Budget 2026–27: চমকৰ সলনি স্থিৰতাঃ বাজেট ২০২৬-২৭
চমকৰ সলনি স্থিৰতাঃ বাজেট ২০২৬–২৭

DD TIMESত লিখিছে সত্যব্ৰত বৰাই
কেন্দ্ৰীয় বাজেট ২০২৬–২৭ য়ে ভাৰতীয় অৰ্থনীতিত এখন গুৰুত্বপূৰ্ণ নথি হিচাপে আত্মপ্ৰকাশ কৰিছে। এই বাজেটখন এনে এটা সময়ত আহিছে যেতিয়া বিশ্ব অৰ্থনীতি অনিশ্চয়তা, ৰাজনৈতিক উত্তেজনা, যুদ্ধ, বাণিজ্যিক সংঘাত আৰু প্ৰযুক্তিগত পৰিৱর্তনৰ মাজেৰে আগবাঢ়ি আছে। কোভিড মহামাৰীৰ পিছত বিশ্বজুৰি অৰ্থনৈতিক পুনৰুদ্ধাৰ অসমান হৈ পৰিছে। এনে পৰিস্থিতিত ভাৰতৰ বাবে স্থিৰতা বজাই ৰাখি বিকাশৰ পথত আগবাঢ়ি যোৱাটো সহজ কাম নহয়। এই প্ৰেক্ষাপটতেই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে উপস্থাপন কৰা নতুন বাজেটখন একে সময়তে বিশ্বাসযোগ্য আৰু দায়িত্বশীল বুলি ক’ব পাৰি।

বাজেটখনৰ মূল দৰ্শন হৈছে সাহসিকতাৰ নামত দুঃসাহসিকতা নকৰা আৰু চমকপ্ৰদ ঘোষণা নকৰি বহুমুখী আৰু ধীৰে ধীৰে আগবাঢ়ি যোৱা নীতি অৱলম্বন কৰা।

চৰকাৰে বুজি পাইছে যে বৰ্তমানৰ সময়ত অৰ্থনৈতিক সংস্কাৰ মানেই একেলগে ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱা নহয়, বৰঞ্চ ইতিমধ্যে গ্ৰহণ কৰা সংস্কাৰসমূহক শক্তিশালী কৰা, ব্যৱস্থাপনাগত দক্ষতা বৃদ্ধি কৰা আৰু ৰাজহুৱা বিশ্বাস অটুট ৰখাটোৱেই হৈছে প্ৰধান কৰ্তব্য। বাজেটখনত সেই মনোভাৱ স্পষ্টকৈ প্ৰতিফলিত হৈছে।

কেন্দ্ৰীয় বাজেট ২০২৬–২৭ৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে ৰাজহুৱা মূলধনী ব্যয়ৰ ওপৰত অব্যাহত গুৰুত্ব। চৰকাৰে আন্তঃগাঁথনি খণ্ডত ১২.২ লাখ কোটি টকাৰ ব্যৱস্থা কৰিছে, যিটো বৰ্তমানৰ বিশ্ব পৰিস্থিতিত এক গুৰুত্বপূৰ্ণ আৰু সাহসী সিদ্ধান্ত।
পথ, ৰেলপথ, বন্দৰ, নগৰীয় আন্তঃগাঁথনি আৰু লজিষ্টিক ব্যৱস্থাত বিনিয়োগ বৃদ্ধি পালে কেৱল কাম-কাজ সৃষ্টি নহয়, বৰঞ্চ অৰ্থনীতিত দীঘলীয়া সময়ৰ উৎপাদনক্ষমতাও বৃদ্ধি পাব।

বিগত কেইবছৰত দেখা গৈছে যে ৰাজহুৱা ব্যয়ে ব্যক্তিগত বিনিয়োগকো উৎসাহিত কৰিছে। বাজেটখনে সেই ধাৰাবাহিকতা বজাই ৰাখিছে, কিন্তু কোনো অবিবেচক ব্যয়ৰ পথে নোযোৱাকৈ।
