দেউধনী নৃত্য শিল্পী বনলতা দেৱী আৰু বিধায়ক ৰূপক শৰ্মাক ‘ৰঙ্গমঞ্চ বঁটা’ প্ৰদান
বঁটা প্ৰাপ্তিয়ে একোগৰাকী শিল্পীৰ সমাজত পূৰ্ণতা আনেঃ অভিনেত্ৰী বনলতা দেৱী
DD TIMES নগাঁও, ১১ ছেপ্টেম্বৰঃ বঁটা প্ৰাপ্তিয়ে একোগৰাকী শিল্পীক সমাজত পূৰ্ণতা আনে- এই মন্তব্য কৰে সুদক্ষা অভিনেত্ৰী তথা দেউধনী নৃত্যৰ শিল্পী বনলতা দেৱীয়ে৷ সন্ধিয়া নগাঁও জিলা পুথিভঁৰালত ৰংগমঞ্চ বঁটা প্ৰদান অনুষ্ঠানত বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে৷

তেওঁ লগতে আৰু কয় যে আজি মোৰ বাবে এক সুভাগ্যৰ দিন৷ ৰংগমঞ্চ অনুষ্ঠানৰ বঁটা প্ৰাপ্তিয়ে সংস্কৃতিৰ পথাৰখনত আৰু এখোজ আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা যোগালে আৰু দায়িত্বও বঢ়ালে৷
বিশিষ্ট নাট পৰিচালক-অভিনিতা পবিত্ৰ কলিতাই আতঁধৰা গাম্ভীৰ্যপূৰ্ণ ৰংগমঞ্চ বঁটা প্ৰদান অনুষ্ঠানত আন এগৰাকী সংগীত শিল্পী তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ বিশেষ বৰঙনি আগবঢ়াই যোৱা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাক একেটা অনুষ্ঠানতে ৰংগমঞ্চ বঁটা প্ৰদান কৰা হয়৷
উল্লেখ্য, বিধায়ক শৰ্মাৰ অনুপস্থিতিত তেওঁৰ হৈ তেওঁৰ সহধৰ্মিনী নবনীতা শৰ্মাই উক্ত বঁটাটি গ্ৰহণ কৰে৷ বঁটা গ্ৰহণ কৰি নবনীতা শৰ্মাই কয় যে সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে তেওঁৰ স্বামী ৰূপক শৰ্মাই যি অবদান বৰ্তমানলৈকে আগবঢ়াইছে তাৰ প্ৰাপ্তিৰ বাবে এই বঁটা লাভ কৰাত আমি পৰম আনন্দিত হোৱাৰ কথা উল্লেখ কৰে৷
উল্লেখ্য, ২০২৪-২৫ বৰ্ষৰ এইবাৰ হিমাশ্ৰী শইকীয়া আৰু ঘনশ্যাম শইকীয়াৰ সোঁৱৰণত আৰু বিশিষ্ট সংগীত শিল্পী নগাঁৱৰ জনপ্ৰিয় বিধায়ক ৰূপক শৰ্মাক আৰু ৰাজেন্দ্ৰ নাথ শইকীয়া আৰু ইন্দুপ্ৰভা সোৱৰণত দৰং জিলাৰ ছিপাঝাৰৰ অভিনেত্ৰী বনলতা দেৱীক ৰঙ্গমঞ্চ শিল্পী বটা ২০২৫ প্ৰদান কৰা হয় ৷
এই বঁটাত সম্বধৰ্না পত্ৰ, গামোচা, চেলেং, ধৰ্মীয় গ্ৰন্থ, স্মাৰক, জাপি, টঙালি আদি প্ৰদান কৰা হয়৷
অনুষ্ঠানটিত ৰংগমঞ্চৰ মুখ্য আহ্বায়ক তথা নাট পৰিচালক গগন চৌধুৰী, নাট পৰিচালক পুৰ্ণ্যদা বৰা, নাট্যকাৰ সপোনটি বৰদলৈ, বিশিষ্ট নাট্যকাৰ-পৰিচালক অজিত বৰঠাকুৰ, নগাঁও জিলা নাট্য সন্মিলনৰ সভাপতি মনোজ বৰদলৈ, সমাজকৰ্মী অভিনেতা জয়ন্ত কুমাৰ বৰা, অভিনেতা প্ৰশান্ত শৰ্মা,প্ৰাণজিৎ গোস্বামী, জীৱন সিং, মোহিনী মোহন ডেকা উপস্থিত থাকে৷
নিশালৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ কালজয়ী নাটক ‘ভুল নুবুজিবা ভূপেন দা’ মঞ্চস্থ কৰা হয়।
উক্ত নাটক পৰিচালনা কৰে গগন চৌধুৰী,
সহঃপৰিচালনা উৎপল কলিতা, মৌচম বৰা। পৰিকল্পনা বসন্ত গোঁহাই, নিৰ্মালি হাজৰিকাৰ। অনুষ্ঠানত সহস্ৰাধিক দৰ্শক ৰাইজ উপস্থিত থাকি নাট উপভোগ কৰে৷