NEW BOOKS: প্ৰকৃতি বন্ধু মানস প্ৰতিম দত্তৰ দুখন নতুন শিশুগ্ৰন্থ ‘আয়াংহঁতৰ জমাদাৰ অভিযান’ আৰু ‘মানুৰ অংকৰ উত্তৰ বহীখন’
প্ৰকাশ পালে প্ৰকৃতি বন্ধু মানস প্ৰতিম দত্তৰ দুখনকৈ নতুন শিশু গ্ৰন্থ “আয়াংহঁতৰ জমাদাৰ অভিযান” আৰু “মানুৰ অংকৰ উত্তৰ বহীখন”

DD TIMES ধেমাজি, ২১ মে’: ধেমাজি জিলাৰ অন্যতম যুৱ লেখক, প্ৰকৃতি সংৰক্ষক তথা শিক্ষক মানস প্ৰতিম দত্তৰ কলমেৰে এইবাৰ শিশু-কিশোৰসকলৰ বাবে প্ৰকাশ পাইছে দুখনকৈ বিশেষ আকৰ্ষণীয় গ্ৰন্থ।
পৰিৱেশ সচেতনতা আৰু নৈতিক মূল্যবোধক মূল উপজীৱ্য হিচাপে লৈ যুগুতাই উলিওৱা পাৰিপাৰ্শ্বিক শিশু-উপন্যাস “আয়াংহঁতৰ জমাদাৰ অভিযান” আৰু শিশু-গল্প সংকলন “মানুৰ অংকৰ উত্তৰ বহীখন” ইতিমধ্যে পাঠক সমাজৰ বাবে মুকলি কৰি দিয়া হৈছে।
প্ৰকৃতি আৰু মানুহৰ পৰম বন্ধু শগুনৰ সংৰক্ষণৰ বাৰ্তা তথা আমাৰ চৌপাশৰ পৰিৱেশ সুৰক্ষাৰ এক শ্বাসৰুদ্ধকাৰী অভিযানৰ কাহিনীৰে আয়াংহঁতৰ জমাদাৰ অভিযান নামৰ শিশু-উপন্যাসখন সজোৱা হৈছে।

মানুৰ অংকৰ উত্তৰ বহীখন মূলতঃ শিশুসকলৰ মনত নৈতিক মূল্যবোধ আৰু সামাজিক দায়িত্ববোধ জগাই তুলিব পৰা এক ব্যতিক্ৰমী গল্প সংকলন।
বিদ্যালয় আৰু পৰিৱেশকেন্দ্ৰিক এই কাহিনীসমূহৰ মূল পটভূমি হৈছে এজন শিক্ষক হিচাপে লেখকে নিজৰ কৰ্মজীৱনত দেখা পোৱা শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা আৰু তাৰ সমাধানৰ চিন্তা।
গল্পবোৰত থকা আয়াং, দৰ্শিত, মানু, বিতু, মন ছাৰ, বাবু আদি চৰিত্ৰসমূহ আমাৰ তেনেই চিনাকি, যিবোৰৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলে নিজক সহজতে ৰিজাব পাৰিব।
হাতে-কামে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম জীৱনশৈলীৰ প্ৰচাৰত নিঃস্বাৰ্থভাৱে জড়িত লেখক মানস প্ৰতিম দত্তৰ কৰ্মৰাজিক ইতিমধ্যে ‘দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ’, ‘দ্য পিপ’ল ষ্টৰী’ আদি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও উচ্চ প্ৰশংসা কৰিছে।
লেখক, কবি আৰু অনুবাদক হিচাপে সুপৰিচিত দত্তৰ ইতিপূৰ্বে প্ৰকাশিত পৰিৱেশ বিষয়ক গ্ৰন্থ ‘সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি’, ‘প্ৰকৃতিৰ জমাদাৰ’ (নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত অনুবাদ) আৰু কবিতা সংকলন ‘মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা’, ‘তুমি ৰ’দ হোৱা মই বৰষুণ হ’ম’ ইত্যাদিয়ে পঢ়ুৱৈৰ ব্যাপক সমাদৰ লাভ কৰিছে।
নতুন গ্ৰন্থ দুখনৰ সৈতে সংলগ্ন কৰা আকৰ্ষণীয় ছবিসমূহে শিশুসকলক প্ৰকৃতিৰ কাষ চপাই নিয়াত আৰু সংৰক্ষণৰ গুৰুত্ব বুজাত বিশেষভাৱে সহায় কৰিব।
এই প্ৰয়াসে শিক্ষক, অভিভাৱক আৰু যুৱ প্ৰজন্মৰ মাজত পৰিৱেশক লৈ এক অৰ্থপূৰ্ণ আলোচনাৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।
গ্ৰন্থপ্ৰেমী ৰাইজ তথা অভিভাৱকসকলৰ বাবে দুয়োখন গ্ৰন্থই ইতিমধ্যে গুৱাহাটীৰ পাণবজাৰৰ প্ৰতিটো আগশাৰীৰ বিপণীত উপলব্ধ হৈছে আৰু অতি শীঘ্ৰেই অসমৰ বিভিন্ন প্ৰান্তৰ পুথিভঁৰালসমূহত পোৱা যাব।
দুই-এদিনৰ ভিতৰতে অনলাইন শ্বপিং ছাইট আমাজন (Amazon) আৰু মণিকূট প্ৰকাশনৰ নিজা ৱেবছাইট www.monikut.com-ত কিতাপখন উপলব্ধ হ’ব।
ঘৰতে বহি ডাকযোগে এই কিতাপ দুখন সংগ্ৰহ কৰিব খুজিলে মণিকূট প্ৰকাশনৰ হোৱাটছ এপ নম্বৰ ৭০০২৫৭০১৬৯ অথবা ৮৬৩৮৯৬০১১৬ত যোগাযোগ কৰিব পাৰিব।

