অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NEW NEWS: মহানগৰীৰ সাতগাঁৱত ঘূৰি ফুৰা বনৰীয়া হাতীবোৰ এসময়ত ঘৰচীয়া আছিল

Spread the love

মহানগৰীৰ সাতগাঁৱত ঘূৰি ফুৰা বনৰীয়া হাতীবোৰ এসময়ত ঘৰচীয়া আছিল

সাতগাঁৱত খোদিত হ’ব এক নতুন ইতিহাস

সাতগাঁও লাচিত পুথিভঁৰাল প্ৰাংগণত স্থাপন হ’ব মহাবীৰ চিলাৰায়ৰ আবক্ষ মূৰ্তি

ভাস্কৰ্যবিদ পদ্মশ্ৰী নুৰুদ্দিন আহমেদৰ প্ৰচেষ্টাত প্ৰাণ লৈ উঠিছে মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি

DD TIMESত লিখিছে উৎপল শইকীয়াই

মহানগৰীৰ সাতগাঁও অঞ্চলত বনৰীয়া হাতী ঘূৰি ফুৰাটো কোনো নতুন কথা নহয়। এই কথা আজি সৰ্বজন বিদিত। কিন্তু এই হাতী কেইটাৰ সৈতে যে সাতগাঁও অঞ্চলৰ এক বিশেষ ইতিহাস জৰিত হৈ আছে, এই কথা বা এই বিষয়ে এই অঞ্চলৰ বহু লোক অৱগত নাছিল। এই অঞ্চলৰ বহু লোকে এই কথাও জনা নাছিল যে সম্প্ৰতি মহানগৰীৰ বৃহত্তৰ পাঞ্জাবাৰী, আমছিং যোৰাবাট তথা সাতগাঁও – নাৰেঙ্গী সেনা ছাউনীৰ আশে পাশে ঘুৰি ফুৰা বন্যহস্তী সমূহ এসময়ত ঘৰচীয়া হাতী আছিল। আজিৰ তাৰিখত এই কথা স্পষ্টভাৱে প্ৰতীয়মান হৈছে যে এই হাতী সমূহে মানুহৰ সংস্পৰ্শলৈ আহিব বিচৰা চাৰিত্ৰিক বৈশিষ্ট তথা চাল চলন আৰু লক্ষণ সমূহ আন অঞ্চলৰ বনৰীয়া হাতীতকৈ কিছু পৃথক। প্ৰকৃতাৰ্থত এই হাতী সমূহৰ সৈতে মহাবীৰ চিলাৰায়ৰ এক বিশেষ সম্বন্ধ আছে।

মহাবীৰ চিলাৰায়ে যুদ্ধ জয় কৰি অহাৰ পিছত এই স্থানত যুদ্ধ বিজয় শিবিৰ স্থাপন কৰিছিল আৰু বিজিত ৰাজ্যসমূহৰ পৰা উপহাৰ হিচাপে বহু সংখ্যক হাতী ঘোঁৰা লাভ কৰিছিল। এই হাতী সমূহৰ মাজৰ কিছু সংখ্যকৰ বাদে ভালেখিনি হাতী তেওঁ এই স্থানতে এৰি থৈ যায়। পৰৱৰ্তী পৰ্যায়ত এই হাতী সমূহৰ উপৰিপুৰুষ হিচাপে এই হাতী সমূহ এই অঞ্চলত আজিও বিৰাজ কৰি আছে। কেৱল হাতীয়েই নহয়, কোঁচ ৰাজবংশৰ ভালেমান বংশধৰ তথা সৈন্য সামন্ত, প্ৰজা বা সাধাৰণ লোক এই স্থানত ৰৈ গল। অৱশ্যে হাতী বা মানুহ থকাৰ বিষয়ে স্পষ্টভাবে কোনো কথা বুৰঞ্জীৰ পাতত উল্লেখ নাথাকিলেও অসম বুৰঞ্জীৰ কোঁচ ৰজা নৰনাৰায়ণ আৰু ভাতৃ চিলাৰায়ৰ যুদ্ধ বিজয় ইতিহাস অধ্যয়ন কৰিলে ইয়াৰ এক স্পষ্ট আভাস পোৱাৰ লগতে এই কথাৰ সত্য সত্যতা প্ৰতিপন্ন কৰিব পৰা যায়।


