NEW ASSAMESE FILM: গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসিত দীপ ভূঞাৰ ছবি ‘গণৰাগ’

গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসিত দীপ ভূঞাৰ ছবি ‘গণৰাগ’
DD TIMESত লিখিছে জিতমনি গগৈয়ে
যোৱা ২২-২৫ জানুৱাৰীত অনুষ্ঠিত দ্বিতীয় গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ অল্তিমদিনা ২৫ জানুৱাৰীত প্ৰদৰ্শিত হয় দীপ ভূঞা পৰিচালিত কথাছবি ‘গণৰাগ’ । উল্লেখ্য যে চলচ্চিত্ৰখন প্ৰথমবাৰৰ বাবে এই চলচ্চিত্ৰ মহোৎসৱতে প্ৰদৰ্শন কৰা হয়।

জ্যোতিচিত্ৰবনৰ বাকৰিত অনুষ্ঠিত দ্বিতীয় গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ এইবাৰ চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় । মহোৎসৱত ৫ টা অ’পেন মাইক ভাব বিনিময় সত্ৰ অনুষ্ঠিত হয় য’ত অংশগ্ৰহণ কৰে ১৪ বাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত পৰিচালক তথা পদ্মশ্ৰী বঁটাৰে সন্মানিত গিৰীশ কাচাৰাভল্লী, প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা অনুপম বোস, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত বিশিষ্ট চলচ্চিত্ৰ সমালোচক উৎপল বৰপূজাৰীৰ লগতে আমন্ত্ৰিত চলচ্চিত্ৰ সমালোচক, চিনেমেটোগ্ৰাফাৰ সকলে। মহোৎসৱত বিভিন্ন শাখাত ২৬ খনকৈ ছবি প্ৰৰ্দশনী হয়।
যোৱাবছৰ অনুষ্ঠিত প্ৰথম গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱত ছবি চোৱাৰ সুযোগ লাভ কৰাৰ লগতে এইবাৰো ২৪ আৰু ২৫ তাৰিখে এই মহোৎসৱত উপস্থিত থাকি ৪ খন ছবি উপভোগ কৰোঁ। ইয়াৰে অন্যতম ২৫ তাৰিখে দুপৰীয়া ১২:৩০ বজাত প্ৰদৰ্শিত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবি পৰিচালক তথা নিৰ্মাতা দীপ ভূঞাৰ ‘গণৰাগ’।
ছবিখনৰ বিষয়বস্তু হৈছে এটা ৰাজনৈতিক দলে আমাৰ অসমৰ প্ৰায় লুপ্ত হৈ আহিব ধৰা ওজাপালি দলক নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিলা হিচাপে ব্যৱহাৰ কৰে আৰু সাধাৰণ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়।
কিন্তু নিৰ্বাচনী প্ৰচাৰ চলি থকা সময়তে মূল ওজাজনৰ মৃতদেহ এদিন পথাৰৰ মাজত উদ্ধাৰ হয়। ইয়াতে নিৰ্বাচন প্ৰচাৰত ওজাপালি দল ব্যৱহাৰৰ যতি পৰে আৰু প্ৰচাৰৰ বাবে বিকল্প ওজাপালি দল বিচাৰি নাপায়।
ৰাজনৈতিক দলটোৰ এগৰাকী অন্যতম কৰ্মী হৈছে বীণা। বিকল্প দলৰ সন্ধান নোপোৱাত বীণা পুৰুষতান্ত্ৰিক সমাজৰ বিপৰীতে গৈ নিৰ্বাচন প্ৰচাৰৰ বাবে এটি মহিলা ওজাপালি দল গঠন কৰে। কিন্তু ছবিখনত ঘটনাই অন্যফালে মোৰ লয়।
ছবিখনত মূলত সমাজ পৰিবৰ্তনৰ ক্ষেত্ৰত আমাৰ পৰম্পৰাগত গীত-মাত, নাটক ইত্যাদি আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰি সেয়া প্ৰতিপন্ন কৰিছে৷ পৰিবৰ্তনৰ দিশত নাৰীশক্তিৰ ভূমিকা সবল ৰূপত দেখা গৈছে। ছবিখনত নায়ক-নায়িকা বিচাৰি পোৱা নাযায় ৷
কিন্তু এটা গীতহে ছবিখনৰ মূল নায়ক ৰূপত প্ৰতিষ্ঠা কৰা হৈছে। ৰাজনৈতিক ক্ষেত্ৰৰ পাকচক্ৰত শিল্পীসকল পোনপটীয়াকৈ যে জড়িত হ’ব নালাগে আৰু জড়িত হলে তাৰ ফল কি ভয়াৱহ হ’ব পাৰে অতি স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে। ইয়াৰ লগতে শিল্পীসকলৰ আৰ্থিক অৱস্থা আৰু সহজ-সৰল গ্ৰাম্য শিল্পীসকল কেনেদৰে শোষণৰ বলি হয় সুন্দৰৰূপত প্ৰতিফলিত হৈছে।
ছবিখনত এক স্বাভাৱিক আৰু বলিষ্ঠ ভূমিকা ৰূপায়ণ কৰিছে নৱাগতা বৰষা বন্দিতা খাউণ্ডে। প্ৰতিভা চৌধুৰীৰ অভিনয়ৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।
ছবিখনৰ বিশেষভাবে চিনেমেটোগ্ৰাফী, স্থান নিৰ্বাচন আৰু সম্পাদনা যথেষ্ট উচ্চ পৰ্যায়ৰ বুলি ধাৰণা হৈছে৷
প্ৰায় সকলোখিনি অপেচাদাৰী অভিনেতা- অভিনেত্ৰীৰ স্বতঃস্ফূৰ্ত অভিনয়ে বিশেষ মাত্ৰা প্ৰদান কৰিছে৷ এই ক্ষেত্ৰত ওজা আৰু ডাইনাপালীসকল, দিলীপ নাথ, বৰষা বন্দিতা খাউণ্ড, অভিনৱ হাজৰিকাৰ অভিনয় বৰ মন পৰশা হৈছে৷
বাকী সকলোৰে অভিনয় অতি সাৱলীল আৰু স্বতঃস্ফূৰ্ত। ছবিখন প্ৰযোজনা কৰিছে পৰিচালক দীপ ভূঞা আৰু অংকুমণি ৰয় শইকীয়াই ।
ছবিখনৰ প্ৰদৰ্শনীত উপস্থিত থাকে অসমীয়া ছবিজগতৰ পিতৃ পুৰুষ ৰূপ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ জীয়ৰী জ্ঞানশ্ৰী পাঠক বাইদেউ। শিক্ষাবিদ ড° সত্যেন্দ্ৰ কুমাৰ চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° প্ৰতাপ জ্যোতি সন্দিকৈ, গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কৰ্ন্দপ দাস, কটন বিশ্ববিদ্যালয়ৰ বহুকেইগৰাকী অধ্যাপক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা আৰু অনেক চলচ্চিত্ৰপ্ৰেমী এই উৎসৱত উপস্থিত থাকে।
প্ৰদশৰ্নীৰ শেষত ছবিখনৰ পৰিচালক, প্ৰযোজক, কলা-কুশলী সকলৰ সৈতে দৰ্শকৰ মত বিনিময় কাৰ্য্যসূচী অনুষ্ঠিত হ’য়৷ উপস্থিত দৰ্শকসকলে ছবিখন ভূয়সী প্ৰশংসা কৰে৷

