NEW SONG: অসমীয়া সংগীত জগতক বহু কালজয়ী গীতেৰে সমৃদ্ধ কৰি গ’ল প্ৰখ্যাত কণ্ঠশিল্পী সুমন কল্যানপুৰে
জীৱন ঘড়ীৰ প্ৰতিটো পল, যেন গলি গলি গ’ল…
জীৱন নাট সামৰিলে জনপ্ৰিয় গায়িকা সুমন কল্যাণপুৰে
বহু কালজয়ী গীতেৰে সমৃদ্ধ কৰি থৈ গল অসমীয়া সংগীত জগতকো

DD TIMES গুৱাহাটী, ১ জুনঃ জীৱন নাট সামৰিলে প্ৰসিদ্ধ গায়িকা সুমন কল্যাণপুৰে। দেওবাৰে (৩১মে’, ২০২৬) নিশা মুম্বাইৰ নিজা বাসগৃহত ভাৰতীয় সংগীত ক্ষেত্ৰখনৰ এক উজ্জ্বল তাৰকা, পদ্মভূষণ সন্মানেৰে বিভূষিত কণ্ঠশিল্পীগৰাকীৰ ৮৯ বছৰ বয়সত দেহাৱসান ঘটে।
সোমবাৰে মুম্বাইৰ ছান্টাক্ৰুজ (পৱন হান্স) শ্মশানত জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ অন্তেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। বহু সংখ্যক জনপ্ৰিয় হিন্দী গীতত কণ্ঠদান কৰাৰ উপৰি বিভিন্ন আঞ্চলিক ভাষাৰ গীত পৰিৱেশন কৰা সুমন কল্যাণপুৰে তেওঁৰ সুললিত কণ্ঠেৰে ভালেসংখ্যক অসমীয়া গীতকো যুগমীয়া কৰি থৈ গ’ল।
মিলনৰ এই শুভক্ষণ, জীৱন ঘড়ীৰ প্ৰতিটো পল, অই অই আকাশ চুব, ফুল ভৰা ফুলনিত আদি তেওঁৰ কণ্ঠৰ প্ৰতিটো গানেই আজিও শ্ৰোতাৰ মন পুলকিত কৰে।

সুমন কল্যাণপুৰৰ জন্ম হৈছিল ১৯৩৭ চনত ব্ৰিটিছ শাসিত ভাৰতৰ ঢাকাত। তেওঁৰ পিতৃ শংকৰ ৰাও হেম্মাদীয়ে ভাৰতীয় কেন্দ্ৰীয় বেংকত উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল আৰু দীৰ্ঘদিন ধৰি ঢাকাত আছিল। ১৯৪৩ চনত তেওঁৰ পৰিয়াল মুম্বাইলৈ গুচি আহে আৰু তাতেই সুমন কল্যাণপুৰে সংগীতৰ প্ৰশিক্ষণ লয়। সংগীত যাত্ৰাত তেওঁ ১৯৫০ চনৰ পৰা প্ৰায় ১৯৮০ চনলৈকে ভাৰতীয় বেছিভাগ শীৰ্ষস্থানীয় সংগীত পৰিচালকৰ বাবে গীত গাইছিল। হিন্দী, মাৰাঠী, গুজৰাটী, বাংলা, ভোজপুৰী আৰু কেবাটাও ভাৰতীয় ভাষাত তেওঁ চহকী সংগীতৰ চানেকি এৰি থৈ গৈছে।
সুমন কল্যাণপুৰে কণ্ঠদান কৰা ‘আজ কাল তেৰে মেৰে প্যাৰ কে চৰ্চে” আৰু ‘না না কৰকে প্যাৰ তুমহি ছে’ আদি কালজয়ী গীত আজিও মানুহৰ মুখে মুখে গুঞ্জৰিত হয়। উল্লেখযোগ্য যে তেওঁৰ কণ্ঠক প্ৰায়ে লতা মংগেশকাৰৰ কণ্ঠ বুলি বহুতে ভুল কৰিছিল। কিয়নো সুমন কল্যাণপুৰৰ কণ্ঠ লতা মংগেশকাৰৰ কণ্ঠৰ লগত বহু সাদৃশ্য আছিল। ২০২৩ চনত ভাৰত চৰকাৰে সুমন কল্যাণপুৰক পদ্মভূষণেৰে সন্মানিত কৰিছিল।

