অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

Spread the love

DD TIMES

নগাঁও, ৯ ছেপ্টেম্বৰঃ মধ্য অসমৰ বাণিজ্য শিক্ষাৰ অন্যতম অনুষ্ঠান নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উৎযাপন কৰা হয়।

ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত “অসম আমাৰ ৰূপহী” শীৰ্ষক গীতেৰে আৰম্ভ হোৱা সভাত আদৰণি ভাষণ আগবাঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মৃগাংক শইকীয়াই ।

তেওঁ ভাষণত ভূপেন হাজৰিকা দেৱৰ জীৱন পৰিক্ৰমাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পাছতে ড° ভূপেন হাজৰিকা দেৱৰ গীতত মানৱীয় মূল্যবোধ আৰু সমাজ চেতনা ওপৰত এক আলোচনা সভা অনুষ্ঠিত হয়।

উক্ত গাম্ভীৰ্যপূৰ্ণ সভাত সমল ব্যক্তি হিচাপে বিশিষ্ট শিল্পী অনুপ বৰুৱা, জনপ্ৰিয় সংগীত শিল্পী ঋতুৰাণী মৌচুমীয়ে উপস্থিত থাকি ড° ভূপেন হাজৰিকা দেৱৰ জীৱন পৰিক্ৰমা আৰু কালজয়ী গীত সমূহ ৰোমন্থন কৰে।

সভাতেই মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰী ইণ্ডোৰৰ বাসিন্দা সুনিতা বুধিয়াক সম্বৰ্ধনা জনোৱা হয়। আলোচনা সভাত মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ- ছাত্ৰীসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!