বিশ্বৰত্ন ড° ভূপেন হাজৰিকা এক অমৰ সত্বাঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান
DD TIMES তেজপুৰ, ১১ ছেপ্টেম্বৰঃ বিশ্বৰত্ন ভূপেন হাজৰিকা মানে এক অমৰ সত্বা; অসমীয়াৰ নজহা-নপমা অক্ষয় স্বাভিমানৰ প্ৰতীক। শোণিতপুৰ জিলাৰ নৱগঠিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় শাখা সাহিত্য সভা আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত ৮ ছেপ্টেম্বৰত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয়।

ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ভূপেন হাজৰিকাই তেওঁৰ সুবৰ্ণ গীত-সাহিত্য আৰু সৃষ্টি-কৰ্মৰাজিৰ জৰিয়তে অসম সাহিত্য সভাৰ লগতে অসমীয়া জাতিক ধন্য কৰি গৈছে।
এইগৰাকী মহান অসমীয়াই নেতৃত্ব প্ৰদান কৰি যোৱা আমাৰ মৰমৰ সাহিত্য সভাখনক শক্তিশালী কৰাৰ দায়িত্ব প্ৰতিজন অসমীয়াই ল’ব লাগিব।

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এই সভাৰ এখন শাখা সাহিত্য সভা গঠন কৰি আজি প্ৰথম কাৰ্যসূচী অনুসৰি ভূপেন হাজৰিকাদেৱৰ যি শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান আয়োজন কৰিছে, এই অনুষ্ঠানত উপস্থিত থাকি আমি অভিভূত হৈ পৰিছো।
সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হোৱা শ্ৰদ্ধাৰ্ঘ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ডা° কৰুণা হাজৰিকাই আৰু ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি অধ্যাপক ডাঃ ধীৰেন্দ্ৰনাথ চৌধুৰীয়ে।
ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অধ্যক্ষ হাজৰিকাই জাতীয় জীৱনৰ পূৰোধা ব্যক্তি গৰাকীৰ জীৱন কৃতি সম্পৰ্কে বিস্তাৰিতভাৱে বক্তৃতা প্ৰদান কৰি ভূপেন হাজৰিকাৰ ওপৰত লিখা এটি সুন্দৰ কবিতা পাঠ কৰে।

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰদ্বাৰা পৰিৱেশিত ‘অসম আমাৰ ৰূপহী…’ শীৰ্ষক সমৱেত সংগীতেৰে অনন্য মাত্ৰা প্ৰদান কৰা সভাখনত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দুলাল নাথ, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, স্বজাতীয় মৈত্ৰীবন্ধনৰ আহ্বায়ক ৰমেন ভৰালী, শোণিতপুৰ জিলা সাহিত্য সভাৰ উপসভাপতি প্ৰবীণ কটকীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সভাখনত সংগীতসম্ৰাট ভূপেন হাজৰিকাক সোঁৱৰণ কৰি সাৱলীল বক্তব্য আগবঢ়ায়।
সভাত ড° ভূপেন হাজৰিকাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘বিহংগম দৃষ্টিত ড° ভূপেন হাজৰিকা’ শীৰ্ষক এখনি তথ্য চিত্ৰ প্ৰদৰ্শন কৰা হয়।
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ছাত্ৰ টিংকুমণি কলিতা আৰু ছাত্ৰী কংকনা বৰুৱাই আঁত ধৰা অনুষ্ঠানত চিকিৎসা মহাবিদ্যালয় অধ্যাপক ডাঃ নিৰুপ্ৰভা চহৰীয়া, ডাঃ দিলীপ শালৈ, ডাঃ দীপিকা লাহন, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শাখা সাহিত্য সভা সম্পাদক মনোজ কুমাৰ নাথ, সহকাৰী সম্পাদক নিপন জ্যোতি শৰ্মা, প্ৰেৰণা ৰাজখোৱা, প্ৰকাশন সচিব গিৰিজা কুমাৰ প্ৰমুখ্যে শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰীয়ে গীত-কবিতা পাঠ আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে। স
ভাৰ শেষত ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ৰ সামূহিকভাৱে পৰিৱেশন কৰা হয়। উক্ত সভাতেই ভৱিষ্যতৰ সময়ত অসম সাহিত্য সভাৰ নৱগঠিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় শাখা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ এক কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণৰো প্ৰস্তাৱ লোৱা হয়।।