ASSAM GOVT: লোক ভৱনত ৰাজ্যপালৰ ওচৰত মুখ্যমন্ত্ৰীৰ পদত্যাগ পত্ৰ দাখিল
লোক ভৱনত ৰাজ্যপালৰ ওচৰত মুখ্যমন্ত্ৰীৰ পদত্যাগ পত্ৰ দাখিল

DD TIMES গুৱাহাটী, ৬ মে’, ২০২৬ : আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোক ভৱনত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যপালগৰাকীক বৰ্তমানৰ পঞ্চদশ অসম বিধানসভাখন ভংগ কৰিবলৈও অনুৰোধ জনায়।
নতুন মন্ত্ৰী পৰিষদ গঠন নোহোৱালৈকে ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীক তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই যাবলৈ আহ্বান জনায়।
ইয়াৰ লগতে তেওঁ বৰ্তমানৰ পঞ্চদশ অসম বিধানসভাখন ভংগ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে জনোৱা অনুৰোধো গ্ৰহণ কৰে।

