা, যেতিয়া স্বামী বিবেকানন্দই তেওঁৰ চিকাগোৰ ঐতিহাসিক ভাষণ প্ৰদান কৰিছিল।

“আমেৰিকাৰ ভগ্নী আৰু ভাতৃসকল” বুলি আৰম্ভ কৰা ভাষণেৰে স্বামী বিবেকানন্দই সেই সময়ত প্ৰেক্ষাগৃহত উপস্থিত থকা হাজাৰ হাজাৰ লোকৰ হৃদয় জয় কৰিছিল। তেওঁ ভাৰতৰ কালজয়ী আধ্যাত্মিক ঐতিহ্য আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ বিষয়ত গুৰুত্ব আৰোপ কৰি বিশ্ব মঞ্চত ভাৰতক পৰিচয় কৰাই দিছিল। দ্বিতীয়টো হ’ল ৯/১১ৰ ভয়াৱহ আক্ৰমণৰ সময়ৰ কথা , যেতিয়া সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ ভাবুকিয়ে এই নীতিক আক্ৰান্ত কৰিছিল।
আজিৰ এই দিনটোৰ আন এটা মন কৰিবলগীয়া কথা আছে । কাৰণ আজি বসুধৈৱ কুটুম্বকমৰ নীতিৰে অনুপ্ৰাণিত হৈ সমাজ পৰিৱৰ্তন আৰু সমন্বয় তথা ভ্ৰাতৃত্ববোধৰ মনোভাৱক শক্তিশালী কৰাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰা এজন ব্যক্তিৰ জন্মদিন। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত লাখ লাখ লোকে তেওঁক সন্মানেৰে পৰম পূজ্য সৰসংঘচালক বুলি অভিহিত কৰি আহিছে। হয়, মই শ্ৰী মোহন ভাগৱত জীৰ কথাই ক’ব বিচাৰিছো, ভাগৱতজীৰ আজি ৭৫ সংখ্যক জন্মদিন। কাকতলীয়াভাবে ভাগৱতজীৰ জন্মদিনৰ সময়তে আৰ এছ এছৰ শতবাৰ্ষিকী পালনৰো বৰ্ষ । এনে সময়তে ভাগৱতজীৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰি মই তেওঁৰ দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা জনাইছো।

মোহন জীৰ পৰিয়ালৰ সৈতে মোৰ সম্পৰ্ক অতি গভীৰ৷ মোহন জীৰ পিতৃ প্ৰয়াত মধুকৰৰাও ভাগৱত জীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ মোৰ সৌভাগ্য হৈছে। মই মোৰ গ্ৰন্থ জ্যোতিপুঞ্জত তেওঁৰ বিষয়ে বিস্তৃতভাৱে লিখিছো। তেওঁ আইনীক্ষেত্ৰ খনৰ সৈতে জড়িত হোৱাৰ লগতে দেশ -নিৰ্মাণৰ কামতো তেওঁ নিজকে উৎসৰ্গা কৰিছিল। সমগ্ৰ গুজৰাটতে আৰ এছ এছক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
মধুকৰৰাও জীৰ মনত দেশ নিৰ্মাণৰ আবেগ ইমানেই প্ৰবল আছিল যে এই আবেগেই তেওঁৰ পুত্ৰ মোহনৰাওক ভাৰতৰ পুনৰুজ্জীৱনৰ দিশত কাম কৰিবলৈ সাজু কৰি তুলিছিল। এক কথাত পৰশমণি মধুকৰাৱে মোহনৰাওত আন এক পৰশমণি হিচাবে প্ৰস্তুত কৰিছিল।
