ৰাজেন বৰঠাকুৰ সোঁৱৰণি ফুটবলত তেলেৰীয়া এফ চিৰ খিটাপ
DD TIMES তেজপুৰ, ৭ ছেপ্টেম্বৰঃ তেজপুৰৰ তেলেৰীয়াৰ খেলপথাৰত তেলেৰীয়া ক্ৰীড়াসন্হাৰ উদ্যোগত শনিবাৰে আয়োজিত চতুৰ্থবাৰ্ষিক ৰাজেনবৰঠাকুৰ স্মৃতিত ফুটবল প্ৰতিযোগিতাত তেলেৰীয়া ফুটবল ক্লাৱে ২-০ গ’লৰ ব্যৱধানত লখৰা ৰাইনো ক্লাবক পৰাজিত কৰি খিতাপ অৰ্জন কৰে৷ তুমুল প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলখনৰ প্ৰথমাৰ্ধ গ’ল শূন্যভাৱে সমাপ্ত হৈছিল৷

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ দীপাংকৰ কোৱঁৰ আৰু শ্ৰেষ্ঠ গ’লৰক্ষকৰ বঁটা লাভ কৰে আকাশ দেউৰীয়ে৷
ফুটবল প্ৰতিযোগিতাখনত মুখ্য মুখ্যঅতিথি হিচাপ বিধায়ক পৃথ্বীৰাজৰাভাৰ উপৰি অসম ফুটবল সন্হাৰ উপসভাপতি জীতেন বৰঠাকুৰসহ ভালেকেজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