যিকি নহওঁক, এসময়ত যে সাতগাঁও অঞ্চলত সাত দুৱাৰ নামকৰণেৰে মহাবীৰ চিলাৰায়ে এই স্থানত শিবিৰ পাতি বাস কৰিছিল, সেই কথা আজিৰ তাৰিখত কোঁচ ইতিহাস প্ৰণেতা আৰু কোঁচ ৰাজবংশৰ লোকসকলে মানি লয়। বহু কথা বুৰঞ্জীৰ পাততো উল্লেখ আছে।সেয়েহে বিশেষকৈ সাতগাঁও কোঁচ পাৰা অঞ্চলৰ লোক সকলৰ বাবে এয়া এক গৌৰৱৰ কথা যে বহু পলমকৈ হলেও এই স্থানতে মহাবীৰ জনাৰ আবক্ষ মূৰ্তি এটা স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। আনুষ্ঠানিক ভাবে এই আবক্ষমূৰ্তিটো ৩১ মেত উদ্ধোধন কৰা হব। বিষয়টো আজি বহু দিনৰ পৰাই চৰ্চিত হৈ আছিল যদিও কামে কাজে হৈ উঠা নাছিল। অৱশেষত সাতগাঁও অঞ্চলৰ সবাতোকৈ জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত অনুষ্ঠান সাতগাঁও লাচিত পুথিভঁৰালৰ উদ্যোগত সভাপতি, সম্পাদক ক্ৰমে ভবেন চন্দ্ৰ দাস আৰু ৰেৱতী দাসৰ তত্বাবধানত এই প্ৰচেষ্টা গ্ৰহণ কৰি শেহতীয়াভাৱে ইয়াক সম্পূৰ্ণ আৰু সম্পন্ন কৰি তোলা হল। উদ্যোগ ললে পুথিভঁৰালৰ আন বিষয় ববীয়া সকলেও। অৱশ্যে এই চেগতে সাতগাঁও শাখা সাহিত্য সভাৰ বৰ্তমান সভাপতি ফুলেশ্বৰ ডেকাই এই বিষয়ত আজি বহু বছৰৰ পৰাই সবল ভূমিকা পালন কৰি অহাৰ কথা উল্লেখ কৰিব লাগিব। তেখেতে স্থানীয়ভাৱে লেখা মেলাৰ লগতে মেলে মিটিঙে এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছিল আৰু লাচিত পুথিভঁৰালৰ বৰ্তমানৰ সভাপতি ভবেন চন্দ্ৰ দাসকে ধৰি পুথিভঁৰালৰ সৈতে জৰিত সকলো ব্যক্তিক এই মহান কাৰ্য্যত আগভাগ লবলৈ অনুপ্ৰেৰণা প্ৰদান কৰিছিল। সাতগাঁও শতদল শাখা সাহিত্য সভাৰ মঞ্চতো এই বিষয়ত ভালেমান আলোচনা আৰু তৎপৰতা গ্ৰহণ কৰা হৈছিল। সভাপতি ডেকাৰ তৎপৰতাত শাখাৰ সম্পাদক তথা এই প্ৰতিবেদকে বিষয়টো আৰু অধিক প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ বাবে অসমৰ আগশাৰীৰ সংবাদ মাধ্যমৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিছিল। অৱশেষত সাতগাঁও অঞ্চলৰ সকলো স্তৰৰ ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায় আৰু সমৰ্থনত আজি এক ইতিহাস খোদিত হৈ এই অঞ্চলত জিলিকি উঠিল মহাবীৰ চিলাৰায়ৰ এটা আবক্ষ মূৰ্তি। ইয়াৰ পৰাই পৰৱৰ্তী পৰ্যায়ত এই অঞ্চলৰ ইতিহাসৰ সম্বন্ধে ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ লোকে জানিব পৰাৰ লগতে কোঁচ ৰাজবংশৰ ইতিহাস তথা মহাবীৰ চিলাৰায় সম্পৰ্কীয় আন ভালেমান বিষয়ত সংৰক্ষণ, সংযোজন আৰু সংবৰ্ধন মূলক কাম কাজ বা পদক্ষেপ গ্ৰহণ কৰিব পৰা যাব বুলি ভাবিব পাৰি। ইতিহাসৰ জোলোঙা লৈ ইচ্ছা কৰিলে চৰকাৰী পৃষ্ঠপোষকতাত নাৰেঙ্গী সেনা ছাউনীত বীৰ লাচিত বৰফুকনৰ দৰে মহাবীৰ চিলাৰায়ৰ এক বিশাল প্ৰতিমূৰ্তি এই স্থানত স্থাপন কৰিব পৰা যায়।