মোহন জী সত্তৰৰ দশকৰ মাজভাগত প্ৰচাৰক হৈছিল। ‘প্ৰচাৰক’ শব্দটো শুনি বহুতে ভাবিব পাৰি যে ইয়াৰ অৰ্থ এনে এজন ব্যক্তি , যিয়ে কেৱল কোনো বিষয় প্ৰচাৰ কৰে বা তেনে বিষয়ত প্ৰচাৰ চলাই থাকে । এয়া বহুতৰে মনত উদয় হ’ব পৰা এক ধাৰণা । কিন্তু আৰ এছ এছৰ কাম-কাজৰ সৈতে পৰিচিতসকলে বুজি পায় যে প্ৰচাৰকৰ কাম-কাজ প্ৰচাৰৰ মাজতে সীমাবদ্ধ নহয়, দৰাচলতে সংগঠনটোৰ কামৰ মূলতে হৈছে প্ৰচাৰকৰ এই পৰম্পৰা। যোৱা এশ বছৰত দেশপ্ৰেমৰ উদ্দীপনাৰে অনুপ্ৰাণিত হৈ হাজাৰ হাজাৰ যুৱকে নিজৰ ঘৰ-বাৰী এৰি ভাৰত প্ৰথম মিছন বাস্তৱায়িত কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে।
আৰ এছ এছত মোহনজীয়ে যোগদান কৰাৰ প্ৰথম বছৰবোৰ ভাৰতীয় ইতিহাসৰ এক অতি অন্ধকাৰ সময় আছিল।। এই সময়তে তেতিয়াৰ কংগ্ৰেছ চৰকাৰে জৰুৰীকালীন অৱস্থা জাপি দিছিল। গণতান্ত্ৰিক নীতি মানি চলা আৰু ভাৰতক সমৃদ্ধিশালী কৰিব বিচৰা প্ৰতিগৰাকী ব্যক্তিৰ বাবে জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰাটো স্বাভাৱিক কথা আছিল।
মোহন জী আৰু আৰ এছ এছৰ অগণন স্বয়ংসেৱকে ঠিক সেই একেই কামেই কৰিছিল । তেওঁ মহাৰাষ্ট্ৰৰ গ্ৰাম্য আৰু পিছপৰা অঞ্চল, বিশেষকৈ বিদৰ্ভত নিজকে কামত নিয়োজিত কৰিছিল। দুখীয়া আৰু নিপীড়িত লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে তেওঁ অনুধাৱন কৰিছিল,সেইবোৰ সমস্যাৰ বিষয়ে বুজি উঠিছিল।
বছৰ বছৰ ধৰি ভাগৱত জীয়ে আৰ এছ এছৰ বিভিন্ন পদত অধিষ্ঠিত হৈছিল। তেওঁৰ ওপৰত ন্যস্ত কৰা প্ৰতিটো কৰ্তব্য তেওঁ অতি নিপুণতাৰে পালন কৰিছিল।
নব্বৈৰ দশকৰ সময়ছোৱাত অখিল ভাৰতীয় শাৰীৰিক প্ৰমুখৰ মুৰব্বী হিচাপে মোহন জীয়ে পাৰ কৰা বছৰবোৰ আজিও বহু স্বয়ংসেৱকে শ্ৰদ্ধাৰে স্মৰণ কৰি আহিছে। এই সময়ছোৱাত তেওঁ বিহাৰৰ গাঁৱে-ভূঞে অক্লান্তভাবে কাম কৰিছিল । এই অভিজ্ঞতাবোৰে তৃণমূল পৰ্যায়ৰ বিষয়ৰ সৈতে তেওঁৰ সংযোগ আৰু অধিক গভীৰ কৰি তুলিছিল। ২০ শতিকাৰ শেষৰ পিনে তেওঁ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ হিচাবে দায়িত্ব গ্ৰহণ কৰে।
