অসমঅসমীয়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ভেলেউগুৰিত ‘ৰাধাকৃষ্ণণ শৈক্ষিক গোষ্ঠী’ৰ প্ৰতিষ্ঠা দিৱস

Spread the love

দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান আৰু মুখপত্ৰসহ তিনিখন গ্ৰন্থ উন্মোচন

DD TIMES বঢ়মপুৰ, ৭ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ চামগুৰিৰ শৈক্ষিক তথা সামাজিক সংগঠন “ৰাধাকৃষ্ণণ শৈক্ষিক গোষ্ঠী“ৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগতে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, দাৰ্শনিক, পণ্ডিত ডঃ সর্বপল্লী ৰাধাকৃষ্ণণৰ ১৩৭ সংখ্যক জন্মদিন তথা ‘শিক্ষক দিৱস’ উপলক্ষে ‘ভেলেউগুৰি আঞ্চলিক উচ্চ ইংৰাজী বিদ্যালয়’ত ৫ ছেপ্টেম্বৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰে ৰাধাকৃষ্ণণ শৈক্ষিক গোষ্ঠীৰ সভাপতি মৃদুল কুমাৰ কলিতাই ৷ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বালন আৰু মাল্যাৰ্পণ কৰে ভেলেউগুৰি আঞ্চলিক উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অঞ্জন ভূঞাই ৷ ৰাধাকৃষ্ণণ শৈক্ষিক গোষ্ঠীৰ প্ৰয়াত ব্যক্তি সকলৰ সোঁৱৰণত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধা নিবেদন কৰে ৰাধাকৃষ্ণণ শৈক্ষিক গোষ্ঠীৰ উপদেষ্টা বীৰেন শইকীয়াই ৷

ইয়াৰ পিছতে বিদ্যালয়খনৰ ছাত্র-ছাত্ৰসকলে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ লগতে কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে ‘শিক্ষক দিৱস’ৰ তাৎপৰ্য তথা বিষয়বস্তু সম্পৰ্কত আলোকপাত কৰে। উক্ত অনুষ্ঠানৰ মাজতে পুৰণিগুদাম আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা অঞ্চলটোৰ অন্যান্য বিদ্যালয় প্ৰধান সকলৰ লগতে ভেলেউগুৰি আঞ্চলিক উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অঞ্জন ভূঞাক সম্বৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰ পিছতে অনুষ্ঠিত হয় এখনি মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান৷ ‘ৰাধাকৃষ্ণণ শৈক্ষিক গোষ্ঠী’ৰ সভাপতি মৃদুল কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত বিশিষ্ট অতিথি হিচাপে নগাঁও জিলা সাংস্কৃতিক উন্নয়ন বিষয়া নম্ৰতা বৰা, শিক্ষক তথা কবি সাহিত্যিক নৱজ্যোতি মুদৈ, বিশিষ্ট চিত্ৰ আৰু ভাস্কৰ্য শিল্পী বিপুল বৰা, চামগুৰি মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা দেৱজিৎ বৰা, প্ৰাক্তন অধ্যক্ষ দুৰ্লভ কুমাৰ মহন্ত, জ্যেষ্ঠ সাংবাদিক, কলংপৰীয়া শাখা সাহিত্য সভাৰ যুটীয়া সম্পাদক জয়ন্ত বৰা উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

উক্ত অনুষ্ঠানতে বিশিষ্ট সমাজসেৱক, প্ৰাক্তন প্ৰধান শিক্ষক তথা বাপুজী ভৱন আৰু পুথিভঁৰালৰ সভাপতি আৰু পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পুলিন হাজৰিকাক স্বৰ্গীয় কীৰ্ত্তিকান্ত গোস্বামী সোঁৱৰণী ৰাধাকৃষ্ণণ শৈক্ষিক সন্মান- ২০২৫ বঁটা প্ৰদান কৰাৰ লগতে যুৱ প্ৰজন্মৰ আদৰ্শ সুগায়িকা, সুবাদ্যকাৰ, লোকনৃত্যৰ প্ৰশিক্ষক, সূত্ৰধাৰ, ইউটিউবাৰ, ঘোষক তথা অসম সাহিত্য সভাৰ ২০২৫- ২৭ কাৰ্যবৰ্ষৰ সাংস্কৃতিক উপ সমিতিৰ সদস্য জাগৃত কলিতাক সাংস্কৃতিক শিতানত স্বৰ্গীয় ধনেশ্বৰ ভূঞা সোঁৱৰণী ‘ৰাধাকৃষ্ণণ শৈক্ষিক সন্মান ২০২৫ বঁটা’ প্ৰদান কৰা হয় ৷

উক্ত অনুষ্ঠানতে ৰাধাকৃষ্ণণ শৈক্ষিক গোষ্ঠীৰ মুখপত্ৰ “বৰগছ -অসীম কথাৰ অপৰিসীম যাত্ৰা“ উন্মোচন কৰে চামগুৰি মহাবিদ্যালয়ৰ প্ৰবক্তা দেৱজিৎ বৰাই, লেখিকা সংগীতা গায়ন বৰাৰ কাব্যগ্ৰন্থ “স্মৃতিৰ মহাসিন্ধু“ উন্মোচন কৰে প্ৰাক্তন অধ্যক্ষ দুৰ্লভ মহন্তই আৰু বৰ্ণালী বৰাৰ গ্ৰন্থ “দয়াল পৰীৰ সাধু“ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা “দৈনন্দিন বাৰ্তা” কাকতৰ সাংবাদিক জয়ন্ত বৰাই ৷

“ৰাধাকৃষ্ণণ শৈক্ষিক গোষ্ঠী”ৰ সঞ্চালক প্ৰণয় প্ৰতীম ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা উক্ত অনুষ্ঠানতে বৰগীত, সত্ৰীয়া নৃত্য, দিহানাম পৰিবেশন কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে।

জয়ন্ত বৰা, বঢ়মপুৰ
ফোন- ৯৯৫৭০১২৫১০
COR666

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!