কিছু সংযোজন:-
অসম বুৰঞ্জীত উল্লেখ থকা মতে মহাবীৰ চিলাৰায়ে যেতিয়া আহোম, কছাৰী, জয়ন্তীয়া, মণিপুৰ, খাচী, ত্ৰিপুৰা আৰু চিলেট ৰাজ্য জয় কৰি কোচ বিহাৰলৈ উভতি আহিছিল সেই সময়ত গুৱাহাটী মহানগৰীৰ আজিৰ সাতগাঁও অঞ্চলত শিবিৰ পাতিছিল। এই শিবিৰতে বিজিত ৰাজ্যবোৰৰ পৰা আনুষ্ঠানিক ভাৱে কৰভাৰ আদায় কৰিছিল।

সেই হিচাপত আহোম আৰু কোচ ৰজাৰ মাজত হোৱা চুক্তি মৰ্মে আহোম ৰাজধানী গড়গাঁও ত্যাগ কৰি অহাৰ বাবে আহোম ৰজাই বছৰি কৰ দিয়াৰ উপৰি ক্ষতি পূৰণ হিচাপে দুটা সোণ আৰু ৰূপৰ বঁটা, তিনিগৰাকী ৰাজকুঁৱৰী, ৬০ গৰাকী ৰূপৱতী আহোম গাভৰু, ৩০০ জন আহোম যুৱক আৰু ৬০ টা হাতী কোচ ৰজালৈ আগবঢ়াইছিল। তদুপৰি ব্যক্তিগত উপহাৰ হিচাপে মহাৰাজ নৰনাৰায়নলৈ এটা বহুমূলীয়া ৰঙা ছাতি আৰু ‘ বুকুমোৱা ‘ নামৰ এটা সুশিক্ষিত হাতী আৰু ‘পক্ষীৰাজ ‘ নামেৰে এটা অতি বেগী ঘোঁৰা প্ৰদান কৰিছিল। তেনেদৰে চিলাৰায় বাহিনীয়ে কছাৰী সকলৰ ৰাজধানী মাইবং আক্ৰমণ কৰাৰ পিছত কছাৰী ৰজাই যুদ্ধত তিষ্ঠিব নোৱাৰি কোচ ৰজাৰ বশ্যতা স্বীকাৰ কৰি বছৰি কৰ হিচাপে বাৰ্ষিক ৭০০০ টকাৰ লগতে ১০০০ স্বৰ্ণ মুদ্ৰা আৰু ৬০ টা হাতী , মণিপুৰৰ ৰজা ৰিপুঞ্জয়ে বিনা যুদ্ধই কোঁচ ৰজাৰ বশ্যতা স্বীকাৰ কৰি বছৰি ২০ হাজাৰ ৰূপৰ আৰু ৩০০ স্বৰ্ণ মুদ্ৰা আৰু ১০ টা হাতী আগবঢ়াইছিল।

