International Biodiversity Day 2026: ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন
ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন

DD TIMES ঢকুৱাখনা, ২২ মে, ২০২৬: আজি ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস অতি উৎসাহ-উদ্দীপনাৰে পালন কৰা হয়।
এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় যুৱ আৰু পাৰিপাৰ্শ্বিক সংঘৰ সমন্বয়ক তথা প্ৰকৃতি লেখক মানস প্ৰতিম দত্তৰ পৰিচালনাত।
অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিল জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব সম্পৰ্কে সামাজিক সচেতনতা বৃদ্ধি কৰা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি যুৱ সমাজক উৎসাহিত কৰা।
অনুষ্ঠানত মানস প্ৰতিম দত্তই জৈৱ বৈচিত্ৰ্যৰ গুৰুত্বৰ ওপৰত এক প্ৰেৰণাদায়ক আৰু প্ৰায়োগিক বক্তৃতা প্ৰদান কৰে।
তেওঁ পাৰিপাৰ্শ্বিক কাহিনী কথনৰ জৰিয়তে বৈচিত্ৰ্যৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ সৈতে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ সম্পৰ্কৰ ওপৰত বিশদভাৱে আলোকপাত কৰে।
তেওঁ উল্লেখ কৰে যে প্ৰকৃতি ফটো ষ্টুডিঅ’ নহয়, ইয়াক সন্মান কৰক। গছত থাকিলেহে ফুল ধুনীয়া, ফটোৰ বাবে ইয়াক নষ্ট নকৰিব।
আমাৰ বিল, আমাৰ গৌৰৱ— ইয়াক ধ্বংস নকৰিব। অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষাৰ্থীসকলৰ সৈতে এক অন্তৰংগ বাৰ্তালাপ অনুষ্ঠিত হৈ যায়।
অনুষ্ঠানত শিক্ষক দিপমজ্যোতি বৰুৱা, বিজয় প্ৰসাদ কানু আৰু মুকেশ চৌহানে সহযোগিতা আগবঢ়ায়।
অনুষ্ঠানত জৈৱ বৈচিত্ৰ্যৰ শিক্ষাগত গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশৰ প্ৰতি দায়িত্বশীল হোৱাৰ বাবে উদ্বুদ্ধ কৰে।
অনূষ্ঠানত স্থানীয় জৈৱ বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰা হয় আৰু ঢকুৱাখনাৰ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ গুৰুত্বৰ কথা উল্লেখ কৰাৰ লগতে স্থানীয় উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংৰক্ষণৰ বাবে সম্প্ৰদায়ৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে।
অনুষ্ঠানৰ শেষত সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জনায় আৰু পৰিৱেশ সংৰক্ষণৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে।

