‘মই জিলিকিম, জুডোক জিলিকাম,অসমক জিলিকাম’ ধ্বনিৰে আৰম্ভ ৩৫ সংখ্যক আন্তঃজিলা জুডো প্ৰতিযোগিতা
আছুৰ মুখ্য উপদেষ্টাড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কৰিলে আৰম্ভ
DD TIMES গুৱাহাটী, ১০ ছেপ্টেম্বৰঃ ‘মই জিলিকিম, জুডোক জিলিকাম,অসমক জিলিকাম’ ধ্বনিৰে আজি গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত দেশ ভক্ত তৰুনৰাম ফুকন ইনড”ৰ স্টেডিয়ামত আৰম্ভ ৩৫ সংখ্যক আন্তঃজিলা জুডো প্ৰতিযোগিতা।

‘প্ৰেৰণা দ্যা মিছন’ৰ সহযোগত সদৌ অসম জুডো সন্থাই আয়োজন কৰা শীৰ্ষ ৰাজ্যিক প্রতিযোগিতাখন আনুস্থানিকভাবে উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ(আছু) মুখ্য উপদেষ্টাড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহন কৰা ড° ভট্টাচাৰ্যই নিজা ভাষণত ‘মই জিলিকিম, জুডোক জিলিকাম,অসমক জিলিকাম’ বাণীৰে প্ৰতিযোগিতাৰ প্ৰতিগৰাকী খেলুৱৈ-অংশীদাৰৰ মনোবল বৃদ্ধি কৰে।

সহপাঠী বাণীয়ে নেতৃত্ব দি অহা অসমৰ জুডো ক্ৰীড়া মঞ্চক শক্তিশালী ৰূপত আগুৱাই নিয়াত আন দুই সতীৰ্থ ড° অৰূপ আৰু পৰাগৰ সৈতে সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি ড° ভট্টাচাৰ্যই অলিম্পিক ইভেণ্ট জুডোক সঠিক দিশত আগুৱাই নিয়াৰ দিশত অসম চৰকাৰৰ ক্ৰীড়া বিভাগক বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

প্ৰায় চাৰে তিনিশতাধিক জুডোকাই অংশগ্ৰহন কৰা ৰাজ্যৰ শীৰ্ষ জুডো প্ৰতিযোগিতাখনত যোগদান কৰা দলসমূহ হ’লঃ ধেমাজি, অসম পুলিচ, বজালী, বাকছা, বিশ্বনাথ, চৰাইদেউ, ডিব্ৰুগড়, ডিমাহাচাও, গোলাঘাট, হোজাই, কামৰূপ, কাৰ্বিআংলং, কোকৰাঝাৰ, লখিমপুৰ, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া, গোৱালপাৰা আৰু গুৱাহাটী।

আনহাতে উদ্বোধনী অনুস্থানত আয়োজক সমিতিৰ সভাপতি তথা অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু কাৰ্যকৰী সভাপতি বাণী ব্ৰত দাস, প্ৰক্তন সভাপতি শৈলেন ডেকা, উপদেষ্টা পৰাগ বৰ্মন, কৰ্ণেল ৰঞ্জিত তালুকদাৰ, গুৱাহাটীৰ ৰাজহ চক্ৰ বিষয়া ৰাজা বৈশ্য, অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ প্ৰশাসনিক প্ৰবন্ধক চাইষ্টা আখতাৰ আদি উপস্থিত থাকে।
অহা ১১ ছেপ্টেম্বৰত সামৰণি পৰিবলগীয়া প্রতিযোগিতাত লৰা-ছোৱালীৰ ছাব জুনিয়ৰ, জুনিয়ৰ, কেডেট আৰু চিনিয়ৰ পুৰুষ -মহিলা ৰ বিভিন্ন ওজন শাখা সামৰি লোৱা হৈছে।
ইয়াৰ লগতে এইবাৰৰ প্ৰতিযোগিতাত ৮বছৰৰ পৰা ১২ বছৰলৈ মিনি চাৱ জুনিয়ৰ শাখাৰ প্ৰতিযোগিতাও অন্তভুক্ত কৰা হৈছে।