তিতাবৰৰ ইকৰাণীত ‘এন আৰ ট্ৰাষ্ট’ৰ শিক্ষক দিৱস উদযাপন
শিক্ষাগুৰু দিব্য বৰুৱা, প্ৰিয়ৰাম খাটনিয়াৰ, চম্পক কুমাৰ কটকী, অপূৰ্ব শইকীয়া, গীতামণি ফুকন আৰু হেমেন শইকীয়াক ‘বিশেষ শিক্ষক সম্বৰ্ধনা’ৰে বঁটা প্ৰদান
তিতাবৰ, ৬ ছেপ্টেম্বৰঃ তিতাবৰ জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত তিতাবৰ সমজিলাৰ ইকৰাণী কৃষি প্ৰধান কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়।

ইকৰাণী কৃষি প্ৰধান কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি হলিৰাম বৰাৰ সভাপতিত্বত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ গুৰু বন্দনা আৰু সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে তিতাবৰৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰৰ অন্যতম হিতৈষী আৰু তিতাবৰ প্ৰাথমিক শিক্ষা খণ্ডৰ মণ্ডল সমন্বয়ক তথা তিতাবৰ জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰাণজিৎ বৰকাকতিয়ে।
উল্লেখ্য যে, তিতাবৰৰ বৰহোলাৰ বেতনি গাঁৱৰ বিশিষ্ট সমাজকৰ্মী নিৰেন সোণোৱালৰ সহধৰ্মিনী তথা উজনি অসমৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুস্থান লিডু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা অয়লাসী ৰুবী সোনোৱালে ‘এন আৰ ট্ৰাষ্ট’ গঠন কৰি নিঃস্ব জনসাধাৰণৰ কল্যাণৰ বাবে কৰ্ম আঁচনি ৰূপায়ন কৰিছিল যদিও দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু হোৱাৰ পাছত প্ৰয়াত অয়লাসী ৰুবী সোনোৱালৰ জনমুখী যাত্ৰাক অব্যাহত ৰাখিবৰ বাবে ট্ৰাষ্টৰ পৰিয়ালবৰ্গই তিতাবৰ জিলা কৰ্মচাৰী পৰিষদৰ জৰিয়তে ২০২৩ বৰ্ষৰ পৰা শিক্ষক দিৱসত ‘বিশেষ কৃতী শিক্ষক সম্বৰ্ধনা’সহ বঁটা প্ৰদান কৰি আহিছে।

বিগত দুটা বৰ্ষৰ দৰেই এইবাৰো তিতাবৰ সমজিলাৰ বিভিন্ন স্থানৰ মুঠ ছয়গৰাকী শিক্ষাগুৰু যথাক্ৰমে শ্ৰীশ্ৰী কমলাবাৰী সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু চম্পক কুমাৰ কটকী, পশ্চিম তিতাবৰৰ নামচুঙীৰ অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু তথা সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক সদস্য অপূৰ্ব শইকীয়া, পদ্মৰাম শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু প্ৰিয়ৰাম খাটনিয়াৰ, বচা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু গীতামণি ফুকন আৰু ইকৰাণী কৃষি প্ৰধান কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু হেমেন শইকীয়াক ‘এন আৰ ট্ৰাষ্ট’ৰ তৰফৰ পৰা অসমীয়াৰ স্বাভিমান ফুলাম গামোচা, সঁফুৰাসহ প্ৰশস্তি পত্ৰৰে অধ্যাপিকা প্ৰয়াত ৰুবী সোনোৱাল সোঁৱৰণী ‘বিশেষ শিক্ষক সম্বৰ্ধনা’ৰে ৬৪ সংখ্যক শিক্ষক দিৱসৰ বঁটা প্ৰদান কৰাৰ উপৰিও কেইবাগৰাকীও জ্যেষ্ঠ শিক্ষাগুৰুক আনুষ্ঠানিক ভাৱে শিক্ষক দিৱসৰ সেৱা আৰু সম্বৰ্দ্ধনা জনায়।
‘এন আৰ ট্ৰাষ্ট’ৰ সঞ্চালক নিৰেন সোনোৱালে আঁত ধৰা আৰু ট্ৰাষ্টৰ শৈক্ষিক সমন্বয়ক যামিনী মোহন বৰুৱাই ট্ৰাষ্টৰ দ্বাৰা শিক্ষক দিৱসত সম্বৰ্ধনাসহ বঁটা প্ৰৱৰ্তন সন্দৰ্ভত ব্যাখ্যা আগবঢ়োৱা সভাত তিতাবৰ জিলা কৰ্মচাৰী পৰিষদৰ ক্ৰমে প্ৰাক্তন সভাপতি কেশৱ মহন্ত, উপ-সভাপতি সঞ্জীৱ গগৈ, বৰহোলা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চেনিৰাম গগৈ, অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিমান শইকীয়াই বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰাৰ উপৰিও সম্বৰ্ধিত শিক্ষাগুৰুসকলে বঁটা গ্ৰহণ কৰি অনুভৱ ব্যক্ত কৰা সভাত ‘এন আৰ ট্ৰাষ্ট’ৰ অভিভাৱক – অৱসৰী শিক্ষয়িত্ৰী হিৰণ্য পূজাৰী, শিশুবন্ধু বিনু গগৈ, আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্যা ননী দুৱৰা, সমাজকৰ্মী ডম্বৰু সোনোৱাল, মণ্ডল সমল সমন্বয়ক দিপাংকৰ শইকীয়া, ৰাজা শইকীয়া, জ্ঞানদীপ দত্ত, শচীন্দ্ৰ বৰা, শিক্ষক মনোৰঞ্জন শইকীয়া, দীপক বৰা, নিজৰা হাজৰিকা, ভবেন সোনোৱাল আদিৰ লগতে ‘এন আৰ ট্ৰাষ্ট”ৰ অধ্যক্ষা মৰমী কছাৰী, ব্যৱস্থাপকমণ্ডলী ক্ৰমে পদ্ম সোনোৱাল, বকুল শইকীয়া, হীৰেণ কছাৰী আদি বিভিন্ন প্ৰান্তৰ বহুসংখ্যক শিক্ষানুৰাগী ৰাইজ উপস্থিত থাকে।
এগৰাকী জনহিতৈষী প্ৰয়াত অধ্যাপিকা অয়লাসী ৰুবী সোনোৱালৰ স্মৃতিত তেওঁৰ স্বামী তথা সমাজকৰ্মী নিৰেন সোনোৱালৰ দৰে মানৱদৰদী ব্যক্তিয়ে ‘এন আৰ ট্ৰাষ্ট’ৰ জৰিয়তে শিক্ষাগুৰুসকলৰ প্ৰতি ভক্তিপূৰ্ণ সেৱা আৰু সম্বৰ্দ্ধনা জ্ঞাপনৰ দৰে ব্যৱস্থাক দৈনন্দিন বাৰ্তাৰ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাৰ উপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শলাগ আৰু আদৰণি জনায়।