গ্ৰাম্য ভাৰতত লক্ষ্যণীয় হাৰত কমিছে মহিলাৰ উৰ্বৰতাৰ হাৰ!
জনসংখ্যা হ্ৰাসৰ দিশে ভাৰত!
DD TIMES: জনসংখ্যাৰ দিশৰ পৰা চীনক চেৰ পেলাই ভাৰতে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হ’বলৈ লোৱাৰ সময়তে আহিছে এক বিশেষ খবৰ। বগত কিছু বছৰৰ তুলনাত ভাৰতত, বিশেষকৈ গাঁও এলেকাত কমিছে উৰ্বৰতাৰ হাৰ। এক কথাত আগতে গাওঁ এলেকাৰ বহু মহিলাই দুই-তিনিটাকৈ সন্মান জন্ম দিছিল যদিও এতিয়া বহু মহিলাৰ ক্ষেত্ৰতে সেই সংখ্থা এটি সন্তানতে সীমাবদ্ধ হৈ পৰিছে। ফলত গাঁও প্ৰধান ভাৰতত জনসংখ্যা দ্ৰুত গতিত হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে। শেহতীয়া প্ৰতিবেদন অনুসৰি এফআৰ) ২০২৩ চনত মহিলাৰ উৰ্বৰতাৰ হাৰ আছিল ১.৯। ২০২২ চনত সেয়া আছিল ২.১ । কিন্তু এতিয়া দেখা গৈছে যে মহিলাৰ জন্মৰ প্ৰতিস্থাপন স্তৰ প্ৰজনন ক্ষমতাৰ বহু তলত আছে।

শেহতীয়া নমুনা পঞ্জীয়ন ব্যৱস্থা (এছআৰএছ) পৰিসংখ্যা প্ৰতিবেদনত কোৱা হৈছে যে প্ৰতিস্থাপনৰ হাৰ কমি যোৱাটো লক্ষ্যণীয় বিষয়। কাৰণ এই হাৰেই চিহ্নিত কৰে এটা প্ৰজন্মই কিদৰে নিজকে প্ৰতিস্থাপন কৰে, যাৰ ফলত জনসংখ্যাৰ স্থিতিশীলতা ৰক্ষা হয়।প্ৰতিস্থাপনৰ হাৰ ২.১ৰ ওপৰত থাকিলে জনসংখ্যা বৃদ্ধিৰ কথা সূচায়, আৰু সেই স্তৰৰ তলৰ হাৰে জনসংখ্যা হ্ৰাস তথা বয়স বৃদ্ধি পোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ ইংগিত দিয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ টিএফআৰে ২০১৯ চনত প্ৰতিস্থাপনৰ স্তৰ স্পৰ্শ কৰিছিল আৰু ২০২০ চনৰ পৰা ২.০ ত আছিল।টিএফআৰে এগৰাকী মহিলাৰ প্ৰজননক্ষম বয়সত জন্ম হোৱা গড় সন্তানৰ সংখ্যাক প্ৰতিনিধিত্ব কৰে।এছ আৰ এছৰ প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ বাবে গ্ৰছ প্ৰজনন হাৰ (জি আৰ আৰ) ০.৯ বুলি অনুমান কৰা হৈছে, অৰ্থাৎ গড়ে ভাৰতৰ প্ৰতিগৰাকী মহিলাৰ এগৰাকী কন্যা সন্তান আছে , যিয়ে প্ৰজনন বয়সলৈকে জীয়াই থাকে আৰু নিজৰ সন্তান জন্ম দিব পাৰে । গ্ৰাম্য জি আৰ আৰ (১.০) চহৰৰ জি আৰ আৰ (০.৭)তকৈ কিছু বেছি আছিল, যাৰ পৰা অনুমান কৰিব পাৰি যে চহৰ অঞ্চলৰ মহিলাতকৈ গ্ৰাম্য অঞ্চলৰ মহিলাৰ কন্যা সন্তান বেছি।ইপিনে জন্মৰ ক্ষেত্ৰত উত্তৰাখণ্ডৰ লিংগ অনুপাত সৰ্বনিম্ন বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
জি আৰ আৰ হৈছে প্ৰজনন ক্ষমতাৰ এক পৰিশোধিত পৰিমাপ , যিয়ে ভৱিষ্যতৰ মাতৃসকলৰ হিচাপ দিয়ে আৰু ই এটা বছৰৰ বাবে বয়স নিৰ্দিষ্ট প্ৰজনন হাৰ (এ এছ এফ আৰ) অনুসৰি মহিলা সন্তানৰ গড় সংখ্যা জুখিব পাৰে, যদিহে ইয়াত মৃত্যুৰ হাৰ নাথাকে।প্ৰধান ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে জি আৰ আৰ মান দিল্লী, বংগ আৰু টি এনত ০.৬। বিহাৰত ১.৩লৈকে হৈছে ।২০২২ চনত গ্ৰাম্য অঞ্চলৰ বাবে টিএফআৰ আছিল ২.২ আৰু চহৰৰ বাবে ১.৬। ২০২৩ চনৰ বাবে টি এফ আৰৰ দ্বাৰা গ’লে বৰ্তমান গড়ে ১.৫ টি এফ আৰ থকা চহৰীয়া মহিলাতকৈ এগৰাকী গ্ৰাম্য মহিলাৰ প্ৰায় এটা সন্তান বেছি হ’ব।ৰাজ্যসমূহৰ কথা ক’বলৈ গ’লে বৃহৎ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত বিহাৰত সৰ্বাধিক টিএফআৰ আছিল ২.৮, তাৰ পিছতে আছে উত্তৰ প্ৰদেশ (২.৬), এমপি (২.৪) আৰু আৰু ৰাজস্থান (২.৩)।