২০০০ চনত তেওঁ সৰকৰ্য্যবাহ হিচাবে নিজৰ দায়িত্ব পালন কৰিছিল। এনে সময়তো তেওঁ নিজৰ অনন্য কামৰ জড়িয়তে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ নিজৰ ব্যক্তিত্ব আৰু দক্ষতাৰে আটাইতকৈ জটিল পৰিস্থিতিবোৰো সহজ কৰি তুলিছিল আৰু সেইবোৰ নিখুঁতভাৱে চম্ভালি লৈছিল । ২০০৯ চনত তেওঁ সৰসংঘচালক হিচাবে সক্ৰিয়তাৰে কাম কৰি কৰিছিল।
সৰসংঘচালকৰ কাম সাংগঠনিক দায়িত্বতকৈও বহু বেছি। অসাধাৰণ ব্যক্তি মোহনজীয়ে ত্যাগ, উদ্দেশ্যৰ স্পষ্টতা আৰু মা ভাৰতীৰ প্ৰতি অটল দায়বদ্ধতাৰ জৰিয়তে এই দায়িত্বক নতুন ৰূপত সংজ্ঞায়িত কৰিছিল। মোহন জীয়ে দায়িত্বৰ বিশালতাৰ সৈতে সম্পূৰ্ণ ন্যায়ৰ সংপৃক্তকৰণেৰে নিজৰ শক্তি, বৌদ্ধিক গভীৰতা আৰু সহানুভূতিশীল নেতৃত্বৰ প্ৰমাণ দিছিল। তেওঁৰ এনে সকলো কাম আৰু কথাই দেশ প্ৰথম নীতিৰে অনুপ্ৰাণিত হৈছিল।
যদি মই মোহন জীৰ বিষয়ে লক্ষ্য কৰিবলগীয়া বিশেষ কথাৰ বিষয়ে কও তেন্তে মোহনজীয়ে নিজৰ হৃদয়ত সাঁচি ৰখা আৰু নিজৰ কৰ্মশৈলীত প্ৰদৰ্শন কৰা দুটা বৈশিষ্ট্যৰ কথা কবই লাগিব , সেইবোৰ হৈছে ধাৰাবাহিকতা আৰু অভিযোজন। তেওঁ সদায় সংগঠনটোক অতি জটিল ঘটনাক্ৰমৰ মাজতো সুন্দৰভাবে পৰিচালিত কৰি আহিছে। এই ক্ষেত্ৰত তেওঁ আমি সকলোৱে গৌৰৱ কৰা সংগঠনৰ মূল মতাদৰ্শৰ সৈতে কেতিয়াও আপোচ কৰা নাই আৰু একে সময়তে সমাজৰ নিত্য নতুন প্ৰয়োজনীয়তাসমূহো পূৰণ কৰি আহিছে । যুৱক-যুৱতীসকলৰ সৈতে তেওঁৰ সংযোগ অতি মধুৰ। সেইবাবেই তেওঁ সদায় সংঘ পৰিয়ালৰ সৈতে অধিক সংখ্যক যুৱক-যুৱতীক একত্ৰিত কৰাৰ বিষয়ত মনোনিৱেশ কৰি আহিছে। তেওঁক প্ৰায়ে ৰাজহুৱা স্থানত বক্তৃতা প্ৰদান কৰা আৰু মানুহৰ সৈতে মত বিনিময় কৰা দেখা যায়, যিটো আজিৰ গতিশীল আৰু ডিজিটেল জগতখনত অতি প্ৰয়োজনীয় কথা হৈ পৰিছে।
বিস্তৃতভাবে ক’বলৈ গ’লে ভাগৱত জীৰ কাৰ্যকাল আৰএছএছৰ ১০০ বছৰীয়া যাত্ৰাৰ আটাইতকৈ পৰিৱৰ্তনশীল সময় বুলি বিবেচনা কৰিব পাৰি । ঐক্য পোছাকৰ পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি শিক্ষা বৰ্গ (প্ৰশিক্ষণ শিবিৰ)ৰ পৰিৱৰ্তনলৈকে তেওঁৰ নেতৃত্বত কেইবাটাও উল্লেখযোগ্য পৰিৱৰ্তন ঘটোৱা হৈছে।