জয়ন্তীয়া ৰজা বিজয় মানিক্যই বছৰি ১০ হাজাৰ ৰূপৰ মুদ্ৰা, ৭০ টা ঘোঁৰা আৰু ৩০০ নাকি, ত্ৰিপুৰা ৰজা অসিৰায়ে ১০০ টা হাতী, ১৮০ টা ঘোঁৰা, ৩০,০০০ ৰূপৰ মুদ্ৰা আৰু ১০০০ শিলৰ মোহৰ, চিলেট ৰজাই ১০,০০০ ৰূপৰ মুদ্ৰা, ১০০ সোনৰ মুদ্ৰা, ৩০ টা ঘোঁৰা, খইৰাম ৰাজ্যৰ খাচীয়া ৰজা বুৰ্য্যবন্তই ১৫,০০০ ৰূপৰ মোহৰ, ৯০০ সোনৰ মোহৰ, ৫০ টা ঘোঁৰা আৰু ৩০ টা হাতী, ডিমৰীয়া ৰজাই ৭০০০ ৰূপৰ মুদ্ৰা কৰ হিচাপে প্ৰদান কৰে। উল্লেখ্য যে এই কৰ ধাৰ্য কৰাৰ সময়ত কোচ ৰজা নৰনাৰায়ণ তথা চিলাৰায়ে ৰাজ্য সমূহৰ আয়তন আৰু আৰ্থিক দিশটো চাইহে কৰ – কাতল নিৰ্ধাৰণ কৰিছিল।

সঁচা অৰ্থত কোঁচ ৰজা নৰনাৰায়ণ তথা তেওঁৰ ভাতৃ চিলাৰায়ৰ এই যুদ্ধ জয়ৰ আৰত আছিল কোঁচ আৰু আহোম ৰাজ্যৰ পঞ্চম তথা শেহৰ খন যুদ্ধত কোঁচ ৰজাই আহোম ৰজা চুখমফাইৰ দিনত আহোম সেনাক যুদ্ধত পৰাস্ত কৰা। ইয়াৰ পিছতেই আচলতে দাঁতি কাষৰীয়া আন ৰাজ্য সমূহ কোঁচ সেনা বাহিনীৰ পৰাক্ৰমৰ বাবে শংকিত হৈ পৰিছিল আৰু সেই বাবেই বহু কেইখন ৰাজ্যই যুদ্ধত পৰাস্ত হোৱাৰ উপৰি স্বেচ্ছাই বশ্যতা স্বীকাৰ কৰি লৈছিল। কোঁচ ৰজাৰ এই মহাক্ৰমী শক্তিৰ মূলতেই আছিল মহাবীৰ চিলাৰায়ৰ অদম্য শক্তি, সাহস আৰু দক্ষতা।