দিল্লীয়ে সৰ্বনিম্ন টিএফআৰ ১.২ দেখুৱাইছে, তাৰ পিছতে তামিলনাডু আৰু পশ্চিম বংগত এই হাৰ ১.৩কৈ হৈছে।
মহাৰাষ্ট্ৰৰ স্থান ১.৪, আনহাতে অন্ধ্ৰ, জম্মু-কাশ্মীৰ, কৰ্ণাটক, কেৰালা, পঞ্জাৱ আৰু তেলেংগানাৰ টিএফআৰ ১.৫। কেৰেলা আৰু তামিলনাডুৰ বাহিৰে ভাৰতৰ সকলো প্ৰধান ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চহৰ অঞ্চলত টিএফআৰ সাধাৰণতে গ্ৰাম্য অঞ্চলতকৈ কম আছিল।
এছ আৰ এছ ৰিপ’ৰ্টত দেখা গৈছে যে ২০২২ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি ১০০০ জীৱিত জন্মৰ বিপৰীতে ২৬ টা শিশুৰ মৃত্যুৰ হাৰ (আই এম আৰ) এক পইণ্টলৈ হ্ৰাস পাইছে। ডাঙৰ ৰাজ্যসমূহৰ ভিতৰত ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত সৰ্বোচ্চ আইএমআৰ ৩৭টাকৈ আৰু কেৰালাত নূন্যতম পাঁচখন আৰু মণিপুৰত তিনিটা। কিন্তু প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই হ্ৰাসৰ পিছতো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতি ৪০ টা কেঁচুৱাৰ ভিতৰত এজনৰ জীৱনৰ এবছৰৰ ভিতৰত মৃত্যু হয় — গ্ৰাম্য অঞ্চলৰ প্ৰতি ৩৬ টা কেঁচুৱাৰ ভিতৰত এটা আৰু চহৰ অঞ্চলৰ প্ৰতি ৫৬ টা কেঁচুৱাৰ ভিতৰত এজন।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০১৮ চনত আইএমআৰ ৩২ৰ পৰা ২০২৩ চনত ২৫লৈ হ্ৰাস পোৱাটোৱে যোৱা পাঁচ বছৰত সাত পইণ্ট হ্ৰাস আৰু বাৰ্ষিক গড় প্ৰায় ১.৪ পইণ্ট হ্ৰাসৰ সূচনা কৰিছে। গ্ৰাম্য আইএমআৰৰ সংশ্লিষ্ট হ্ৰাস আঠ পইণ্ট (২০১৮ চনত ৩৬ৰ পৰা ২০২৩ চনত ২৮) হোৱাৰ বিপৰীতে নগৰীয়া আইএমআৰৰ পাঁচ পইণ্ট হ্ৰাস (২০১৮ চনত ২৩ৰ পৰা ২০২৩ চনত ১৮)। ২০১৮-২৩ চনৰ ভিতৰত দুয়োটা লিংগৰ আইএমআৰ হ্ৰাস পাইছে। ৫ বছৰৰ তলৰ মৃত্যুৰ হাৰ সন্দৰ্ভত ২০২৩ চনত দেশত এক পইণ্ট হ্ৰাস পাইছে (২০২২ চনত ৩০ৰ বিপৰীতে ২০২৩ চনত ২৯)।
এনেবোৰ তথ্যই দেশত জনসংখ্যা হ্ৰাসৰেই ইংগিত দিয়া বুলি বহুতে ধাৰণা কৰিছে। উৰ্বৰতাৰ হাৰ কমাৰ মুখ্য কাৰণসমূহ বহুতে এনেদৰে বাখ্যা কৰিছে- শিক্ষা আৰু সজাগতা:গ্ৰাম্য অঞ্চলত মহিলাৰ সাক্ষৰতাৰ হাৰ বৃদ্ধি পাইছে, যাৰ ফলত তেওঁলোকে স্বাস্থ্য, গৰ্ভনিৰোধক পদ্ধতি আৰু পৰিয়াল পৰিকল্পনাৰ বিষয়ে অধিক সজাগ হৈছে।
স্বাস্থ্যসেৱাৰ প্ৰসাৰঃ স্বাস্থ্যসেৱাৰ সুবিধা গ্ৰাম্য অঞ্চলত উপলব্ধ হোৱাত মাতৃ আৰু শিশুৰ স্বাস্থ্য উন্নত হৈছে। ইয়াৰ লগতে গৰ্ভনিৰোধক পদ্ধতি ব্যৱহাৰৰ সুযোগো বৃদ্ধি পাইছে।পৰিয়াল পৰিকল্পনা:চৰকাৰৰ জনপ্ৰিয় পৰিয়াল পৰিকল্পনা কাৰ্যসূচীক গ্ৰহণ কৰাৰ বাবে মহিলাৰ সন্তান জন্মৰ সংখ্যা কম হৈছে।সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন:গ্ৰাম্য মহিলাৰ অৰ্থনৈতিক সৱলীকৰণ আৰু সামাজিক স্থিতি উন্নত হোৱাৰ বাবেও উৰ্বৰতাৰ হাৰৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিছে।
নগৰাঞ্চলৰ প্ৰভাৱ:কিছুমান গ্ৰাম্য অঞ্চলৰ মহিলাই নগৰৰ প্ৰভাৱৰ ফলত বা নিজৰ ব্যক্তিগত ইচ্ছাৰ বাবেও কম সন্তান জন্ম দিয়াত বিশ্বাসী হৈছে।এই কাৰণসমূহৰ বাবেই গ্ৰাম্য ভাৰতত মহিলাৰ উৰ্বৰতাৰ হাৰ কমিছে আৰু এই ধাৰা ভৱিষ্যতেও অব্যাহত থকাৰ সম্ভাৱনা আছে।
