অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

কানাডাৰ এলবাৰ্টা চলচ্চিত্র মহোৎসৱত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অৱ ইণ্ডিয়াছ নর্থ ইষ্ট চিনেমা’ উন্মোচন

Spread the love

DD TIMES নগাঁও,৫ ছেপ্টেম্বৰ: কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত ইণ্ডিয়া ফিল্ম ফেস্টিভেল অৱ এলবাৰ্টাত বিশিষ্ট তথ্যচিত্ৰ পৰিচালক পার্থজিৎ বৰুৱাৰ গ্রন্থ ‘এ হিষ্ট্ৰী অৱ ইণ্ডিয়াছ নর্থ ইষ্ট চিনেমা’ উন্মোচন কৰা হয়।

এডমন্টন চহৰৰ চিটাডেল থিয়েটাৰত কালি সন্ধিয়া লিখক পাৰ্থজিৎ বৰুৱাৰ গ্রন্থখন যুটিয়া ভাবে উন্মোচন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্র অভিনেতা আদিল হুছেইন আৰু চলচ্চিত্ৰ পৰিচালক ৰিমা দাসে। আমেৰিকাৰ ব্লুমছ বেৰী একাডেমীকে গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে।

গ্রন্থখন উন্মোচন কৰি অভিনেতা আদিল হুছেইনে কয়, “পার্থজিৎ বৰুৱাৰ কষ্ট আৰু ত্যাগক আমি শলাগ লৈছো আৰু এই গ্রন্থখনে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ চিনেমাৰ বিষয়ে পুংখানুপুংখভাবে আলোচনা কৰিছে। এই গ্রন্থখন ভাৰতীয় চিনেমা ইতিহাসৰ এক নতুন সংযোজন।”

গ্রন্থখন উন্মোচন কৰি চলচ্চিত্ৰ পৰিচালক ৰিমা দাসে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উত্তৰ-পূৰ্বাঞ্চল চিনেমাৰ বিষয়ে এই গ্ৰন্থখনৰ জৰিয়তে জানিব পাৰিব বুলি মন্তব্য কৰে।

উল্লেখ্য, ভাৰতবৰ্ষৰ ভৌগলিক চাৰিসীমাৰ বাহিৰত চিনেমা বিষয়ক গ্রন্থ উন্মোচন হোৱা এইখনেই উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন গ্রন্থ বুলি জানিব পৰা গৈছে।

গ্রন্থ উন্মোচনী অনুষ্ঠানত গ্ৰন্থখনৰ লিখক পার্থজিৎ বৰুৱাই কয়, “কানাডাৰ এলবাৰ্টা চলচ্চিত্র মহোৎসৱত মোৰ গ্ৰন্থখন উন্মোচন কৰিবলৈ পাই মই অত্যন্ত সুখী আৰু আৱেগিক হৈ পৰিছো।

বিদেশৰ ভূমিত মোৰ গ্ৰন্থখন এনেদৰে উন্মোচন হোৱাটো মোৰ সপোনৰো অতীত। মই আশা কৰো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ চিনেমাৰ বিষয়ে বিস্তৃত ভাবে জানিবলৈ এই গ্রন্থখনে সহায় কৰিব।”

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!