অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Gopal Das Birth Centenary: গুৱাহাটীত বিপ্লৱীসত্তা গোপাল দাস জন্ম শতবার্ষিকী উদযাপন

Spread the love

গুৱাহাটীত বিপ্লৱীসত্তা গোপাল দাস জন্ম শতবার্ষিকী উদযাপন

গীতিকাৰ-সুৰকাৰ ৰেণু দত্ত বৰফুকনলৈ বিপ্লৱীসত্তা গোপাল দাস স্মাৰক বঁটা প্ৰদান

ধীৰেন শৰ্মা, কীৰ্তিকমল ভূঞা, পুতলী কায়স্থ আৰু ড° সীমা কাশ্যপলৈ বিপ্লৱীসত্তা গোপাল দাস বিশেষ সম্মান

DD TIMES গুৱাহাটী, ২৬ জুনঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগ্ৰামী জীৱনৰ সতীৰ্থ, বিপ্লৱী সত্তা গোপাল দাসৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানটো ২৪ জুনত দিনজোৰা কাৰ্যসূচীৰে ‘বিপ্লৱী সত্তা গোপাল দাস স্মৃতি ৰক্ষা সমিতি’ৰ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত অসম সাহিত্য সভাৰ সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদনত কৰা হয়।

কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা বিপ্লৱীসত্তা গোপাল দাস, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে গোপাল দাসৰ পুত্ৰ অপুৰ্ব দাস আৰু সদৌ অসম মুক্তি যুজাৰু সন্মিলনৰ সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰ শৰ্মাই অসম সাহিত্য সভাৰ প্রাক্তন ধনভঁৰালী মিহিৰ কুমাৰ বৰুৱাৰ সঞ্চালনাত আমন্ত্ৰিত কবিসকলৰ দ্বাৰা এক আকৰ্ষণীয় কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত আত ধৰে কবি সাহিত্যিক..তথা গোপাল দাস স্মৃতিৰক্ষা সমিতিৰ সম্পাদক অনিল কুমাৰ ডেকাই স্মাৰক বক্তিতা আৰু স্মাৰক বটাঁ আত ধৰে৷

বিয়লি ৩ বজাৰ পৰা আৰম্ভ হোৱা মূল সভাত বিপ্লৱীসত্তা গোপাল দাসৰ স্মৃতিত স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাহিত্যিক পৰমানন্দ মজুমদাৰে। স্মাৰক বক্তা মজুমদাৰে নিজৰ ভাষণত উল্লেখ কৰে যে গোপাল দাস আছিল প্ৰাক্-স্বাধীনতা আৰু স্বাধীনোত্তৰ কালৰ অসম বুৰঞ্জীৰ এক বিপ্লৱ অধ্যায়ৰ অন্যতম বাৰ্তাবাহক। লগতে তেওঁ কয়-গোপাল দাসে নিপীড়িত আৰু বঞ্চিত মানুহৰ মুক্তিৰ স্বপ্ন দেখিছিল।

তেওঁ সমাজৰ বিভিন্ন প্ৰান্তত ঘূৰি সাধাৰণ মানুহৰ দুখৰ সমভাগী হৈছিল আৰু শোষণ-লাঞ্ছনাৰ বিৰুদ্ধে প্ৰতিবাদৰ ধুমুহাৰ সৃষ্টি কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ এই গৰাকী সতীৰ্থই ‘বিপ্লৱী কমিউনিষ্ট পাৰ্টি’ (RCPI), ‘নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন’ (AISF), ‘ৰিভলিউশ্যনেৰী ছ’চিয়েলিষ্ট পাৰ্টি’ (RSP) আৰু ‘অসম প্ৰাদেশিক ছাত্ৰ ফেডাৰেচন’ৰ সক্ৰিয় সদস্য হিচাপে কাম কৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ বিভিন্ন কৃষক সংগঠনৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত হৈ সমাজ পৰিৱৰ্তনৰ কামত ব্ৰতী হৈছিল বুলি উল্লেখ কৰে। অনুষ্ঠানৰ মাজতে বৈশালী কাশ্যপে বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীত পৰিবেশন কৰে।

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উপ-সভানেত্ৰী ড° জুৰি শৰ্মা বৰদলৈয়ে এক মন্তব্যত সমাজৰ প্ৰতিজন দায়িত্বশীল ব্যক্তিক গোপাল দাসৰ দৰে বিপ্লৱী সত্তাক জীয়াই ৰাখিবলৈ সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। কামৰূপ মহানগৰ জিলাৰ সভাপতি প্ৰফুল্ল বৰ্মন উপস্থিত থকা অনুষ্ঠানটোত বিপ্লৱীসত্তা গোপাল দাস স্মাৰক বঁটা প্ৰদান কৰা হয় অসমৰ প্রথমগৰাকী মহিলা আৰক্ষী বিষয়া তথা ভ্রাম্যমাণ থিয়েটাৰৰ নেপথ্য কণ্ঠশিল্পী, গীতিকাৰ-সুৰকাৰ ৰেণু দত্ত বৰফুকনলৈ।

লগতে ৰাজ্যখনৰ আন চাৰিগৰাকী বিশিষ্ট ব্যক্তি লেখক-সাহিত্যিক ধীৰেন শৰ্মা, গীতিকাৰ কীৰ্তিকমল ভূঞা, বিশিষ্ট লেখিকা পুতলী কায়স্থ, আৰোহণৰ স্বত্বাধিকাৰী ড° সীমা কাশ্যপলৈ বিপ্লৱীসত্তা গোপাল দাস বিশেষ সন্মান প্রদান কৰা হয় অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মা, এন এল পাব্লিকেশনৰ স্বত্বাধিকাৰ অলক অধিকাৰী, গোপাল দাস স্মৃতি ৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি কমল চন্দ্ৰ লহকৰ অপুৰ্ব দাস মুখ্য ব্যৱস্থাপক বাবুল ৰাজবংশী, বিশিষ্ট চিত্ৰশিল্পী ধনঞ্জয় শৰ্মা, বিতুমণি গোস্বামী অঞ্জনা গগৈ, শুভ্ৰজ্যোতি সৰকাৰ আৰু সন্ধিয়া ৰুমী ভুঞাৰ পৰিচালনাত যৌথ মঞ্চৰ। শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!