সেই বাবেই বহু সময়ত নৰনাৰায়ণৰ ৰাজত্ব কাল ‘ চিলাৰায়ৰ বীৰত্বৰ কাহিনী ‘ যুগ বুলি কলেও বঢ়াই কোৱা নহয়। ‘ দৰং ৰাজ বংশাৱলি ‘ ৰ বুৰঞ্জী পাতত এই কথা লিপিৱদ্ধ হৈছে যে চিলাৰ দৰে ক্ষিপ্ৰ গতিৰে শত্ৰুৰ বিপক্ষে যুদ্ধ কৰি জয়লাভ কৰিছিল বাবে তেওঁ চিলাৰায় নামে অভিহিত হৈছিল। ঘোঁৰাৰে একে জাপেই ভৈৰৱী নদী পাৰ হোৱা বাবেই তেওঁক চিলাৰায় নাম দিয়া হৈছিল। বুৰঞ্জীবিদ এডৱাৰ্ড গেইট চাহাবে চিলাৰায়ক কাঁইট কিং অথবা চিলা ৰজা হিচাপে আখ্যা দিছিল।
অন্যহাতে চিলাৰায়ৰ এনে বল বিক্ৰম আহৰণৰ কথা কবলৈ গলে কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ জন্ম বৃতান্ত আৰু শিক্ষা গ্ৰহণৰ বিষয়ে উল্লেখ কৰিব লাগিব। কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংঘৰ ওঠৰগৰাকী ৰাণীৰ গৰ্ভত ওঠৰজন পুত্ৰ আছিল আৰু সেই সূত্ৰে পুত্ৰ সকলৰ মাজত প্ৰতিভা আৰু দক্ষতাৰ আলমত দ্বিতীয় পুত্ৰ নৰনাৰায়ণক সিংহাসনৰ উত্তৰাধিকাৰী আৰু তেওঁৰ ভাতৃ চিলাৰায়ক যুৱৰাজ হিচাপে মনোনীত কৰিছিল আৰু এই উদ্দেশ্যৰে দুয়ো ভাতৃক যুদ্ধ বিগ্ৰহৰ সকলো ক্ষেত্ৰতে পাৰ্গত হোৱাৰ উদ্দেশ্যৰে কাশীৰ ব্ৰহ্মানন্দ সন্ন্যাসীৰ আশ্ৰমলৈ পঠাই দিছিল।

এই শিক্ষা তোলতে দুয়ো ভাতৃয়ে অস্ত্ৰ শস্ত্ৰৰ প্ৰক্ষিক্ষণৰ লগতে ব্যাকৰণ, সাহিত্য, জ্যোতিষ, পুৰাণ, বেদ, উপনিষদ আদি অধ্যয়ন কৰি জ্ঞান আহৰণ কৰিছিল। ১৫৪০ খ্ৰীষ্টাব্দত নৰনাৰায়ণে কোঁচ ৰজাৰ সিংহাসনত আৰোহণ কৰাৰ লগতে চিলাৰায়ক ৰাজ্যৰ মুখ্য সেনাধ্যক্ষ অথবা দেৱান হিচাপে নিযুক্তি প্ৰদান কৰে। বুৰঞ্জীবিদ বি চি এলেনৰ মতে মহাৰাজ বিশ্বসিংহই আহোম ৰাজ্য আক্ৰমণ কৰি পৰাজিত হৈছিল আৰু সেয়েহে মনৰ দুখত মৃত্যুৰ সময়ত পুতেক হতক মাতি আনি কৈছিল ‘ তহঁত যদি মোৰ পুত্ৰ হৱ তেন্তে এই দেশ খন লবি।’ সেয়েহে সিংহাসন আৰোহণ কৰাৰ কিছু বছৰৰ পিছত দুয়ো ভাতৃয়ে পিতৃৰ বাক্য ৰাখিবৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সেই উদ্দেশ্যে বাট পথ বা যোগাযোগ ব্যবস্থা সুচল কৰাৰ উদ্দেশ্যৰে দুয়ো ভাতৃৰ কণিষ্ঠ ভাতৃ গোহাঁই কমলক কোঁচ বিহাৰৰ পৰা নাৰায়ণপুৰলৈ ৬০০ কিলোমিটাৰ দীঘল এটা ওখ আলিবাট নিৰ্মাণ কৰিবলৈ দিছিল। আজিও সেই আলি ‘গোহাঁই কমল আলি ‘ হিচাপে জনাজাত। কোঁচ আৰু আহোম ৰাজ্যৰ মাজত কেইবাখনো যুদ্ধ হৈছিল।

