অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

BLOOD BANK: নগাঁৱৰ ডিউ কেয়াৰ হাস্পতালত অত্যাধুনিক ব্লাড বেংক উদ্বোধন

Spread the love

নগাঁৱৰ ডিউ কেয়াৰ হাস্পতালত অত্যাধুনিক ব্লাড বেংক উদ্বোধন

মধ্য অসমৰ চিকিৎসা সেৱাত নতুন মাত্ৰা প্ৰদান কৰিবঃ সাংসদ প্ৰদ্যুৎ বৰদলৈ

DD TIMES নগাঁও, ৩০ জানুৱাৰীঃ মধ্য অসমৰ নগাঁও জিলাৰ চিকিৎসা সেৱা ক্ষেত্ৰত এক তথা গুৰুত্বপূর্ণ সংযোজন হিচাপে ডিউ কেয়াৰ হাস্পতালত দেওবাৰে সন্ধিয়া এটি আধুনিক ব্লাড বেংক আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

জনসংখ্যাৰ ফালৰ পৰা নগাঁও জিলাত কেৱল দুটা ব্লাড বেংক পর্যান্ত নহোৱাৰ পৰিপ্ৰেক্ষিতত, জৰুৰী সময়ত ৰক্তৰ অভাৱত ৰাইজে যাতে হাবাথুৰি খাবলগীয়া নহয়, সেই উদ্দেশ্যৰে এই ব্লাড বেংকটো স্থাপন কৰা হৈছে।

ডিউ কেয়াৰ হাস্পতালত স্থাপিত এই আধুনিক সুবিধা সম্পন্ন ব্লাড বেংকটোৱে অনাগত দিনত জৰুৰী চিকিৎসাৰ সময়ত সময়মতে ৰক্ত যোগান নিশ্চিত কৰি নগাঁও জিলাৰ ৰাইজক গুৰুত্বপূৰ্ণ সকাহ আগবঢ়াব বুলি আশা প্রকাশ কৰা হৈছে।


ব্লাড বেংকটো উদ্বোধন কৰি সাংসদ প্রদ্যুত বৰদলৈয়ে ডিউ কেয়াৰ হাস্পতালৰ এই উদ্যোগক প্রশংসা কৰি কয় যে, “স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত ডিউ কেয়াৰ হাস্পতালৰ এই পদক্ষেপ অতি প্রশংসনীয়। ব্লাড বেংক স্থাপনৰ জৰিয়তে নগাঁও জিলাৰ ৰাইজ বিশেষকৈ জৰুৰী সময়ত ডাঙৰ সুবিধা লাভ কৰিব আৰু এনে উদ্যোগে জনস্বাস্থ্য ব্যৱস্থাক অধিক শক্তিশালী কৰিব। আশা কৰিছোঁ, আগন্তুক দিনত স্বাস্থ্যখণ্ডত ইয়াতকৈ অধিক বিকাশ হ’ব।”


উল্লেখযোগ্য যে নগাওঁ জিলাৰ অন্যতম শ্রেষ্ঠ চিকিৎসক ডাঃ ফৰিদুল হুছেইনৰ নেতৃত্বত ২০১৫ চনত যাত্ৰা আৰম্ভ কৰা ডাউ কেয়াৰ হাস্পতালৰ এই অবিৰত আৰু দায়িত্বশীল চিকিৎসাসেৱাৰ জৰিয়তে ৰাইজৰ আস্থা অর্জন কৰি আহিছে।

ডাঃ ফৰিদুল হুছেইনে বিগত কেইবাবছৰ ধৰি ৰাইজৰ মাজত থাকি নিজৰ সমষ্টিৰ চিকিৎসা তথা অন্য ক্ষেত্ৰৰ বাবে অবিৰতভাৱে সেৱা আগবঢ়ায় আহিছে। অস্ত্রোপচাৰৰ ক্ষেত্ৰত নিজৰ মেধা তথা আধুনিক কৌশলৰ সফল প্ৰয়োগৰ বাবে দক্ষিণ আফ্রিকা, আমেৰিকা আদিৰ দৰে দেশৰ পৰা আন্তৰাষ্ট্ৰীয় স্বীকৃতিপ্রাপ্ত ডাঃ ফৰিদুল হুছেইনে বর্তমানলৈ বহুতো জটিল অস্ত্রোপচাৰ সম্পন্ন কৰিছে। তেওঁৰ অধীনত বর্তমানেও বিভিন্ন দেশৰ চিকিৎসকে প্রশিক্ষণ (Hands on training) লৈ আছে।


নিজৰ মত প্ৰকাশ কৰি চিকিৎসক গৰাকীয়ে কয় যে, “ডিউ কেয়াৰ হাস্পতালত আৰম্ভ কৰাৰ মূল উদ্দেশ্য আছিল নগাঁও জিলাৰ ৰাইজক উন্নতমানৰ চিকিৎসাসেৱা নিজৰ ঘৰৰ ওচৰতে প্ৰদান কৰা। এই ব্লাড বেংকটোৰ জৰিয়তে জৰুৰী সময়ত যাতে কোনো ৰোগী ৰক্তৰ অভাৱত সমস্যাত নপৰে, সেইটো নিশ্চিত কৰাই আমাৰ প্ৰধান লক্ষ্য। আগম্ভক দিনত আমি স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আৰু অধিক আধুনিক সুবিধা যোগ কৰি ৰাইজৰ সেৱাত আমি নিযোজিত হৈ থাকিম।


উন্নতমানৰ চিকিৎসাসেৱাৰে প্ৰতিষ্ঠানটোৱে ইতিমধ্যে নগাঁও জিলাত এক ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিছে আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল যাতে উপযুক্ত চিকিৎসাসেৱাৰ পৰা বঞ্চিত নহয়, সেই উদ্দেশ্যৰে প্ৰতিষ্ঠানটোৱে সদায় সহায়ৰ হাত আগবঢ়াই আহিছে।

ইয়াৰ পূৰ্বে, চিকিৎসাসেৱাৰ মান অধিক উন্নত কৰাৰ লক্ষ্যৰে এটি আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ড্ৰেগাৰ মডুলাৰ অপাৰেচন থিয়েটাৰো মুকলি কৰা হৈছিল, যিয়ে জটিল অস্ত্রোপচাৰৰ ক্ষেত্ৰত এক নতুন দিগন্ত উন্মোচন কৰিছে।

অনুষ্ঠানত শৈল চিকিৎসক ফৰিদুল হুছেইন, শিশু চিকিৎসক ডাঃ অনুজ বৰা,লাহৰীঘাট জিলা পৰিষদৰ সদস্য আবু জাহিৰ,মৈৰাৱাৰী জিলা পৰিষদৰ সদস্য ইজ্জত আলি,প্ৰাক্তন জিলা পৰিষদ সদস্য আজিজুৰ ৰহমান,ডিউ কেয়াৰ হাস্পতালৰ বিষয়ববীয়া আশ্ৰাফুল আদি উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!