Radio Drama Festival: অনাতাঁৰ নাট সমাৰোহ-২০২৬ত ‘প্ৰেমৰ জলপ্ৰপাত’ পৰিৱেশন
অনাতাঁৰ নাট সমাৰোহ-২০২৬ত অসম নাট্য সন্মিলন সোণাৰি শাখাৰ ‘প্ৰেমৰ জলপ্ৰপাত’ৰ সফল পৰিৱেশন

DD TIMES সোণাৰি, ২৮ ফেব্ৰুৱাৰীঃ অপেছাদাৰী নাট্য-চৰ্চা আগবঢ়ায় লৈ যোৱাৰ ক্ষেত্ৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই অভিনৱ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ২০২০ বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰা “অনাতাঁৰ নাট সমাৰোহ”ত (Radio Drama Festival) অসম নাট্য সন্মিলনৰ সোণাৰি শাখাই চতুৰ্থবাৰৰ বাবে নাট পৰিৱেশন কৰিছে।
২০২৬ বৰ্ষৰ এই নাট সমাৰোহত উজনি অসমৰ নিৰ্বাচিত ১৩টা অপেছাদাৰী নাট্যদলে অংশগ্রহণ কৰিছে। ২০২৬ বৰ্ষৰ এই সমাৰোহত অসম নাট্য সন্মিলন সোণাৰি শাখাই
সাম্প্রতিক যুৱ উশৃংখলতাক কেন্দ্ৰ কৰি বিশিষ্ট নাট্যকাৰ দীপক কুমাৰ কলিতাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত অনাতাঁৰ নাট “প্ৰেমৰ জলপ্ৰপাত” (The Falls of Love) সফলভাৱে পৰিৱেশিত হয়।
সোণাৰি শাখাই মঞ্চস্থ কৰা নাটকখনত অভিনয় কৰে দীপক কুমাৰ কলিতা, শশাংক দাস, খুনজুৰাজ গগৈ, নিৰ্মল গগৈ, অচ্যুত বৰা, দেৱযানী দত্ত, পূৰ্ৱায়ন ক্ষেত্ৰপাল, চিন্ময় ভূঞা, স্বপ্ননীল লুখুৰাখন, ময়ুৰী দেৱী চেতিয়া, শ্যামঞ্জিতা আৰন্ধৰা, দ্বীপজ্যোতি চেতিয়া, মনজিৎ দাস, ৰাজদ্বীপ গগৈয়ে।
নেপথ্য কন্ঠশিল্পী আৰাধ্যা শ্যামে নাটখনিক অধিক মনোমোহা কৰি তোলে। নাটকখনিত সংগীত পৰিচালনা কৰে প্ৰৱাল গগৈয়ে। নাটকখনি প্ৰযোজনা কৰিছে ইন্দিৰা মৰঙে।
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই অপেছাদাৰী নাট্য দলসমূহক একত্ৰিত কৰি গ্ৰহণ কৰা এই পদক্ষেপে অসমৰ নাট্য আন্দোলনটি অধিক সক্ৰিয় কৰি তুলিছে। বৰ্তমানৰলৈকে পৰিৱেশন হোৱা নাটসমূহে শ্ৰুতাৰ বিপুল সমাদৰ লাভ কৰিছে।
উল্লেখযোগ্য যে এই নাটসমূহ শ্ৰুতাই গুগলত উপলব্ধ ‘আকাশবাণী ডিব্ৰুগড়’ৰ বেৱচাইটত শ্ৰৱণ কৰিব পাৰিব।

