অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Biswa Onaatar Diwas: বিশ্ব অনাঁতাৰ দিৱসত শিল্পী প্ৰতিভা দেৱীক ‘লোকশিল্পী বঁটা’ প্ৰদান

Spread the love

জাজৰিৰ বৰমণিপুৰত বিশ্ব অনাঁতাৰ দিৱস উদযাপন

শিল্পী প্ৰতিভা দেৱীক লোকশিল্পী বঁটা-২০২৬ প্ৰদান

DD TIMES বেবেজীয়া, ১৫ ফ্ৰেব্ৰুৱাৰীঃ “ৰেডিঅ’ই জনসাধাৰণৰ মাজত যুগ যুগ ধৰি বিভিন্ন তথ্যৰ লগতে মানুহৰ মনোৰঞ্জনৰ অভাৱ পুৰণ কৰি আহিছে। শিশুৰ পৰা বৃদ্ধলৈ ভিন্ন ধৰণৰ মাধ্যমৰ যোগেদি এক দীঘলীয়া যাত্রাৰে ৰেডিঅ’ বৰ্তমান সময়তো এক শক্তিশালী গণমাধ্যম। ছাত্র-ছাত্রীসকলে ৰেডিঅ’ অনুষ্ঠান সমূহৰ জৰিয়তে জীৱনৰ জ্ঞান অহৰণ কৰিব পাৰে।” -এই মন্তব্য মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ সঞ্চালক ৰাহুল দেৱ বৰদলৈৰ।

১৩ ফ্ৰেব্ৰুৱাৰীত মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই নগাঁও-মৰিগাঁও জিলাৰ সীমামুৰীয়া অঞ্চল বৰমণিপুৰত অৱস্থিত শংকৰ-আজান জাতীয় বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা বিশ্ব অনাঁতাৰ দিৱসৰ মুকলি সভাত বক্তব্য ৰাখি বৰদলৈয়ে এনেদৰে কয়।

বিশিষ্ট সমাজকৰ্মী নোমল চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে শ্ৰোতা সংঘৰ মূখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ, বিদ্যালয়খনৰ প্ৰধান শিক্ষক আবিদুৰ ৰহমান, লোকশিল্পী মিলেশ্বৰ ডেকা, চহা শিল্পী সুৰেশ হাজৰিকা, দূৰ্গাপ্ৰসাদ নাথকে ধৰি বহু সংখ্যক ৰাইজ।

অনুষ্ঠানৰ আৰম্ভণিতে সোনতৰা বৰদলৈ আৰু সংগী সকলৰ কণ্ঠত নাম পৰিবেশন, সুৰেশ হাজৰিকাই পৰিবেশন কৰা খগেন মহন্তৰ কালজয়ী গীতৰ পিছতে ছাত্র-ছাত্রী সকলৰ মাজত বিচিত্রা অনুষ্ঠান অনুষ্ঠিত হয়।

এই সভাতে মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই প্ৰবৰ্তন কৰা লোকশিল্পী বঁটা-২০২৬ প্ৰতিভা দেৱীলৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই বঁটাৰ লগত এখনি ফুলাম গামোছা, চেলেং চাদৰ, জাপি, এটি স্মাৰক আৰু সম্বৰ্ধনা পত্র আছে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা ৯ বজাত এখন বাহনত এটা বৃহৎ আকাৰৰ ৰেডিঅ’ লৈ নগাঁও চহৰৰ মাজেৰে ঘুৰাই ৰাইদঙীয়া, চকলাঘাট, মাজগাঁৱেৰে আহি এক ব্যতিক্ৰমী ভ্ৰমণ সূচীৰে ১১ বজাত সভাস্থলিলৈ অহা হয়।

মূল সভাৰ আগেয়ে ছাত্র-ছাত্রীসকলৰ মাজত চিত্রাংকণ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগীতা অনুষ্ঠিত হয়। বিয়লি ৩ বজাত অনুষ্ঠানৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!