অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Actress Beena Patangia: মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী বীণা পটংগীয়াক ‘ভোলা কলিতা সোঁৱৰণী বঁটা’ প্ৰদান

Spread the love

তেজপুৰত মনোজ্ঞ অনুষ্ঠানত বিশিষ্ট মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী বীণা পটংগীয়াক “ভোলা কলিতা সোঁৱৰণী বঁটা” প্ৰদান

তেজপুৰ সাহিত্য সভা আৰু বাণ থিয়েটাৰৰ উদ্যোগত ‘নটসূৰ্য্য ফণী শৰ্মা বঁটা’প্ৰাপক ভোলা কলিতাৰ ১০০ সংখ্যক ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি -স্মৃতিচাৰণ আৰু বঁটা প্ৰদান অনুষ্ঠানত বিদ্বৎ সমাজৰ শ্ৰদ্ধাঞ্জলি

তেজপুৰৰ নাট্য জগতৰ থ্ৰী মাছকেটিয়াৰ্ছ আছিল নটসূৰ্য্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভোলা কলিতাঃ ঐশ্বৰ্য্য কাকতি

DD TIMES তেজপুৰ, ২৮ ফেব্ৰুৱাৰীঃ নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক তেজপুৰৰ বিশিষ্ট মঞ্চ আৰু ভাওনা শিল্পী, ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, আদৰ্শ কৃষক আৰু দক্ষ খেলুৱৈ ভোলা কলিতাৰ আজি ১০০ সংখ্যক ওপজা দিনটোত তেজপুৰৰ বিদ্বৎ সমাজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু বাণ থিয়েটাৰৰ সহযোগত অনুষ্ঠিত এক বিশেষ শ্ৰদ্ধাঞ্জলি, স্মৃতিচাৰণ আৰু বঁটা প্ৰদান অনুষ্ঠানত (Actress Beena Patangia) বিশিষ্ট মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী বীণা পটংগীয়াক “ভোলা কলিতা সোঁৱৰণী বঁটা “প্ৰদান কৰা হয়। (Bhola Kalita Memorial Award)

তেজপুৰ সাহিত্য সভা ভৱনত বিয়লিৰ পৰা তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস আৰু বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ যৌথ পৌৰোহিত্যত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি আৰম্ভ হয় বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীৰ আদৰণী ভাষণেৰে।

বাণ থিয়েটাৰৰ সম্পাদক তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়াই জিতুমণি দেৱচৌধুৰীয়ে ভোলা কলিতা জীৱিত অৱস্থাৰ পৰাই তেজপুৰ সাহিত্য সভা আৰু বাণ থিয়েটাৰে বিশিষ্ট অভিনয় শিল্পীগৰাকীক উদ্বুদ্ধ কৰি ২৮ ফেব্ৰুৱাৰীৰ দিনটোত ওপজা দিন উদযাপন কৰি অহাৰ পিছত তেখেত পৰলোকপ্ৰাপ্তি ঘটাত তাৰ পিছৰ বৰ্ষৰ পৰাই বিশেষ স্মৃতিচাৰণ আৰু পৰৱৰ্তী সময়ত ৰাজ্যখনৰ বিশিষ্ট অভিনয় শিল্পীক নিৰ্বাচন কৰি ‘ভোলা কলিতা সোঁৱৰণী বঁটা’ প্ৰদান কৰি অহা হৈছে।

আনহাতে অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি বিশিষ্ট নাট্যকাৰ-পৰিচালক তথা প্ৰাবন্ধিক ঐশ্বৰ্য্য কাকতিয়ে ভোলা কলিতাৰ বিশেষ স্মৃতিচাৰণ কৰে।ভাষণত ভোলা কলিতাৰ বিশেষ ব্যক্তিত্বৰ বিভিন্ন দিশ স্মৰণ কৰি কয় -সেই সময়ত তেজপুৰৰ নাট্য জগতৰ থ্ৰী মাছকেটিয়াৰ্ছ আছিল নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু ভোলা কলিতা।