আৰ্থিক শৃঙ্খলা আৰু ৰাজকোষীয় দায়িত্ব এই বাজেটৰ আন এটা শক্তিশালী স্তম্ভ। চৰকাৰে ৰাজকোষীয় ঘাটি লাহে ধীৰে হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে।
আকস্মিক ব্যয় সংকোচন বা কৰ বৃদ্ধি নকৰি ৰাজহ বৃদ্ধি, ব্যয়ৰ দক্ষতা আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ৰাজকোষীয় সমতুল্যতা বজাই ৰাখিবলৈ চেষ্টা কৰা হৈছে। এই দৃষ্টিভংগী বিনিয়োগকাৰী, ৰেটিং সংস্থা আৰু ৰাজ্য চৰকাৰসমূহৰ বাবে ইতিবাচক সংকেত।
অৰ্থনীতিত বিশ্বাস স্থাপন কৰাটো কেতিয়াবা বৃদ্ধিৰ হাৰ বৃদ্ধি কৰাতকৈয়ো অধিক গুৰুত্বপূৰ্ণ হৈ পৰে।
এই বাজেটখনত প্ৰযুক্তিৰ ভূমিকাক এক নতুন উচ্চতালৈ লৈ যোৱা হৈছে।
কৃত্ৰিম বুদ্ধিমত্তাক শাসন ব্যৱস্থা আৰু উৎপাদনক্ষমতাৰ এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে চিহ্নিত কৰা হৈছে। এই কথা কেৱল ভাষণৰ সীমাত আবদ্ধ নহৈ নীতিগত স্তৰতো প্ৰতিফলিত হৈছে। প্ৰশাসনিক কাম-কাজত প্ৰযুক্তিৰ ব্যৱহাৰে সেৱা প্ৰদান অধিক স্বচ্ছ, দ্ৰুত আৰু ফলপ্ৰসূ কৰিব পাৰে।
ইয়াৰ জৰিয়তে অপচয় কম হ’ব, নীতি নিৰ্ধাৰণ অধিক তথ্যভিত্তিক হ’ব আৰু নাগৰিকৰ বিশ্বাস বৃদ্ধি পাব। এনে ধৰণৰ দৃষ্টিভংগী ভাৰতক আগন্তুক সময়ৰ ডিজিটেল শাসনৰ বাবে সাজু কৰি তুলিব পাৰে।
প্ৰযুক্তি আৰু উৎপাদন ক্ষেত্ৰতো বাজেটখন যথেষ্ট সচেতন। ছেমিকণ্ডাক্টৰ মিছন ২.০ৰ ঘোষণা কেৱল এটা উদ্যোগিক প্ৰস্তাৱ নহয়। ই ভাৰতৰ কৌশলগত ভৱিষ্যতৰ লগতো জড়িত।
আধুনিক বিশ্বত ছেমিকণ্ডাক্টৰ কেৱল ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাণৰ উপাদান নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় সুৰক্ষা, ডিজিটেল স্বাধীনতা আৰু অৰ্থনৈতিক স্থিতিশীলতাৰ এক গুৰুত্বপূৰ্ণ উপাদান।
চৰকাৰে একেলগে সম্পূৰ্ণ আত্মনিৰ্ভৰ হোৱাৰ কথা কোৱা নাই বৰং পৰিৱেশ সৃষ্টি, ষ্টাৰ্টআপ সমৰ্থন আৰু দীঘলীয়া সময়ৰ বিনিয়োগৰ ওপৰত গুৰুত্ব দিছে। সুসংগঠিত পদ্ধতিয়ে নীতিগত বিশ্বাসযোগ্যতা বৃদ্ধি কৰিব।