বিশেষকৈ ক’ভিড কালত মোহন জীৰ প্ৰচেষ্টাৰ কথা সকলোৰে মনত আছে, যেতিয়া মানৱতাই মহামাৰীৰ সৈতে যুঁজিছিল। সেই সময়ত আৰ এছ এছৰ পৰম্পৰাগত কাম-কাজ অব্যাহত ৰখাটো প্ৰত্যাহ্বানজনক হৈ পৰিছিল। মোহন জীয়ে সেই সময়ত প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছিল। বিশ্বজনীন প্ৰত্যাহ্বানৰ মাজতো তেওঁ প্ৰতিষ্ঠানিক কাঠামো গঢ়ি তোলাৰ লগতে বিশ্বৰ দৃষ্টিভংগীৰ সৈতে সংযুক্ত হৈ সকলো কাম নিয়াৰিকৈ অব্যাহত ৰাখিলে।
সেই সময়ত সকলো স্বয়ংসেৱকে আৰ্তজনৰ কাষ চাপিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল, একে সময়তে নিজৰ আৰু আনৰ সুৰক্ষাও নিশ্চিত কৰিছিল। বহু স্থানত চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছিল। সেই সংকটৰ সময়ত আমিও আমাৰ বহু কঠোৰ পৰিশ্ৰমী স্বয়ংসেৱক হেৰুৱালোঁ, কিন্তু মোহন জীৰ প্ৰেৰণা এনে আছিল যে ইমানৰ পিছতো স্বয়ংসেৱক দৃঢ়তা কোনো গুণে হ্ৰাস পোৱা নাছিল।চলিত বৰ্ষৰ আৰম্ভণিতে নাগপুৰত মাধৱ নেত্ৰ চিকিৎসালয় উদ্বোধনী অনুষ্ঠানত মই কৈছিলো যে আৰ এছ এছ অক্ষয় বটৰ দৰে, ই আমাৰ দেশৰ জাতীয় সংস্কৃতি আৰু সামূহিক চেতনাক শক্তিশালী কৰা চিৰন্তন বট গছ। এই অক্ষয় বটৰ শিপাবোৰ মূল্যবোধত গভীৰ আৰু শক্তিশালীভাবে শিপাই আছে । মোহন ভাগৱত জীয়ে যি সমৰ্পণেৰে এই মূল্যবোধক লালন-পালন কৰি সেইবোৰক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি বহন কৰিছে, সেয়া সঁচা অৰ্থত প্ৰেৰণাদায়ক কথা ।মোহন জীৰ ব্যক্তিত্বৰ আন এটা প্ৰশংসনীয় গুণ হ’ল তেওঁৰ মৃদুভাষী স্বভাৱ। মানুহৰ কথা আন্তৰিকতাৰে শুনাটো তেওঁৰ এক ব্যতিক্ৰমী গুণ । এই বৈশিষ্ট্যই তেওঁৰ গভীৰ দৃষ্টিভংগীৰ কথাই প্ৰতিফলিত কৰে। লগতে ই মোহনজীৰ ব্যক্তিত্ব তথা নেতৃত্বত সংবেদনশীলতা আৰু মৰ্যাদাৰ অনুভূতিক অধিক মাত্ৰাত প্ৰতিফলিত কৰি আহিছে।