নলবাৰীত সদৌ অসম আমোলা সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু স্থায়ী সভা
নলবাৰী, ৬ ছেপ্টেম্বৰঃ নলবাৰীত সদৌ অসমৰ আমোলা সন্থাৰ ৯৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু স্থায়ী সভা বৃহস্পতিবাৰে নলবাৰী চহৰৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত দিনজোৰাকৈ অনুষ্ঠিত কৰা হয়।

কাৰ্যসূচী অনুসৰি ৰাতিপুৱা সদৌ অসম আমোলা সন্থাৰ পতাকা উত্তোলন কৰাৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়।
সমান্তৰালভাৱে তাৰ পিছতে নৱ নিৰ্বাচিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান, স্থায়ী সভা, শোক প্ৰস্তাৱ পাঠ-মৌন প্ৰাৰ্থনা কৰা হয়।

আনহাতে ইয়াৰ পিছতেই নলবাৰীৰ জিলা আমোলা সন্থাৰ উদ্যোগত সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে আদৰনী ভাষণ প্ৰদান কৰা হয়। অনুষ্ঠানত স্থায়ী সভাৰ সভাপতিত্ব কৰে সদৌ অসম আমোলা সন্থাৰ উপ-সভাপতি ৰাজিৱ লোচন বুঢ়াগোহাঁইয়ে।

তদুপৰি সভাত প্ৰাক্তন সভাপতি সদৌ অসম কৰ্মচাৰী পৰিষদৰ বাসৱ কলিতা, সদৌ অসম আমোলা সন্থাৰ মুখ্য উপদেষ্টা খগেন গগৈ, প্ৰাক্তন সভাপতি সদৌ অসম আমোলা সন্থাৰ খৰ্গেশ্চৰ বৰ্মন, ৰাজেন শৰ্মা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ কৰ্নধাৰ সদস্য উৎপল চক্ৰৱৰ্তী, উপদেষ্টা সদৌ অসম আমোলা সন্থাৰ দিলিপ কোৱৰ, সদৌ অসম আমোলা সন্থাৰ সাধাৰণ সম্পাদক উৎপল দাস, নলবাৰী জিলা আমোলা সন্থাৰ সভাপতি সুৰজিত তালুকদাৰ, সম্পাদক কৰেন কলিতা সহিতে সদৌ অসম আমোলা সন্থাৰ সমূহ কাৰ্যনিৰ্বাহক সদস্য, সকলো জিলাৰ পৰা অহা আমোলা সদস্য সকল উপস্থিত থাকে।