অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Mowamoriya Bidroh: শেনছোৱাত মোৱামৰীয়া বিদ্ৰোহৰ শ্বহীদসকলৰ স্মৃতিত তোৰণ উন্মোচন

Spread the love

শেনছোৱাত মোৱামৰীয়া বিদ্ৰোহৰ শ্বহীদসকলৰ স্মৃতিত তোৰণ উন্মোচন

বিজেপি চৰকাৰে মঠ-মন্দিৰ, গুৰুজনাৰ সৃষ্টি নামঘৰকে ধৰি উপাসনা গৃহসমূহক এক নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছেঃ বিধায়ক শৰ্মা

DD TIMES বেবেজীয়া, ১৫ ফ্ৰেব্ৰুৱাৰীঃ আহোম ৰাজত্বকালৰ শেষৰফালে আহোমৰ ৰাজশাসন কঁপাই তোলা ইতিহাসপ্ৰসিদ্ধ মোৱামৰীয়া বিদ্ৰোহৰ শ্বহীদ সকলৰ স্মৃতিত আজি নগাঁও জিলাৰ শেনছোৱা মোৱামাৰী কুঁহত ১৭৮৫ চনৰ মোৱামৰীয়া বিদ্ৰোহৰ শ্বহীদসকলৰ স্মৃতিত স্মৃতি তোৰণ উন্মোচনৰ এটি অনুষ্ঠান অনুষ্ঠিত হয়।

ইতিহাসত পোৱা যায় যে মোৱামৰীয়া বিদ্ৰোহৰ বিদ্ৰোহী সকলক আহোমে হত্যা কৰাৰ পিছত সেই শৱ সমূহক নগাঁও জিলাৰ শেনছোৱা কুমাৰগাঁও আৰু এলেঙীসত্ৰৰ মাজৰ তিনিআলিৰ এটা জলাশয়ত সৎকাৰ কৰা হৈছিল। এই সৎকাৰস্থলী অৰ্থাৎ বৰ্তমানৰ শেনচোৱা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপত আজি মোৱামৰীয়া শ্বহীদসকলৰ স্মৃতিত এখন বৃহৎ তোৰণ শুভ-উন্মোচন কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

নগাঁও সদৰ সমষ্টিৰ বিধায়ক পুঁজি আৰু শেনছোৱা গাওঁ পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মিত তোৰণখন উন্মোচন কৰি বিধায়ক ৰূপক শৰ্মাই ভাষণত কয় যে আহোম ৰাজত্বকালৰ শেষৰফালে হোৱা মোৱামৰীয়া বিদ্ৰোহৰ সেই মোৱামাৰীয়া শ্বহীদ সকলৰ স্মৃতিত নিৰ্মিত এই তোৰণখনেই নহয় শেনচোৱাৰ এই ইতিহাসপ্ৰসিদ্ধ স্থানক পৰ্যটনস্থলীৰূপে গঢ়ি তোলা হ’ব।

লগতে বিধায়ক শৰ্মাই কয় যে ইতিহাসে আমাক পৌৰাণিক সমলৰ লগতে ভৱিষ্যতৰ বাবেও দিক দৰ্শন কৰে। লগতে তেওঁ কয় যে জাতি-মাটি-ভেটিৰ বাবে যুঁজি অহা বিজেপি চৰকাৰখনে মঠ-মন্দিৰ, সত্ৰীয়া-সংস্কৃতি, গুৰুজনাৰ সৃষ্টি নামঘৰকে ধৰি উপাসনা গৃহসমূহক এক নতুন ৰূপত গঢ়ি তুলিছে।

অবৈধ লোকক উচ্ছেদ কৰি গুৰুজনাৰ জন্মভূমিকো পৰ্যটনৰ কেন্দ্ৰস্থলৰূপে গঢ়ি তোলাটো এক অভূতপূৰ্ব কৰ্ম। তেওঁ ভাষণত লগতে মোৱামাৰী কুঁহ আৰু মায়ামৰা সমাজক এই কৰ্মৰাজিৰ বাবে শলাগ লয়।

মোৱামাৰী কুঁহ উন্নয়ন সমিতিৰ সভাপতি ৰেৱত দাস আৰু সংস্কৃতিবান যুৱক তথা শেনচোৱা গাওঁ পঞ্চায়তৰ সচিব লেনিন মহন্তই
আঁতধৰা অনুষ্ঠানটিত বিধায়ক শৰ্মাই উক্ত ঠাইখিনিক ৰাজ্যখনৰ ভিতৰতে এক পৰ্যটকৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । গায়ন-বায়ন, সত্ৰীয়া সংস্কৃতি, মাংগলিক অনুষ্ঠানেৰে মুখৰিত তোৰণ উন্মোচন অনুষ্ঠানটি শেনচোৱা গাওঁ পঞ্চায়তৰ সভাপতি ববিতা ৰাজখোৱা, বিশিষ্ট ক্ৰীড়া সংগঠক শচীন্দ্ৰ দেৱ মহন্ত, মোৱামাৰী কুঁহ উন্নয়ন সমিতিৰ সম্পাদক শশীকান্ত দাস, শেনচোৱা গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য জ্যোতিপ্ৰসাদ দাস, শেনচোৱাৰ গাওঁ পঞ্চায়তৰ উপসভাপতি ভগীৰথ দাস, ৱাৰ্ড সদস্য মন্টু আহমেদ হাজৰিকা, শেনচোৱা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাজীৱ বৰা, সমাজকৰ্মী সত্যন্দ্ৰ শইকীয়া,সত্ৰাধিকাৰ অশোক মহন্ত, সমাজকৰ্মী তৰুণ মহন্তকে ধৰি বৃহত্তৰ অঞ্চলটোৰ চাৰি শতাধিক মহিলা, কামপুৰ ঘিলানী আৰু দেওধৰ অঞ্চলৰ মায়ামৰা সমাজৰ অগণন ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে । উল্লেখ্য যে জাতীয় সাজ-পাৰেৰে সুশোভিত অহা অগণন লোকৰ উপস্থিতিয়ে এক আধ্যাত্মিক পৰিবেশৰো সূচনা কৰা দেখা যায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!