অসমীয়াআন্তর্জাতিকমুখ্যপৃষ্ঠাশিৰোনাম

ছ’চিয়েল মিডিয়া নিষিদ্ধকৰণকলৈ জ্বলিছে নেপালপ্ৰধানমন্ত্ৰী অলিৰ পদত্যাগ

Spread the love

প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ৰাষ্ট্ৰপতি- নেতা-মন্ত্ৰীৰ ঘৰ
ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বিৰুদ্ধে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিও ৰক্ষা পোৱা নাই চৰকাৰ
ৰাজধানী কাঠমাণ্ডুত অনিৰ্দিষ্টকাললৈ সান্ধ্য আইন জাৰি

DDTIMES কাঠমাণ্ডু, ১০ ছেপ্টেম্বৰঃ নৈৰাজ্যই ছানি ধৰিছে হিমালয়ৰ কোলাত অৱস্থিত নেপাল। এপিনৰ পৰা জ্বলি গৈছে প্ৰধানমন্ত্ৰী, মন্ত্ৰীৰ ঘৰ। সোমবাৰে আৰক্ষীৰ গুলীচালনাত ২০ জন প্ৰতিবাদকাৰী নিহত হোৱাৰ পিছত মঙলবাৰে পুৱাই নেপালৰ চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ বিৰুদ্ধে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।

Oplus_131072

কিন্তু ইমানৰ পিছতো শান্ত হোৱা নাই নেপাল। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা জাৰি আৰু চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰা হিংসাত্মক প্ৰতিবাদৰ মাজতে মঙলবাৰে নেপালৰ খদগা প্ৰসাদ শৰ্মা অলিয়ে পদত্যাগ কৰে।

তেওঁৰ কাৰ্যালয়ত শ শ প্ৰতিবাদকাৰী প্ৰৱেশ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী অলিয়ে পদত্যাগ কৰে ৷ সোমবাৰে চলা হিংসাত্মক প্ৰতিবাদত কমেও ২০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০০ ৰো অধিক লোক আহত হৈছিল।

মঙলবাৰে পুৱা চৰকাৰে ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলেও সমগ্ৰ কাঠমাণ্ডুত জাৰি কৰা সান্ধ্য আইন উলংঘা কৰি আন্দোলনকাৰীয়ে পুনৰ প্ৰতিবাদ আৰম্ভ কৰে ৷

চৰকাৰ বিৰোধী এই ভয়ংকৰ প্ৰতিবাদৰ এদিন পিছতে প্ৰতিবাদকাৰীসকলে নেপালৰ একাংশ বিৰোধী শীৰ্ষ ৰাজনৈতিক নেতাৰ ঘৰত অগ্নিসংযোগ কৰে ৷ স্থানীয় সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হোৱা ভিডিঅ’সমূহত দেখা গৈছে যে কাঠমাণ্ডু আৰু ইয়াৰ আশে-পাশে থকা শীৰ্ষ ৰাজনৈতিক নেতাৰ বাসগৃহত প্ৰতিবাদকাৰীসকলে আক্ৰমণ চলাইছে।

অগ্নিসংযোগ কৰা ঘৰসমূহৰ ভিতৰত আছে – বৃহত্তম দল নেপালী কংগ্ৰেছৰ নেতা শ্বেৰ বাহাদুৰ দেউবা, ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেল, গৃহমন্ত্ৰী ৰমেশ লেখক আৰু নেপালৰ কমিউনিষ্ট দলৰ নেতা মাওবাদী পুষ্পকমল দাহালৰ ঘৰ।

বৰ্তমানৰ বৈদেশিক মন্ত্ৰী দেউবাৰ পত্নী আৰ্জু দেউবা ৰাণাৰ মালিকানাধীন এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো অগ্নিসংযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷

দেশখনৰ চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে প্ৰতিবাদৰ অংশ হিচাপে সোমবাৰে সংসদত আক্ৰমণমূলক কাৰ্য সংঘটিত হৈছিল ৷

দুৰ্নীতিৰ বাবে দোষী সাব্যস্ত হোৱা ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে সাধাৰণ লোকৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা হতাশা আৰু ক্ষোভে এই প্ৰতিবাদত ইন্ধন যোগাইছিল।

