উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মালবাহী লোডিঙত ১৪.১% বৃদ্ধি অৰ্জন
DD TIMES
মালিগাঁও, ৯ ছেপ্টেম্বৰ, ২০২৫: উত্তৰ-পূব সীমান্ত ৰেলৱেই ২৪ ঘণ্টাই অহৰ্নিশে কাম কৰি গ্ৰাহকসকলক সেৱা আগবঢ়াই আহিছে আৰু প্ৰয়োজনীয় সামগ্ৰীসমূহ তাৎক্ষণিকভাৱে অন্তিম ব্যৱহাৰকাৰীজনলৈ প্ৰেৰণ কৰাটো নিশ্চিত কৰিছে।

চলিত বৰ্ষৰ আগষ্ট মাহৰ সময়চোৱাত এই সংমণ্ডলে সফলতাৰে ০.৯১৬ মিলিয়ন টন মালবস্তু লোড কৰিছে, যি পূৰ্বৰ বিত্তীয় বৰ্ষৰ এই একেই সময়চোৱাৰ তুলনাত ১৪.১% বৃদ্ধিক প্ৰতিফলিত কৰে।
চলিত বৰ্ষৰ আগষ্ট মাহত, পূৰ্ব বছৰৰ এই একেই সময়চোৱাৰ তুলনাত কেইবাটাও সামগ্ৰীৰ লোডিঙত উল্লেখযোগ্য বৃদ্ধি পৰিলক্ষিত হৈছে।
চিমেণ্টৰ লোডিং ২৫৮.৮% বৃদ্ধি, কয়লাৰ লোডিং ১২০% বৃদ্ধি, ডোলোমাইটৰ লোডিং ৫% বৃদ্ধি, সাৰৰ লোডিং ৬৮.৮% বৃদ্ধি, কন্টেইনাৰৰ লোডিং ২৩.১% আৰু পিওএলৰ লোডিং ১৮.৬% বৃদ্ধি পাইছে। ইয়াৰ উপৰিও, অন্যান্য খণ্ডত, ষ্টোন ছিপচৰ লোডিং পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ১৬৮.৪% বৃদ্ধি হৈছে।
মালবাহী ৰেলৰ লোডিঙৰ ধাৰাবাহিক বৃদ্ধিয়ে এই অঞ্চলত ক্ৰমবৰ্ধমান অৰ্থনৈতিক কাৰ্যকলাপকে
প্ৰতিফলিত কৰে।
এই ঊৰ্ধ্বগামী প্ৰৱণতাই কেৱল অঞ্চলটোৰ অৰ্থনৈতিক প্ৰেক্ষাপটক শক্তিশালী কৰাই নহয়, উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰাজহৰ ক্ষেত্ৰতো উল্লেখযোগ্যভাৱে অৰিহণা যোগাইছে।
ভৱিষ্যতে, উত্তৰ-পূব সীমান্ত ৰেলৱেই সেৱাৰ নিৰ্ভৰযোগ্যতা আৰু দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে কাৰিকৰী উন্নয়নৰ দিশত
প্ৰতিশ্ৰুতিবদ্ধ, যাতে মালবাহীৰেলৰ পৰিবহণত স্থিৰ বৃদ্ধি নিশ্চিত কৰিব পৰা যায়।
