অসমমুখ্যপৃষ্ঠাশিৰোনাম

মহানগৰীৰ চেনিকুঠীস্থ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালকালয়ত সংহত নমুনা জৰীপ প্ৰতিবেদনৰ তথ্যপুথিৰ শুভ উন্মোচন

Spread the love

যোৱা ১৮ আগষ্ট সোমবাৰে মহানগৰীৰ চেনিকুঠীস্থ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালকালয়ৰ সন্মিলন কক্ষত সংহত নমুনা জৰীপ প্ৰতিবেদন, ২০২৩-২৪ শীৰ্ষক তথ্যপুথিখনৰ শুভ উন্মোচন কৰে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ প্ৰাক্তন সঞ্চালক অনিল চন্দ্ৰ দেউৰী আৰু নৱনিযুক্ত সঞ্চালক ডাঃ জয়ন্ত কুমাৰ গোস্বামীয়ে। অনুষ্ঠানটোৰ আঁত ধৰে বিভাগৰ পশুধন উৎপাদন বিষয়া ডাঃ দণ্ডেশ্বৰ ডেকাই। অনুষ্ঠানটোত উদ্বোধকদ্বয়ে কয়, “পশুপালন আৰু পশুচিকিৎসা বিভাগৰ পৰিসংখ্যা শাখাই প্ৰতি বছৰে এই গুৰুত্বপূৰ্ণ নথিখন উলিয়াই ভাৰত চৰকাৰক অত্যন্ত লাগতিয়াল গাখীৰ, কণী আৰু মাংসৰ জৰীপ প্ৰতিবেদন ঐকান্তিক প্ৰচেষ্টাৰে দি আহিছে। বিভাগটোৰ উত্তৰণত কিম্বা পৰিকল্পনা কৰাৰ ক্ষেত্ৰত এই প্ৰতিবেদখনে এক মুখ্য ভূমিকা পালন কৰি আহিছে”। জ্যেষ্ঠ গৱেষণা বিষয়া প্ৰমথেশ ভট্টাচাৰ্যৰ বিশেষ তৎপৰতাত প্ৰকাশ পোৱা পুথিখনে তথ্য আৰু খবৰৰ বাবে বিভাগটোৰ এখন গুৰুত্বপূৰ্ণ হাতপুথি বুলিব পাৰি। অৰ্ধ শতাধিক বিষয়া উপস্থিত থকা অনুষ্ঠানটো সামৰণি পৰে শলাগৰ শৰাই প্ৰদানেৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!