প্ৰতিভাৰ অমল উৎস স্বৰূপ নাট্য শিল্পী ভোলা কলিতা আন দুগৰাকীৰ দৰেই আমাৰ বাবে আছিল অনুপ্ৰেৰণাৰ আকৰ সদৃশ। মঞ্চ উপযোগী কণ্ঠস্বৰ, দেহাবয়ব আৰু শিল্প চেতনাই অসমৰ এগৰাকী দুৰন্ত শিল্পীৰূপে তেখেতক গঢ়ি তুলিছিল।

একেধাৰে ভাওনা শিল্পী, চলচ্চিত্ৰ অভিনেতা, মঞ্চ অভানেতা, অনাতাঁৰ শিল্পী ভোলা কলিতাৰ শিল্পী জীৱন বহুমাত্ৰিক আছিল। সকলো মানুহক হৃদয়ৰ আকুলতাৰে ভাল পাব পৰা শিল্পী আছিল ভোলা কলিতা।

নাটক কৰা বুলিয়েই নহয় সামাজিক দায়বদ্ধতা থকা এগৰাকী ব্যক্তি হিচাপেও ভোলা কলিতাই সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰে।

উল্লেখ্য যে ইয়াৰ পিছতেই সভাপতি দ্বয় আৰু বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিৰ লগতে আন অতিথি সকলৰ লগতে ভোলা কলিতাৰ সহধৰ্মিনী নৰেশ্বৰী কলিতা, দুই শিল্পী পুত্ৰ হিৰক জ্যোতি কলিতা, বিকাশ জ্যোতি কলিতা, কন্যা চয়নিকা কলিতা, নয়নিকা কলিতা, বোৱাৰী আল্পনা বৰা আৰু বুলি কলিতাৰ জৰিয়তে তেজপুৰৰ বিধায়ক তথা নাট্যশিল্পী পৃথ্বিৰাজ ৰাভাই গামোচা, চল, বিশেষ স্মাৰক, বিশেষ বঁটা, প্ৰশস্তি পত্ৰ আৰু নগদ ধনেৰে বিশিষ্ট মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী বীণা পটংগীয়াক ‘ভোলা কলিতা সোঁৱৰণী বঁটা’ প্ৰদান কৰে ।

অনুষ্ঠানটিত মুখ্য অতিথি উপস্থিত থকা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাইও ভোলা কলিতাৰ অভিনয় প্ৰতিভা একক আৰু অনন্য আছিল বুলি মন্তব্য কৰি বাণ থিয়েটাৰৰ মঞ্চৰ লগতে বিভিন্ন নামঘৰৰ ভাওনাসমূহত ৰূপায়ণ কৰা বিভিন্ন চৰিত্ৰত কৰা বলিষ্ঠ অভিনয়ৰ প্ৰসংগ উল্লেখ কৰে।

আনহাতে অনুষ্ঠানটিত বিশিষ্ট অভিনেতা তথা বাণ থিয়েটাৰৰ উপসভাপতি মৃগেন চন্দ্র বড়াই ভোলা কলিতাই বিভিন্ন ভাওনা আৰু মঞ্চ নাটকত অতি দক্ষতাৰে ৰূপায়ণ কৰা শকুনিৰ প্ৰতিশোধ নাটকৰ দুৰ্যোধনৰ এটি সংলাপ পৰিৱেশন কৰাৰ লগতে বাণ থিয়েটাৰৰ সভাপতি, বিশিষ্ট গীতিকাৰ সুৰকাৰ বংকিম শৰ্মাই কেতেকীবাৰী গাঁৱৰ এগৰাকী আদৰ্শ কৃষক হিচাপে খেতি পথাৰৰ পৰা নামঘৰৰ ভাওনাগৰকী বাণ থিয়েটাৰৰ মজিয়া স্পৰ্শ কৰি কৃষি পথাৰৰ পৰা শিল্পকলা ক্ষেত্ৰখনৰ বিকাশ আৰু উত্তৰণৰ বাবে নিৰলসভাৱে সাধনা অব্যাহত ৰখা ভোলা কলিতাই কেতিয়াও নিজৰ নাম যশৰ বাবে সমাজৰ কাম কৰা নাছিল আৰু অভিনয়ো কৰা নাছিল বুলি মন্তব্য।

