অসমঅসমীয়াআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

যক্ষ্মা মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে জিলা স্বাস্থ আৰু যক্ষা নিয়ন্ত্ৰণ বিভাগৰ বিশেষ সজাগতা সভা

Spread the love

DD TIMES গুৱাহাটী, ১০ ছেপ্টেম্বৰঃ টিবি মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে আজি নিক্ষয়ৰ তৃতীয় বৰ্ষপূৰ্তিত কামৰূপ মহানগৰ জিলা স্বাস্থ বিভাগৰ উদ্যোগত ডিগাৰুৰ মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত ৯ ছেপ্টেম্বৰত এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়।

সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক আৰু নিকটৱৰ্তী ৰাইজৰ উপস্থিতিত যক্ষ্মাৰ লক্ষণ আৰু লগতে চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰ আৰু বিভাগে লোৱা বিভিন্ন কাৰ্যসূচী বিষয়ে অৱগত কৰে যক্ষ্মা নিয়ন্ত্ৰণ বিভাগৰ জিলা সমন্বয়ক গুৰুপ্ৰসাদ গোস্বামীয়ে।

অনুষ্ঠানত উপস্থিত থাকি এছ টি এছ আব্দুল মজিদে এগৰাকী যক্ষ্মা ৰোগীৰ প্ৰতি চৰকাৰে আগবঢ়োৱা সুবিধাৰ বিষয়ে উল্লেখ কৰে।

Oplus_131072

এগৰাকী ৰোগীয়ে পুষ্টিকৰ খাদ্য কিভাৱে খাব লাগে এই বিষয়ে সুন্দৰভাৱে উপস্থিত ৰাইজক অৱগত কৰে এন ই এ আই ডি ৰ সহযোগী প্ৰতিষ্ঠাপক মেৰাজ আহমেদ।

সজাগতা সভাৰ পিছতে উপস্থিত ৰাইজ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগত এক শোভাযাত্ৰাৰ আয়োজন কৰা হয়।

অনুষ্ঠানৰ অন্তত এন ই এ আই ডি তৰফৰ পৰা উপস্থিত আটাইকে পুষ্টিকৰ আহাৰ প্ৰদান কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!