কেন্দ্ৰীয় বাজেট ২০২৬–২৭ৰ আন এটা উল্লেখযোগ্য দিশ হৈছে উত্তৰ-পূব ভাৰতৰ ওপৰত বিশেষ মনোযোগ। ঐতিহাসিকভাৱে অৱহেলিত এই অঞ্চলটোৰ বাবে বাজেটত যিবোৰ প্ৰস্তাৱ কৰা হৈছে সেইয়া উন্নয়নৰ লগতে সংহতি আৰু সমতা স্থাপনৰ এক প্ৰচেষ্টা।
ছয়খন ৰাজ্য জুৰি বৌদ্ধ পৰ্যটন পথৰ বিকাশে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে পৰ্যটন অৰ্থনীতিকো শক্তিশালী কৰিব। অগৰ গছৰ খেতিত সমৰ্থন আগবঢ়োৱাটো অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ আৰু পৰম্পৰাগত জ্ঞানক সন্মান জনোৱা এক পদক্ষেপ।
শিল্প কৰিডৰ স্থাপনৰ প্ৰস্তাৱে উত্তৰ-পূবক ৰাষ্ট্ৰীয় উৎপাদন শৃংখলাৰ লগত অধিক সংযুক্ত কৰিব পাৰে।
উত্তৰ-পূবত ৪ হাজাৰ বিদ্যুৎচালিত বাছ সেৱা প্ৰৱৰ্তনৰ প্ৰস্তাৱ বিশেষভাৱে গুৰুত্বপূৰ্ণ। ই একেলগে বহুকেইটা লক্ষ্য পূৰণ কৰিব।
যাতায়াত ব্যৱস্থা উন্নত হ’ব, পৰিৱেশ প্ৰদূষণ কম হ’ব, নতুন কৰ্মসংস্থান সৃষ্টি হ’ব আৰু অঞ্চলটোৰ অন্তৰ্ভুক্তিমূলক বিকাশ সম্ভৱ হ’ব। ইয়াৰ লগতে নতুন পৰ্যটন বিকাশৰ পৰিকল্পনাই দীৰ্ঘস্থায়ী পৰ্যটনৰ জৰিয়তে আয় আৰু চাকৰিৰ সুযোগ সৃষ্টি কৰিব পাৰে।
কৰ্মসংস্থান সৃষ্টিৰ বিষয়টো এই বাজেটত প্ৰত্যক্ষভাৱে বৃহৎ ঘোষণাৰে কৰা হোৱা নাই কিন্তু পৰোক্ষভাৱে বহুকেইটা ক্ষেত্ৰত সন্নিবিষ্ট হৈছে। আন্তঃগাঁথনি, উৎপাদন, পৰ্যটন, কৃষি আৰু প্ৰযুক্তি সকলো ক্ষেত্ৰতেই কৰ্মসংস্থানৰ সম্ভাৱনা সৃষ্টি কৰা হৈছে। এইটো স্পষ্ট যে চৰকাৰে এখন একক আঁচনিৰে নিবনুৱা সমস্যাৰ সমাধান বিচৰা নাই, বৰঞ্চ অৰ্থনীতিৰ বিভিন্ন খণ্ডত সুযোগ সৃষ্টি কৰাৰ পথ লোৱা হৈছে।
কৃষি ক্ষেত্ৰতো বাজেটৰ দৃষ্টিভংগী বাস্তৱবাদী। বৃহৎ চৰকাৰী অনুদান বা ঋণ মাফৰ দৰে তৎকালীন সমাধানৰ সলনি উৎপাদনশীলতা, উচ্চমূল্য শস্য আৰু বজাৰ সংযোগৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ জৰিয়তে কৃষকসকলক দীঘলীয়া সময়ৰ আয়ৰ নিশ্চয়তা দিয়াৰ চেষ্টা কৰা হৈছে। পৰ্যটন আৰু কৃষিৰ মাজত সংযোগ স্থাপন কৰাৰ চিন্তাধাৰাই গ্ৰাম্য অৰ্থনীতিত নতুন সম্ভাৱনা মুকলি কৰিব পাৰে।