মই তেওৰ আন এক গুণৰ বিষয়েও লিখিব বিচাৰিছো। সেয়া হৈছে তেওঁ সদায় বিভিন্ন গণ আন্দোলনৰ তীব্ৰ আগ্ৰহ দেখুৱাই আহিছে।। স্বচ্ছ ভাৰত মিছনৰ পৰা আৰম্ভ কৰি বেটি বচাও বেটি পঢ়াওলৈকে , এই আন্দোলনসমূহত আৰ এছ এছ পৰিয়ালক জড়িত হৈ এনে আন্দোলনৰ শক্তি বৃদ্ধি কৰিবলৈ তেওঁ সদায় আহ্বান জনাই আহিছে । সামাজিক কল্যাণক অধিক আগুৱাই নিয়াৰ উদ্দেশ্যে মোহন জীয়ে ‘পঞ্চ পৰিৱৰ্তন’ৰ কথা কৈ আহিছে, য’ত সামাজিক সম্প্ৰীতি, পাৰিবাৰিক মূল্যবোধ, পৰিৱেশ সচেতনতা, জাতীয় স্বাৰ্থ আৰু নাগৰিক কৰ্তব্য আদি অন্তৰ্ভুক্ত হৈ আছে । এনেবোৰ কথাই সকলো স্তৰৰ ভাৰতীয়ক অনুপ্ৰাণিত কৰিব পাৰে। প্ৰতিগৰাকী স্বয়ংসেৱকে এখন শক্তিশালী আৰু সমৃদ্ধিশালী দেশৰ সপোন দেখি আহিছে । এই সপোন বাস্তৱায়িত কৰিবলৈ স্পষ্ট দৃষ্টি আৰু নিৰ্ণায়ক কাৰ্য্য উভয়ৰে প্ৰয়োজন । মোহন জীয়ে এই দুয়োটা বিষয়কে লক্ষ্যণীয় ৰূপত মূৰ্ত কৰি তুলিছে।ভাগৱত জী সদায় ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ প্ৰবল সমৰ্থক , ভাৰতৰ বৈচিত্ৰ্য আৰু আমাৰ ভূমিৰ অংগ হিচাবে পৰিগণিত হোৱা ভিন্ন সংস্কৃতি আৰু পৰম্পৰাৰ উদযাপনৰ বিষয়ত তেওঁ দৃঢ় বিশ্বাসী।ব্যস্ততাৰ মাজতো মোহন জীয়ে সংগীত আৰু গীতৰ বাবে সদায় সময় উলিয়াই আহিছে। ভাৰতীয় বিভিন্ন বাদ্যযন্ত্ৰৰ তেওঁ যে অতি নিপুন সেই কথা কমেইহে জানে। তেওঁৰ পঢ়াৰ প্ৰতি থকা আকৰ্ষণ তেওঁৰ ভাষণ আৰু পাৰস্পৰিক মত-বিনিময়ত পৰিস্ফূট হয়।চলিত বৰ্ষত , কেইদিনমানৰ পিছতে আৰ এছ এছৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব।এইবাৰ বিজয়া দশমী, গান্ধী জয়ন্তী, লাল বাহাদুৰ শাস্ত্ৰী জয়ন্তী আৰু আৰ এছ এছৰ শতবাৰ্ষিকী উদযাপন একেদিনাই হোৱাটোও এক সুখকৰ কাকতালীয় কথা। আৰ এছ এছৰ সৈতে জড়িত ভাৰত আৰু বিশ্বৰ লাখ লাখ লোকৰ বাবে ই এক ঐতিহাসিক মাইলৰ খুঁটি হিচাবে পৰিগণিত হ’ব৷ লগতে সুখৰ কথাটো এয়াই যে মোহন জীৰ দৰে এগৰাকী অতি জ্ঞানী আৰু কঠোৰ পৰিশ্ৰমী সৰসংঘচালকে এই সময়ত সংগঠনটোক পৰিচালনা কৰি আছে। সামৰণিত কও যে মোহনজী বসুধৈৱ কুটুম্বকমৰ জীৱন্ত নিদৰ্শন, আমি যেতিয়া সীমাৰ উৰ্ধলৈ গৈ সকলোকে নিজৰ বুলি গণ্য কৰোঁ , তেতিয়া ই সমাজত বিশ্বাস, ভাতৃত্ববোধ আৰু সমতা শক্তিশালী কৰি তোলে। মা ভাৰতীৰ সেৱাত নিয়োজিত হৈ থাকিবলৈ মোহন জীৰ সুদীৰ্ঘ আৰু সুস্থ জীৱন পুনৰবাৰ কামনা কৰিলোঁ।