প্ৰথমখন হৈছিল কলিয়াবৰত ১৫৪৩ খ্ৰীষ্টাব্দত। দ্বিতীয়খন ১৯৪৬ খ্ৰীষ্টাব্দত দিকৰাই নদীৰ পাৰত, তৃতীয় খন পিচলা নদীৰ পাৰত আৰু চতুৰ্থখন নাৰায়ণপুৰত। প্ৰতিখন যুদ্ধত কোঁচ সেনা পৰাজিত হৈছিল আৰু সেই বাবেই মহাৰাজ নৰনাৰায়ণে যুদ্ধ পৰিহাৰ কৰি মিত্ৰতাৰ বাবে কটকী পঠাইছিল যদিও আহোম ৰজা স্বগদেউ চুহুংমুং দিহিঙ্গীয়াই কটু কথাৰে প্ৰত্যাখ্যান কৰিছিল। এই কথাত ক্ষুণ্ণ হৈ কোঁচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে আহোমৰ বিৰুদ্ধে ১৫৫৬ খ্ৰীষ্টাব্দত এক বিশাল যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰিলে। ইয়াৰ বাবে চিলাৰায়ে মাথো ছবছৰৰ ভিতৰত প্ৰায় ৫, ৩২, ০০০ সৈন্যৰ এক বিশাল যুদ্ধ বাহিনী প্ৰস্তুত কৰি তুলিছিল। তদুপৰি বিশ্বখ্যাত বীৰ নেপোলিয়নৰ ‘ গঁড়বাহিনীৰ ‘ দৰে অতি বিশ্বাসী আৰু নিৰ্ভৰযোগ্য মৃত্যুঞ্জয়ী যোদ্ধাৰ দল এটা নিজে প্ৰস্তুত কৰি লৈছিল। সুদীৰ্ঘ পাঁচ বছৰ সমৰ প্ৰস্তুতিৰ অন্তত ১৫৬২ খ্ৰীষ্টাব্দত এই যুদ্ধ বাহিনী লৈ কোঁচ ৰজাৰ মুখ্য সেনাধ্যক্ষ চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণৰ উদ্দেশ্যে জল আৰু স্থল – এই দুই দিশেৰে অগ্ৰসৰ হল। কোঁচ ৰজাৰ এই বিশাল সেনা বাহিনীক সমৰত কোনোপধ্যেই পৰাস্ত কৰাৰ উপায় নেদেখি আহোম ৰজা চোখামফাই ৰাজ্য এৰি নগা পাহাৰলৈ পলায়ন কৰিলে আৰু অৱশেষত কোঁচ সেনাই আহোম ৰাজধানী গড়গাঁও অধিকাৰ কৰে। পৰবৰ্তী সময়ত কিছু চৰ্ত মানি লৈ কোঁচ ৰজা নৰনাৰায়নে গঁড়গাঁও এৰি স্বদেশলৈ প্ৰত্যাবৰ্তন কৰে। এনেদৰে আহোম ৰজাক কৰতলীয়া কৰাৰ পিছত ১৫৬৩ খ্ৰীষ্টাব্দত কোঁচ ৰজাই সৈন্য. সামন্ত লৈ কছাৰী ৰাজ্য আক্ৰমণৰ বাবে আগবাঢ়ে যদিও কছাৰী ৰজা দুৰ্লভ নাৰায়ণে বিনা যুদ্ধই কোঁচ ৰজাৰ বশ্যতা স্বীকাৰ কৰি বাৰ্ষিক কৰ – কাতল দিবলৈ সন্মত হয়। তেনেদৰে মণিপুৰ, জয়ন্তীয়া, চিলেট, খৈৰাম আৰু অৱশেষত ডিমৰীয়া ৰাজ্যৰ বশ্যতা আদায় কৰি চিলাৰায় সহ কোঁচ সেনানী গুৱাহাটী অভিমুখে অগ্ৰসৰ হৈ এতিয়াৰ সাতগাঁৱত শিবিৰ পাতে।