এগৰাকী নিস্বাৰ্থ সমাজ সংগঠক ভোলা কলিতা বাণ থিয়েটাৰৰ সভাপতি হৈ থকাৰ সময়ত তেজপুৰৰ সকলোকে একত্ৰিত কৰি বাণ থিয়েটাৰৰ সামগ্ৰীক উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল বুলিও মন্তব্য কৰে। এগৰাকী সাধনা লব্ধ নিষ্ঠাবান শিল্পী আছিল বাবেই প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীৰ ওপজা দিনৰ অনুষ্ঠানটিত তেজপুৰৰ বিদ্বৎ সমাজ উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে বুলি মন্তব্য কৰে।

উদ্যোক্তা তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাসে শলাগ জ্ঞাপন কৰা আৰু ভোলা কলিতাৰ জ্যেষ্ঠ শিল্পী পুত্ৰ হিৰক জ্যোতি কলিতাইও পিতৃৰ জীৱন -দৰ্শন আৰু কৰ্মনিষ্ঠা আলোকপাত কৰা অনুষ্ঠানটিত নিজৰ অনুভৱ সদৰি কৰি বঁটা প্ৰাপক বীণা পটংগীয়াই মোৰ কৰ্মক্ষেত্ৰখনত নিৰ্বিঘ্নে বিচৰণ কৰিবলৈ সাহস, অনুপ্ৰেৰণা যোগোৱা নাট্যশিল্পী ভোলা কলিতাদেৱৰ স্মৃতিচাৰণ অনুষ্ঠানত মোক এইদৰে সন্মান জনোৱাৰ এই সময়খিনি মোৰ জীৱনৰ পৰম প্ৰাপ্তি।

ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ পৰা অসমীয়া চলচ্চিত্ৰ জগতখনত খোজ কাঢ়িবলৈ শিকোৱা জাহ্নু বৰুৱাদেৱক এই চেগতে মই প্ৰণিপাত জনাইছোঁ। তেজপুৰবাসী আৰু অসমবাসী ৰাইজৰ ওচৰত কৃতজ্ঞতাৰে আজীৱন বান্ধ খাই ৰৈছোঁ বুলি একপ্ৰকাৰ আৱেগিক হৈ পৰে বহুকেইখন চলচ্চিত্ৰ, বহুকেইখন ধাৰাবাহিক আৰু অসংখ্য মঞ্চ নাটকত অভিনয় কৰা বীণা পটংগীয়া।

উল্লেখ্য ইয়াৰ আগতে ভোলা কলিতাৰ সহধৰ্মিনী নৰেশ্বৰী কলিতাই প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৰিয়ালৰ সকলো সদস্যৰ লগতে শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ভূপেন শইকীয়া, বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতি, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমেশ চন্দ্ৰ কলিতা, বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগম, অৱসৰপ্ৰাপ্ত অধ্যাপিকা কল্পনা বৰুৱা, বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাস, প্ৰাক্তন সভাপতি দিলীপ বৰা, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি নবীন চন্দ্ৰ লহকৰ, প্ৰবীণ লেখিকা মায়া শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা মিনু দেৱী, বিশিষ্ট সমাজকৰ্মী জয়ন্তী গোস্বামী, বাণ থিয়েটাৰৰ সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, শোণিতপুৰ শিল্পী সমাজ প্ৰাক্তন সম্পাদক ভূপেন বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° যতীন্দ্ৰ কুমাৰ চৌধাৰী, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সম্পাদক বিক্ৰম কুমাৰ বৰা, নাট্যকাৰ-পৰিচালক দিগন্ত কুমাৰ ভূঞা,বাণ থিয়েটাৰৰ সম্পাদক দেৱব্ৰত শৰ্মা, বিশিষ্ট সমাজকৰ্মী শেখৰ বৰুৱা, বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য তাজ হুছেইন, বাণ থিয়েটাৰৰ কোষাধক্ষ জ্যোতি প্ৰসাদ গোস্বামী, কেতেকীবাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি বিবেক শইকীয়া, মহাদেৱ শৰ্মা শাখা সাহিত্য সভাৰ সম্পাদক সত্যদেৱ শৰ্মা, তেজপুৰ সাহিত্য সভাৰ উপসভাপতি দ্বীজেন নাথ, প্ৰবীণ কন্ঠশিল্পী অজিৎ দাসকে ধৰি বিশিষ্ট ব্যক্তি সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!