NEW BOOKS: পৰেশ দাস আৰু চিমি বৰাৰ গ্ৰন্থ ‘অন্বেষণঃ অসমীয়া সাহিত্য-সংস্কৃতি’ উন্মোচন
পৰেশ দাস আৰু চিমি বৰাৰ গ্ৰন্থ ‘অন্বেষণঃ অসমীয়া সাহিত্য-সংস্কৃতি’ উন্মোচন
সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা পৰেশ দাসক বিশেষ সম্বৰ্ধনা

DD TIMES ঢকুৱাখনা, ২ জুলাইঃ অসমৰ সাহিত্য-সংস্কৃতিৰ এটুকুৰা উৰ্বৰ ভূমিৰূপে প্ৰখ্যাত ঢকুৱাখনাৰ পুঠিমাৰী কেলকেলি অঞ্চলৰ ১নং কেলকেলি মজলীয়া বিদ্যালয়ত ১ জুলাইত পৰেশ দাস আৰু চিমি বৰাৰ সম্পাদনাত প্ৰকাশ পোৱা গৱেষণামূলক গ্ৰন্থ ‘অন্বেষণঃ অসমীয়া সাহিত্য-সংস্কৃতি’ উন্মোচন কৰা হয়।
গুৱাহাটীৰ পানবজাৰৰ বি,ডি,প্ৰকাশে প্ৰকাশ কৰি উলিওৱা-২৭১ পৃষ্ঠাৰ বৃহৎ কলেবৰৰ গ্ৰন্থখন উন্মোচন কৰে লেখক, সাংবাদিক তথা চুতীয়া সাহিত্য সন্মিলন, অসমৰ আহ্বায়ক সমিতিৰ সভাপতি ৰাজীৱ বৰুৱাই।
পুঠিমাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী নৱজ্যোতি দাসৰ সঞ্চালনাত আয়োজিত গ্ৰন্থ উন্মোচনী সভাখনত অতিথিৰূপে উপস্থিত থাকি অনাতাঁৰ শিল্পী, লেখক কমল দাস, সমাজকৰ্মী পৰেশ দাস, শিক্ষাবিদ ক্ৰমে- পিতাম্বৰ দাস, কমলাকান্ত দাস, প্ৰশান্ত ভঁৰালী আৰু সাংবাদিক,লেখক ঘনলোচন দলেয়ে নিজৰ বক্তব্য আগবঢ়াই নতুন গ্ৰন্থখনৰ সন্দৰ্ভত।
উল্লেখ্য যে পুঠিমাৰী অঞ্চলৰ তেনেই আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ সন্তান পৰেশ দাসে শেহতীয়াকৈ নলবাৰীৰ কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ অধীনত ড° দিপশিখা গগৈৰ তত্বাৱধানত ‘ড° চন্দ্ৰধৰ চমুৱাৰ নাটকঃ এক বিশ্লেষণাত্মক অধ্যয়ন’ বিষয়ত গৱেষণা কৰি সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰাত তেওঁক
আজি গাঁওখনৰ বিভিন্নজনলোকে এই সভাতেই অভিনন্দন জনাই মৰম যাঁচে।
উন্মোচন কৰা ‘অন্বেষণঃ অসমীয়া সাহিত্য-সংস্কৃতি’ শীৰ্ষক এই গ্ৰন্থখনত অসমৰ বিভিন্ন প্ৰান্তৰ ২৭জনকৈ লেখক-গৱেষকৰ চিন্তাকৰ্ষক লেখনি সন্নিবিষ্ট হৈছে।