আচলতে যুদ্ধ জয়ৰ সন্মান আৰু কৰ – কাতল আহৰণৰ বাবেই এই সমাবেশ ঘটিছিল। বুৰঞ্জীবিদ অম্বিকাচৰণ চৌধুৰীকে ধৰি আন কেইবাজনো বুৰঞ্জীবিদে তেওঁলোকৰ অসম বুৰঞ্জীত এইদৰে উল্লেখ কৰিছে যে ১৫৬৪ খ্ৰীষ্টাব্দৰ শেষ ভাগত কোঁচ ৰজা নৰনাৰায়ণে যুদ্ধ জয়ৰ অন্তত কোঁচ বিহাৰলৈ উভতি যাওঁতে সাত দুৱাৰত বাঁহৰ পাতি সাতখন বিজিত ৰাজ্যৰ পৰা আনুষ্ঠনিকভাৱে কৰ আদায় কৰিছিল। ইয়াৰ ভিতৰত আহোম, কছাৰী, জয়ন্তীয়া, মণিপুৰ, ত্ৰিপুৰা, চিলেট আৰু ডিমৰীয়া ৰজাই কৰ ভাৰেৰে চিলাৰায়ক সন্মান জনাইছিল। সেয়েহে এই স্থানৰ নাম সাত দুৱাৰ আৰু পিছলৈ সাতগাঁও হিচাপে পৰিগণিত হয়। বুৰঞ্জীবিদ ডা: ভাৰত বৰায়ো নিজৰ বুৰঞ্জী গ্ৰন্থত এই কথা লিপিৱদ্ধ কৰিছে যে পূৱ আৰু দক্ষিণত অভিযান সমাপ্তিৰ অন্তত মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ে ১৫৬৪ খ্ৰীষ্টাব্দৰ শেষৰ ফালে গুৱাহাটীলৈ ঘূৰি আহি সাতগাঁৱত শিবিৰ প্ৰতিষ্ঠা কৰে।

পৰবৰ্তী পৰ্যায়ত কোঁচ ৰজাই সৈন্য সামন্ত তথা কৰ – কাতলৰ বাবদ লাভ কৰা ধন সম্পত্তি তথা মুদ্ৰা সমূহ লগত লৈ যায় যদিও ইয়াৰে কিছুমান হাতী ঘোঁৰা এই ঠাইত এৰি থৈ যায়। সেই বাবেই বহু সময়ত সাত গাঁও সেনা ছাউনীৰ আশে পাশে ঘূৰি ফুৰা বহু কেইটা হাতীক সেই সময়ৰ সেই ঘৰচীয়া হাতী সমূহৰ বংশধৰ বুলি কব পৰা যায়। অন্যহাতে সেই সময়ৰ বহু কেইগৰাকী ৰাজকুঁৱৰী তথা সুন্দৰী ৰমণী কোঁচ ৰজাই সাত গাঁৱত প্ৰতিষ্ঠা কৰা এই শিবিৰৰ পৰা পলাই গৈ এতিয়াৰ কইনাধৰা পাহাৰত আশ্ৰয় লৈছিল আৰু পিছলৈ কোঁচ সেনাই ধৰি আনিছিল বাবেই এতিয়াৰ কইনাধৰা পাহাৰ হিচাপে নামকৰণ কৰা হৈছে বুলি বহু লোকে কব বিচাৰে। তদুপৰি ইতিহাসৰ পাতত এই কথাও লিপিৱদ্ধ আছে যে গুৱাহাটীৰ বেলতলা অঞ্চলত এসময়ত বেলতলা ৰজা আছিল আৰু কোঁচ ৰজা হৰ নাৰায়ণে বেলতলা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। বেলতলা ৰাজ পৰিয়ালৰ ৰজাবাহাৰত এতিয়াও সংৰক্ষণ হৈ থকা ৰূপৰ খামৰ তৰোৱাল খনে কোঁচ ৰজা হৰ নাৰায়ণৰ অস্তিত্বৰ ইংগিত বহন কৰে।