কৰ নীতিৰ ক্ষেত্ৰতো বাজেটখন সংযমী। কোনো নাটকীয় পৰিৱর্তনৰ ওপৰত গুৰুত্ব নিদি স্থিৰতা আৰু সৰলতাৰ ওপৰত গুৰুত্ব দিছে। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে কৰ ভিত্তি বহল কৰা আৰু স্বেচ্ছাসেৱী আনুগত্য বৃদ্ধি কৰাটো মূল লক্ষ্য। এই পদ্ধতিয়ে চৰকাৰ আৰু নাগৰিকৰ মাজত বিশ্বাসৰ সম্পৰ্ক দৃঢ় কৰিব।
সামাজিক খণ্ডত ব্যয় অব্যাহত আছে, কিন্তু লক্ষ্যভিত্তিক আৰু ফলাফলমুখী ৰূপত। স্বাস্থ্য, শিক্ষা আৰু পুষ্টিৰ ক্ষেত্ৰত প্ৰযুক্তিৰ সহায়ত সেৱা প্ৰদান উন্নত কৰাৰ প্ৰচেষ্টা চলিছে। অযথা আঁচনি বৃদ্ধি নকৰি বিদ্যমান আঁচনিসমূহৰ কাৰ্যকাৰিতা বৃদ্ধি কৰাটোৱেই হৈছে মূল লক্ষ্য।
এই বাজেটখন বিশ্বাসযোগ্য হোৱাৰ অন্যতম কাৰণ হৈছে ইয়াৰ ধাৰাবাহিকতা। বিগত কেইবছৰত চৰকাৰে যি নীতি পথ অনুসৰণ কৰি আহিছে, এই বাজেটখনো সেই পথৰ পৰা বিচ্যুত হোৱা নাই। ইয়াৰ ফলত নীতিগত স্থিৰতা থাকিব। একে সময়তে বাজেটখন সময়োপযোগীও, কিয়নো ই কৃত্ৰিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰৰ দৰে নতুন বাস্তৱতাক স্বীকাৰ কৰিছে।
কিছুমানে হয়তো ক’ব পাৰে যে এই বাজেটখনত বৃহয় সংস্কাৰৰ অভাৱ হৈছে। কিন্তু এই সমালোচনাই বৰ্তমানৰ বাস্তৱ পৰিস্থিতিক উপলব্ধি নকৰে। বৃহৎ সংস্কাৰৰ পিছত প্ৰয়োগ, সংশোধন আৰু প্ৰাতিষ্ঠানিক শক্তিশালীকৰণৰ সময় আহে। ইউনিয়ন বাজেট ২০২৬–২৭ সেই পৰ্যায়ৰ এক নিদৰ্শন।
বিশ্ব অৰ্থনীতিত যেতিয়া অনিশ্চয়তা বেছি, তেতিয়া স্থিৰতা বজাই ৰাখিব পৰাটো নিজেই এক সাফল্য। ভাৰতৰ অৰ্থনৈতিক স্থিতিস্থাপকতা এই সংযমী আৰু বাস্তৱবাদী নীতিতেই নিহিত। বাজেটখনে সেই শক্তিক অধিক মজবুত কৰিছে।
সামগ্ৰিকভাৱে চালে, কেন্দ্ৰীয় বাজেট ২০২৬–২৭ চমক সৃষ্টিৰ বাবে নহয়, বৰঞ্চ বিশ্বাস গঢ়াৰ বাবে প্ৰস্তুত কৰা এখন বাজেট। ই অতীতৰ লাভসমূহ সংহত কৰিব, বৰ্তমানৰ সমস্যাবিলাক হ্ৰাস কৰিব আৰু ভৱিষ্যতৰ বাবে শক্তিশালী ভিত্তি স্থাপন কৰিব। অনিশ্চিত বিশ্বত এনে এখন বিশ্বাসযোগ্য আৰু দায়িত্বশীল বাজেট ভাৰতৰ বাবে কেৱল প্ৰয়োজনীয়ই নহয়, অত্যাৱশ্যকীয়ও।

