অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাশিৰোনাম

কলম্বোত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

Spread the love

DD TIMEWS

ভাৰতৰ উচ্চায়োগৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰ(SVCC)-ই কালি বিশেষ কাৰ্যসূচীৰ মাজেৰে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰে। অনুষ্ঠানত শ্ৰীলংকাত থকা ভাৰতৰ উচ্চায়ুক্ত এইচ ই সন্তোষ ঝাই ড০ ভূপেন হাজৰিকাৰ “মানুহে মনুহৰ বাবে” শীৰ্ষক মানৱতাবাদী গীতটিৰ সিংহল আৰু তামিল সংস্কৰণ আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷


সুধাকণ্ঠৰ কালজয়ী গীতটি তামিল ভাষালৈ অনুবাদ কৰে সাহিত্য অকাডেমি প্ৰেমচান্দ বঁটা বিজয়ী তথা প্ৰখ্যাত তামিল লেখক আইয়াথুৰাই সন্থানে৷ আনহাতে, সিংহল সংস্কৰণটিৰ অনুবাদ কৰে প্ৰখ্যাত হিন্দী পণ্ডিত অধ্যাপক উপুল ৰঞ্জিত হেৱাভিটানাগামাগে।


ভিজুৱেল এণ্ড পাৰফৰ্মিং আৰ্টছ বিশ্ববিদ্যালয়ৰ কৰ্ণাটিক সংগীতৰ জ্যেষ্ঠ প্ৰবক্তা ড০ অৰুণান্থী আৰুৰণে তামিল সংস্কৰণটি আৰু আইচিচিআৰৰ প্ৰতিভা সংগম বঁটা বিজয়ী থানুৰা মাধুগীথ দিছানায়াকে সিংহলী সংস্কৰণটি পৰিৱেশন কৰে। এই সমগ্ৰ প্ৰকল্পটো পৰিকল্পনা আৰু পৰিচালনা কৰে SVCC-ৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তই।


অনুষ্ঠানত উচ্চায়ুক্ত ঝাই ভাষণত কয় যে বৈচিত্ৰ্যত ঐক্যৰ দৃষ্টিভংগী আৰু মানুহক একত্ৰিত কৰিব পৰা সংস্কৃতিৰ শক্তিৰ ওপৰত ড০ হাজৰিকাৰ যি বিশ্বাস সেয়া আজিও প্ৰাসংগিক হৈ আছে। তেওঁৰ জীৱনে আমাক শিকাইছে যে শিল্পীসকল কেৱল সৃষ্টিকৰ্তা নহয়, শান্তি আৰু পৰিৱৰ্তনৰ বাৰ্তাবাহকো।


উচ্চায়ুক্তগৰাকীয়ে নৱ প্ৰজন্মক ড০ হাজৰিকাৰ গীত আৰু লেখাসমূহ পুনৰ আৱিষ্কাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে সুধাকণ্ঠৰ মূল্যবোধ, প্ৰেম আৰু সাংস্কৃতিক গৌৰৱক আগুৱাই নিবলৈ আহ্বান জনায়।

আনহাতে, কেৱল ব্যক্তি হিচাপে নহয়, সুধাকণ্ঠই দাঙি ধৰা কালজয়ী আদৰ্শসমূহকো একেলগে উদযাপন কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে৷ এই অনুষ্ঠানত অছিথ আট্টাপাট্টু আৰু জয়ন্তী ৰায়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!