অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NEW BOOK: ঔপন্যাসিক নৰেন হাজৰিকাৰ ‘ৰূপোৱালী দিনৰ সোণোৱালী ৰূপকথা’ উন্মোচন

Spread the love

ঔপন্যাসিক নৰেন হাজৰিকাৰ ‘ৰূপোৱালী দিনৰ সোণোৱালী ৰূপকথা’ উন্মোচন


গ্ৰন্থ যুগে যুগে থাকিবঃ উন্মোচক নৰেশ কলিতা


DD TIMES গুৱাহাটী, ৩০ মে’: শতাধিক সাহিত্যসেৱীৰ উপস্থিতিত আজি পুৰুলিল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত তথা ঔপন্যাসিক তথা ‘দৈনন্দিন বাৰ্তা’ৰ মুখ্য সম্পাদক নৰেন হাজৰিকাৰ উপন্যাস ‘ৰূপোৱালী দিনৰ সোণোৱালী ৰূপকথা’ দিশপুৰ লাষ্টগেটস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ প্ৰেক্ষাগৃহত শুভ উন্মোচন কৰা হয়।

জ্যেষ্ঠ সাংবাদিক তথা লেখক নৰেন হাজৰিকাৰ শিক্ষয়িত্ৰী পত্নী জয়া বৰুৱা হাজৰিকাৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচনৰ প্ৰাক্‌ক্ষণত জন্ম দিনৰ কেক কাটি শুভেচ্ছা জনোৱা হয়।

বিশিষ্ট লেখিকা কানন বৰদলৈৰ বন্তি প্ৰজ্বলন, জয়শ্ৰী দেৱীৰ গুৰু বন্দনা পৰিৱেশনৰ পিছতে আদৰণী ভাষণ দি পুৰুলিল প্ৰকাশনৰ স্বত্বাধিকাৰী তথা সাংবাদিক ডিম্পুল চুতীয়াই কয়,“গাঁৱৰ ছবি ধৰি ৰখা এখন নিভাঁজ গ্ৰন্থ ‘ৰূপোৱালী দিনৰ সোণোৱালী ৰূপকথা’। যি গ্ৰন্থত মাটিৰ কথা থাকে সেই গ্ৰন্থ সমাদৃত হয়।”

গ্ৰন্থখনি উন্মোচন কৰি ‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাই কয়, ‘গ্ৰন্থ যুগে যুগে থাকিব। ইয়াৰ কোনোকালে মৃত্যু নহয়। অৰুণোদই কাকত প্ৰকাশৰ পৰা আজিলৈ ছপা মাধ্যমৰ গুৰুত্ব আছে। বাতৰি কাকতৰ উথ্বান-পতন হৈছে। তথাপি বাতৰি কাকত, আলোচনী, গ্ৰন্থ জীয়াই থাকিব। সভ্যতা ধৰি ৰখাত গ্ৰন্থৰ ভূমিকা অনেক আছে।’

সভাত পদ্মশ্ৰী সন্মানপ্ৰাপক সাহিত্যিক-সমাজকৰ্মী ৰোমান শৰ্মা, বিশিষ্ট নাট্যকাৰ-লেখক প্ৰভাত গোস্বামী, অসম সাহিত্য সভাৰ কৰ্ণধাৰ সদস্য ধীৰেণ শৰ্মা, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালকদ্বয় দেবেন তামুলী আৰু দেবেন বসুমতাৰীয়ে সন্মানীয় অতিথি ৰূপে আগবঢ়োৱা ভাষণত লেখক-সাংবাদিক নৰেন হাজৰিকাৰ কলমৰ সাৰ্থকতাৰ ওপৰত গভীৰ আলোকপাত কৰি প্ৰকাশক আৰু লেখকলৈ অভিনন্দন জ্ঞাপন কৰে।

প্ৰতিগৰাকী গ্ৰন্থ উন্মোচকে নিজৰ বক্তব্যত অসমৰ গ্ৰাম্য সমাজৰ আধাৰত বহু সফল সাহিত্যৰ সৃষ্টি হোৱাৰ কথা উনুকিয়াই ‘ৰূপোৱালী দিনৰ সোণোৱালী ৰূপকথা’ গ্ৰন্থখনেও গ্ৰাম জীৱনক তুলি ধৰাৰ জৰিয়তে অসমৰ পঢ়ুৱৈ সমাজৰ আদৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰে।

যুৱ সাংবাদিক-লেখিকা দৰ্শনা বৰুৱাই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে ‘আমাৰ অসম’ৰ সহকাৰী সম্পাদক মণ্টু শইকীয়াই কয়, ‘সাহিত্য সৃষ্টি কৰ্মৰ লগত জৰিত লোকসকল নিঁভাজ হয়। নৰেন হাজৰিকাৰ এক অনুপম দলিল এই উপন্যাস গ্ৰন্থখনি।

সাংবাদিকতা লগতে সাহিত্য একেলগে চলাই থকা নৰেন হাজৰিকাৰ কাপৰ পৰা আৰু নিৰ্গত হওক অনেক অনুপম গ্ৰন্থ।’ গ্ৰন্থ উন্মোচনী সভাখনত লেখক কুমুদ ডেকাই নৰেন হাজৰিকাৰ বহুমুখী প্ৰতিভাৰ ওপৰত আলোকপাত কৰে।

সভাত ‘দৈনন্দিন বাৰ্তা’ৰ জ্যেষ্ঠ সাংবাদিক মণি মহন্ত, চিলাপথাৰৰ বিশিষ্ট কবি ভূবন দাস, বিশিষ্ট চিকিৎসক নৰেশ্বৰ শৰ্মা, সমাজকৰ্মী ৰাজীৱ হৰিকৌশিক, অৱসৰপ্ৰাপ্ত কৰ বিষয়া মিফটাবুদ্দিন আহমেদ, ড° মঞ্জুলা গোস্বামী, অতনু শৰ্মা, বিভূজিৎ পাটোৱাৰী, আৰ্জেদ হুছেইন চহৰীয়া, জ্যেষ্ঠ সাংবাদিক জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁই, দিশপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জমোহন ৰায়, কবি তথা চলচ্চিত্ৰ সমালোচক কুলদীপ মেধি প্ৰভৃতি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!