উল্লেখ্য যে বেলতলাৰ শেহৰ জন ৰজা ৰাজেন্দ্ৰ নাৰায়ণ দেৱৰ মাত্ৰ ৩৬ বছৰ বয়সত ১৯৩৭ চনত মৃত্যু হয়। তেওঁলোকৰ উত্তৰাধিকাৰী দুই পুত্ৰ ক্ৰমে দ্বিজেন্দ্ৰ নাৰায়ণ আৰু যতীন্দ্ৰ নাৰায়ণ দেৱৰ ১৯৭৯ আৰু ১৯৮৬ ত মৃত্যু হয়। সেইদৰে সৌ সিদিনা লৈকে ৰাজপৰিয়ালৰ শেহৰ গৰাকী ৰাজকুমাৰী গুৱাহাটী ৰটাৰী ক্লাবৰ মাধুৰী দেৱী তথা মাধুৰী চৌধুৰীৰ আজি কেইবছৰ পূৰ্বে মৃত্যু ঘটে। মহানগৰীৰ সাতগাঁও সেই বেলতলা ৰজাৰ বংশধৰ হিচাপে কোঁৱৰ বুলি এটা পৰিয়াল আছে। সৈ সিদিনা লৈকে এই পৰিয়ালটোৰ অধীনত সাতগাঁও অঞ্চলত ভালেখিনি মাটি সম্পত্তি আছিল। অন্যহাতে এতিয়াও এই সাতগাঁও অঞ্চলত কোঁচ পাৰা নামেৰে কোঁচ সম্প্ৰদায় অধ্যুষিত এক বিস্তাৰিত অঞ্চল আছে আৰু এই অঞ্চলৰ বহু লোকৰ ঘৰত কোঁচ ৰজাই প্ৰতিষ্ঠা কৰা বেলতলা ৰজা ৰাণীৰ ৰাজপৰিয়ালৰ পৰা লাভ কৰা বান বাতিকে ধৰি বহু সম্পদ সংৰক্ষিত হৈ আছে। কোঁচ ৰাজ্যৰ অন্যতম নায়ক চিলাৰায় সম্পৰ্কে ইতিহাস বিদ ছাৰ আৰ্নল্ড টয়নবীয়ে ( ১৮৮৯ – ১৯৭৫ ) বুৰঞ্জী পাতত লিপিৱদ্ধ কৰি থৈ গৈছে যে পৃথিৱীত এতিয়ালৈ তিনিজন ক্ষন জন্ম মহান বীৰৰ জন্ম হল ।

তেওঁলোক কেৱল যুদ্ধ ক্ষেত্ৰতেই মহাবীৰ নাছিল, সামৰিক কৌশল নীতি আৰু লক্ষ্য স্থিৰ কৰাত তেওঁলোক নিৰ্ভুল আৰু সিদ্ধহস্ত আছিল। এই তিনিজন মহাবীৰৰ ভিতৰত সময়ানুক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় আছিল ক্ৰমে চিলাৰায়, মহাৰাজ শিৱাজী আৰু নেপোলিয়ন বোনাপাৰ্ট। সেয়েহে ইতিহাসৰ এই তথ্য সমূহৰ ভিত্তিত মহাবীৰ জনাই পূৰ্বতে এই অঞ্চলত লাভ কৰা বিৰোচিত মান সন্মানৰ প্ৰতিভুক উত্তৰ পুৰুষৰ বাবে সোণালী আখৰেৰে আবদ্ধ কৰি ৰাখিব পৰাকৈ সাতগাঁও সেনা ছাউনী অথবা এই অঞ্চলত মহাবীৰ চিলৰায়ৰ প্ৰতিমূৰ্তি এটা স্থাপন কৰাৰ বাবে বহুদিন ধৰি এক আলোচনা, বিলোচনা তথা জল্পনা কল্পনা চলি আছিল। সম্প্ৰতি এই দিনটো সমাগত। অন্ততঃ এটা প্ৰতিমূৰ্তি নহলেও সাতগাঁও লাচিত পুথিভঁৰালৰ উদ্যোগত সাত গাঁও লাচিত পুথিভঁৰাল প্ৰাংগণত মহাবীৰ চিলাৰায়ৰ এটা আবক্ষ মূৰ্তি স্থাপন হল বুলি কব পৰা যায়। (ফোন ৯৮৬৪০৬২৮৩২)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!