অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

The Bookcafe: গুৱাহাটীত পদাংক- দ্য বুককেফে মুকলি

Spread the love

বিচিত্ৰ গ্ৰন্থৰ সমাহাৰৰ লগতে আলোচনাৰ‌ বাবে আৰামদায়ক বৈঠকখানা

গুৱাহাটীত পদাংক- দ্য বুককেফে মুকলি

DD TIMES গুৱাহাটী, ২১ মে’: ৰুচিবান পাঠক সমাজলৈ বিভিন্ন বিষয়ক গ্ৰন্থ আগবঢ়োৱাৰ লগতে কিতাপৰ বিষয়ে অন্তৰংগ আলোচনাও কৰিবলৈ গুৱাহাটীত এখন গ্ৰন্থ বিপনী আৰামদায়ক বৈঠকখানাৰ সৈতে সাজু কৰি তুলিছে উদ্যমী প্ৰকাশক তথা জাগৰণ সাহিত্য প্ৰকাশনৰ স্বতাধিকাৰী ৰূপজ্যোতি দেৱনাথে।

গুৱাহাটীৰ নুনমাটিত, অসম জাতীয় বিদ্যালয়ৰ সমীপত “পদাংক- দ্য বুককেফে” নামেৰে গ্ৰন্থ অধ্যয়ন আৰু গৱেষণাৰ প্ৰতিষ্ঠানটি আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা ভালেমান লেখক-সাহিত্যিকৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কুশ দেৱনাথে।


জাগৰণ সাহিত্য প্ৰকাশনৰ পৰিচালন সঞ্চালক ৰূপজ্যোতি দেৱনাথে আঁত ধৰা অনুষ্ঠানটিত বন্তি শেনচোৱা, ড° পদুমী গগৈ, কাব্যশ্ৰী মহন্ত, ড° বিনোদ কুমাৰ গগৈ, ৰত্না ৰংপিপী, দিবাকৰ দেৱনাথ, হেমন্ত কুমাৰ দাস, শ্ৰুতি মালাকাৰ, প্ৰনৱ গোস্বামী, মণি মহন্ত, উষা কিৰণ মজুমদাৰ, বিপুল টংলা,উৎপল মেনা, অঞ্জু মহন্ত , প্ৰশান্ত কলিতা, প্ৰশান্ত শৰ্মা আদি সাহিত্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলে প্ৰকাশক ৰূপজ্যোতি দেৱনাথৰ প্ৰয়াসৰ শলাগ লয় আৰু “পদাংক”ৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে।

শিৱসাগৰ, ধেমাজি, কঠীয়াতলী, ৰঙিয়া আদি ঠাইৰ পৰা অহা কেইবাগৰাকীও সাহিত্যসাধকে বিশেষ ভাৱে নতুন নতুন লেখকৰ গ্ৰন্থ আৰু অনুদিত সাহিত্য প্ৰকাশ কৰাৰ ক্ষেত্ৰত জাগৰণ প্ৰকাশনৰ ভূমিকাৰ প্ৰশংসা কৰি প্ৰতিষ্ঠানটোৰ এই নতুন প্ৰচেষ্টাৰ প্ৰশংসা কৰে।

অনুষ্ঠানত আমন্ত্ৰিত লেখক লেখিকাসকলক ফুলাম গামোচাৰে আদৰণি জনোৱা ৰ লগতে অসমীয়া জলপানেৰে আপ্যায়ন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!