মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত কাকৰিকটাত মাশ্বৰোম খেতিৰ প্ৰশিক্ষণ
কাঠফুলা নৱ প্ৰজন্মৰ আদৰ্শ কৃষি আৰু স্বাৱলম্বনৰ পথঃ মাধুৰিমা দত্ত
বৈজ্ঞানিক পদ্ধতিৰে মাশ্বৰোমৰ খেতি কৰিবলৈ আহ্বান
DD TIMES মাজুলী, ৭ ছেপ্টেম্বৰঃ ” কাঠফুলা নৱ প্ৰজন্মৰ এক আদৰ্শ কৃষি। অতি কম সময়ত, কম ঠাইতেই উচ্চ প্ৰটীণৰ উৎস ওৱেষ্টাৰ মাশ্বৰোম অথাৎ কাঠফুলা খেতি কৰি স্বাৱলম্বী হ’ব পাৰে।

কাঠফুলাক বৈজ্ঞানিক পদ্ধতিৰে উৎপাদন আৰু পেকেজিং কৰি অতি সহজে বজাৰ দখল কৰিব পাৰি, সেয়ে নৱ প্ৰজন্মৰ যুৱক- যুৱতীসকল কাঠফুলা খেতি কৰিবলৈ আগবাঢ়ি আহক “- এই আহ্বান যোৰহাটৰ বিশিষ্ট কাঠফুলা খেতিয়ক মাধুৰীমা দত্তৰ৷
নামনি মাজুলীৰ কাকৰিকটাত অনুষ্ঠিত হোৱা কাঠফুলা খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰি অভিজ্ঞ কাঠফুলা উৎপাদনকাৰী মাধুৰীমা দত্তই কেনেকৈ কাঠফুলা খেতি কৰিব, কেনেকৈ উচ্চ উৎপাদনক্ষম বীজ চিনাক্ত কৰিব, কাঠফুলাৰ পেকেজিং আৰু বজাৰ দখলৰ মূল্যায়ন কেনেকৈ কৰিব সেই সন্দৰ্ভত প্ৰশিক্ষাৰ্থীসকলক তন্ন তন্নকৈ বুজাই দিয়ে।

তেওঁ, উক্ত প্ৰশিক্ষণথলীতে কাঠফুলা পেকেজিঙৰ বৈজ্ঞানিক ৰীতি-নীতিসমূহ ব্যাখ্যা কৰে আৰু পেকেজিং কৰি দেখুৱাই দিয়ে।
মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত, মাজুলী উন্নয়ন খণ্ডৰ “আতমা”ৰ সহযোগত আজি নামনি মাজুলীৰ কাকৰিকটাত নৱ প্ৰজন্মৰ কৃষকসকলৰ মাজত মাশ্বৰোম অথাৎ কাঠফুলা খেতিৰ ওপৰত এক উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়।

নামনি মাজুলীৰ কাকৰিকটাৰ উদীয়মান মাশ্বৰোম খেতিয়ক মনোজ দাসৰ কাঠফুলা ফাৰ্মত অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণ কাৰ্যসূচী আজি আঁত ধৰে আতমা’ৰ কৰ্মচাৰী প্ৰাণজিত ভূঞাই।
প্ৰশিক্ষণ কাৰ্যসূচীত কমালাবাৰী কৃষি উন্নয়ন বিষয়া পংকজ পুৰাণে মাশ্বৰুমৰ গুণাগুণ, উচ্চ প্ৰটিনৰ উৎস ওৱেষ্টাৰ মাশ্বৰুম কৰিবলৈ কৃষকসকলক আহ্বান জনায়।
প্ৰশিক্ষণত সমল ব্যক্তি যোৰহাট কেন্দুগুৰিৰ মাধুৰীমা দত্তই মাশ্বৰুমৰ খেতি কৰা বিভিন্ন প্ৰণালী, কাঠফুলাৰ গুণাগুণ ব্যাখ্যা কৰে। তেওঁ সমগ্ৰ অসমত ৩০০০ হেজাৰ মাশ্বৰোম কৃষকে বজাৰ দখল কৰি আছে বুলি উল্লেখ কৰে আৰু মাজুলীৰ কৃষকসকলে মাশ্বৰোমৰ বজাৰ নাপালে তেওঁ ক্ৰয় কৰিব বুলি উল্লেখ কৰে।
বিশিষ্ট মাশ্বৰোম উৎপাদনকাৰী মাধুৰীমা দত্তই নিজেই মাশ্বৰোমৰ পৰা বিস্কুট, আচাৰ,কেক আদিও প্ৰস্তুত কৰি আছে বুলি প্ৰশিক্ষণত প্ৰকাশ কৰে।
প্ৰশিক্ষণত মুখ্য অতিথি হিচাপে মাজুলী জিলা কৃষি বিষয়া নাছেৰ ইকবাল ৰেজাই মাশ্বৰোম খেতিয়কৰ বাবে থকা চৰকাৰী সাহায্য সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় আৰু মাশ্বৰোম খেতিৰ মূল্য সংযোজন, মাশ্বৰোমৰ সংৰক্ষণ আৰু বজাৰ দখলৰ বিভিন্ন কৌশলসমূহ ব্যাখ্যা কৰে।
নামনি মাজুলীৰ ৪০গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলৰ লগত সমল ব্যক্তি মাধুৰীমা দত্তই মত বিনিময়ও কৰে। অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠন আয়াং ট্ৰাষ্টৰ কৰ্মচাৰীয়েও অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ শলাগ জ্ঞাপন কৰে মাশ্বৰোম কৃষক মনোজ দাসে।