উল্লেখ্য, অসমীয়া সংগীত জগতক শিল্পীগৰাকীয়ে তেওঁৰ কণ্ঠৰে ধন্য কৰি থৈ গৈছে। ৰেডিঅ’টো পকাই দিলেই ভাঁহি অহা সুমন কল্যাণপুৰৰ কণ্ঠই আজিও অসমীয়াৰ প্ৰাণে প্ৰাণে আলোড়নৰ সৃষ্টি কৰে । ১৯৬৪ চনত মুক্তি পোৱা অসমীয়া চলচ্চিত্ৰ ‘প্ৰতিধ্বনি’ ত ‘অয় অয় আকাশ শুব’ গীতটিত কণ্ঠদানেৰে অসমীয়া সংগীত জগত প্ৰৱেশ কৰিছিল সুমন কল্যাণপুৰে ৷ সংগীত সূৰ্য ডঃ ভূপেন হাজৰিকাৰ কথা, সুৰেৰে এই গীতটোৱে খুবেই জনপ্ৰিয়তা লাভ কৰিছিল ৷ তাৰ পিছত অসমীয়া ইটোৰ পিছত সিটো গীতত কণ্ঠদান কৰিছিল সুমন কল্যাণপুৰে।
১৯৬৯ চনত মুক্তি পোৱা ‘ অসমীয়া ছবি ‘চিকমিক বিজুলী’ত ভূপেন হাজৰিকাৰ কথা, সুৰ, সংগীত পৰিচালনাৰে ‘মিলনৰ এই শুভক্ষণ’ গীতটিক ভূপেন-সুমনৰ যুটিক শ্ৰোতা ৰাইজে আদৰি লৈছিল । তাৰ পিছত জিতু -তপনৰ সংগীত পৰিচালনাত ১৯৭৫ চনত মুক্তি লাভ কৰা ‘কাঁচঘৰ’ নামৰ অসমীয়া ছবিখনত সংগীত সূৰ্য ভূপেন হাজৰিকাৰ গীতৰ কথাৰে সুমন কল্যাণপুৰে গোৱা ‘জীৱন ঘড়ীৰ প্ৰতিটো পল’ আধুনিক অসমীয়া সংগীতৰে এক আপুৰুগীয়া সৃষ্টি ।
একেদৰে কুমাৰ-ৰঞ্জনৰ সংগীত পৰিচালনাত ‘পোনাকণ’ ছবিত ‘ফুল ভৰা ফুলনিত কি যে মিঠা হাঁহি’ আৰু “আকাশৰে নীলাই পৃথিৱী সাবটে’ গীতেৰে অসমীয়া সংগীত জগতত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ ৷ সুমন কল্যানপুৰে পৰৱৰ্তী সময়ত কণ্ঠ নিগৰোৱা এটি গান আছিল’অ’ নয়নমণি’ ৷ কিন্তু সময় যিমানে বাগৰিল সিমানে অসমীয়া সংগীত জগতৰ পৰা ক্ৰমান্বয়ে যেন আঁতৰি পৰিল সুমন কল্যাণপুৰ।
আজি শিল্পী গৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে আৰু তেওঁৰ পৰিয়াল, গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে সুমন কল্যাণপুৰে মাৰাঠী, হিন্দী আৰু আন বহু ভাষাৰ হাজাৰ হাজাৰ গীতক অমৰ কৰি গৈছে।
তেওঁৰ বিশেষভাৱে উল্লেখনীয় মাৰাঠী গীতসমূহৰ ভিতৰত আছিল “কেতাকিচ্য বানি তশেশ”, “সংগ কাধি কলনাৰ তুলা” আৰু “নিম্বন্যাচ্য ঝদামাঘে”ৰ আদি।মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেই প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কয় যে তেওঁৰ কণ্ঠই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সংগীতপ্ৰেমীক অনুপ্ৰাণিত কৰি থাকিব।হিন্দী, মাৰাঠী, বাংলা, ওড়িয়াৰ লগতে অসমীয়া ভাষাত কণ্ঠদান কৰা সুমন কল্যাণপুৰৰ মৃত্যুত শোকাহত সংগীত জগত ৷
সুমন কল্যানপুৰে হিন্দী ভাষাত কণ্ঠদান কৰা জনপ্ৰিয় গীতসমূহৰ ভিতৰত আছেঃ ইউ হি দিল নে চাহা থা (দিল হি তো হেই, ১৯৬৩), মেৰে মেহবুব না জা (নূৰমহল, ১৯৬৫), ছাৰবী ছাৰবী য়েহ সাৱন কা মৌসম (নূৰজাহান, ১৯৬৭), আপনে পিয়া কি মেই তো বানি ৰে জোগনিয়া (কান কান মেইন ভগৱান, ১৯৬৫), ছোড়ো ছোড়ো মৰি বৈয়ান (মিয়ান বিৱি ৰাজী, ১৯৬০), বাত এক ৰাত কি (১৯৬২) ইত্যাদি ৷