ৰাজধানী চহৰখনত অনিৰ্দিষ্টকাললৈ সান্ধ্য আইন জাৰি কৰাৰ পাছতো মঙলবাৰে কেইবাটাও প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। প্ৰতিবাদকাৰীসকলে ‘‘চৰকাৰক হত্যাকাৰীৰ দৰে শাস্তি দিয়ক, শিশু হত্যা বন্ধ কৰক’’ আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে ৷

ইপিনে আৰক্ষীয়ে লাউডস্পীকাৰৰ জৰিয়তে প্ৰতিবাদকাৰীসকলক ঘৰলৈ উভতি যাবলৈ আহ্বান জনায়৷ প্ৰতিবাদকাৰীৰ ক্ষোভ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী খদগা প্ৰসাদ অলি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পায় ৷

এগৰাকী প্রতিবাদকাৰীয়ে কয়, ‘‘যেতিয়ালৈকে এই চৰকাৰ ক্ষমতাত থাকিব, তেতিয়ালৈকে আমাৰ দৰে লোকে কষ্ট ভোগ কৰি থাকিব। সোমবাৰে তেওঁলোকে ইমানবোৰ যুৱকক হত্যা কৰিলে, যিসকলৰ বহুতো সপোন আছিল, এতিয়া তেওঁলোকে সহজেই আমাক সকলোকে হত্যা কৰিব পাৰিব।

এই চৰকাৰ শেষ নোহোৱালৈকে আমি প্ৰতিবাদ কৰি যাম।’’ফেচবুক, এক্স, ইউ টিউবকে ধৰি কেইবাটাও বহুলভাৱে ব্যৱহৃত ছ’চিয়েল ছাইট পঞ্জীয়ন আৰু চৰকাৰী নিৰীক্ষণত জমা দিয়াৰ নতুন নিয়ম মানি চলাত ব্যৰ্থ হোৱাৰ বাবে নেপাল চৰকাৰে যোৱা সপ্তাহত বন্ধ কৰি দিছিল ৷

সোমবাৰে কাঠমাণ্ডুত চৰকাৰৰ এই নিষেধাজ্ঞাৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ লগতে সংসদ ভৱনটো ঘেৰি ধৰে ৷

ফলত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাত ২০ জন লোকৰ মৃত্যু ঘটে ।প্ৰতিবাদকাৰীসকলে ‘‘ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা উঠাই লওক, দুৰ্নীতি বন্ধ কৰক, ছ’চিয়েল মিডিয়া নহয়’’ আদি ধ্বনিৰে কঁপাই তোলে কাঠমাণ্ডুৰ ৰাজপথ ৷

সোমবাৰৰ এই প্ৰতিবাদক জেন জেডৰ প্ৰতিবাদ বুলি অভিহিত কৰা হৈছে ৷ আহত কেইবাজনো প্ৰতিবাদকাৰীক দেশখনৰ আগশাৰীৰ চিকিৎসালয় নেশ্যনেল ট্ৰমা চেণ্টাৰলৈ নি চিকিৎসা প্ৰদান কৰা হয়।

পদত্যাগী প্ৰধানমন্ত্ৰী অলিয়ে এক বিবৃতিত কয় যে তেওঁ ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ এখন তদন্ত সমিতি গঠন কৰি আছে আৰু মৃতকক ক্ষতিপূৰণ আৰু আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব।

উল্লেখ্য, সোমবাৰে মাজনিশা অনুষ্ঠিত জৰুৰীকালীন কেবিনেট বৈঠকত পদত্যাগ কৰে গৃহমন্ত্ৰী ৰমেশ লেখকে।

সকলো অশান্তিৰ মূলতে ছ’চিয়েল মিডিয়াত জাৰি কৰা নিষেধাজ্ঞানেপাল চৰকাৰে প্লেটফৰ্মসমূহ “সঠিকভাৱে পৰিচালিত, দায়িত্বশীল আৰু জবাবদিহি” কৰাটো নিশ্চিত কৰাৰ লক্ষ্যৰে ছ’চিয়েল মিডিয়া নিয়ন্ত্ৰণৰ বিস্তৃত প্ৰচেষ্টা চলোৱাৰ সময়তে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়৷

এই প্ৰস্তাৱক চেঞ্চৰশ্বিপৰ মাধ্যম আৰু অনলাইনত প্ৰতিবাদ কৰা চৰকাৰ বিৰোধীক শাস্তি দিয়াৰ উপায় বুলি ব্যাপক সমালোচনা কৰা হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!