অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কাজিৰঙাৰ জীপচিত লগাব জিপিএছ

Spread the love

DD TIMES kaziranga, ৭ ছেপ্টেম্বৰঃ পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ কাজিৰঙাৰ জীপচিত লগোৱা হব জি পি এছ। হয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়াৰে পৰা পৰ্যটক কঢ়িওৱা জীপচিত লগাব লাগিব জি পি এ৷

ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ লগতে সামগ্ৰিক সুৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ এই কথা সদৰী কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে কাজিৰঙাৰ জীপচিত জি পি এছ সংযুক্ত কৰা সন্দৰ্ভত কয়, “এয়া আইনত আছে ৷

পৰিবহণ বিভাগৰ জৰিয়তে বন বিভাগৰ দ্বাৰা কেৱল কাজিৰঙাই নহয়, সমূহ সংৰক্ষিত এলেকাত চলা বাণিজ্যিক বাহনৰ ক্ষেত্ৰত জি পি এছ সংযুক্ত কৰাৰ ক্ষেত্ৰত এক পৰামৰ্শমূলক নিৰ্দেশনা আছে ৷”

সেয়েহে এইবাৰ কাজিৰঙাৰ জীপছিসমূহৰ গৰাকীক নিজৰ জীপছি বাহনত জি পি এছ লগাবলৈ কোৱা হৈছে বুলি উল্লেখ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে কয়,”ইয়াৰ দ্বাৰা আমি দুই ধৰণে উপকৃত হম ৷

প্ৰথম কথাটোৱেই হ’ল সুৰক্ষা ৷ “বিগত বৰ্ষত দুই এক ঘটনা সংঘটিত হৈছে বুলি উল্লেখ কৰি বনাঞ্চলখনৰ ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে কয়, “পৰ্যটক জীপচিৰ পৰা বাগৰি পৰাৰ দৰে ঘটনা সংঘটিত হৈছে ৷

এতিয়া জীপছিত জি পি এছ সংযুক্ত কৰিলে পৰ্যটকৰ তথা জীপচিৰ সুৰক্ষা বৃদ্ধি কৰিব পৰা হ’ব৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰ্যটন পথসমূহত কেতিয়াবা জীপচিৰ ভিৰ হয়৷

বিশেষকৈ বাঘ চাবলৈ প্ৰায়ে একেলগে জীপচিসমূহ অহাত ট্ৰেফিক জামৰ দৰে অৱস্থা হয়৷ জিপিএছৰ জৰিয়তে এইখিনি অলপ হ’লেও পৰিচালনা কৰাত সুবিধা হ’ব।”

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!