National Blind Cricket: দৃষ্টিহীন হৈও দৃঢ় মনোবলেৰে ৰাষ্ট্ৰীয় দৃষ্টিহীন ক্ৰিকেটত অসমৰ ছোৱালী দলৰ অনন্য যুঁজ
দৃষ্টিহীন হৈও দৃঢ় মনোবলেৰে ৰাষ্ট্ৰীয় দৃষ্টিহীন ক্ৰিকেটত অসমৰ ছোৱালী দলৰ অনন্য যুঁজ

DD TIMES গুৱাহাটী, ২২ জানুৱাৰীঃ ইণ্ডাছইণ্ড বেংকৰ পৃষ্ঠপোষকতাত আৰু ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট সন্থাৰ তত্ত্বাৱধানত ওড়িশাত অনুষ্ঠিত ইণ্ডাছইণ্ড বেংক ৰাষ্ট্ৰীয় মহিলা দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতাত অসম দলে আকৰ্ষণীয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাত হাৰিয়ানা মহিলা দৃষ্টিহীন ক্ৰিকেট দলৰ বিৰুদ্ধে অনুষ্ঠিত এখন হাই-স্ক’ৰিং মেচত অসম দলটোৱে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হয়। হাৰিয়ানা দলে নিৰ্ধাৰিত ২০ অভাৰত ২০০/৪ ৰানৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰে। প্ৰত্যুত্তৰত অসম মহিলা দৃষ্টিহীন ক্ৰিকেট দলে ২০ অভাৰত ১৫৬/৩ ৰান সংগ্ৰহ কৰে।

এই মেচত জাৰিনা খাতুনে (B2) ৬৩ বলত ৫৪ ৰানৰ এক প্ৰশংসনীয় ইনিংছ খেলি দলক আগুৱাই নিয়ে। লেহেমীয়া অভাৰ-ৰেটৰ বাবে দলটোৱে ৪২ ৰানৰ জৰিমনা ভৰিবলগীয়া হোৱাত হাৰিয়ানা দলে ৮৬ ৰানৰ ব্যৱধানত জয়লাভ কৰে।
এই মেচত অসমৰ হৈ কল্পনা নায়ক (B2) আৰু হিমাক্ষী দেৱীয়ে (B3) গুৰুত্বপূৰ্ণ উইকেট দখল কৰি সুন্দৰ বলিং প্ৰদৰ্শন কৰে।
আন এখন লীগ মেচত অসম মহিলা দলটোৱে পশ্চিমবংগৰ বিৰুদ্ধে ১৮.৩ অভাৰত ৪৯ ৰানত অলআউট হয়। অসম দলৰ হৈ আমিনা বেগম (B3)-এ ১৯ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক’ৰাৰ হিচাপে পৰিগণিত হয়।
প্ৰত্যুত্তৰত পশ্চিমবংগ মহিলা দলে ৫.১ অভাৰত ৫০ ৰানত ২ উইকেট হেৰুৱাই মেচখন ৮ উইকেটত সহজে জয়লাভ কৰে। পশ্চিমবংগ দলৰ শৃংখলাবদ্ধ বলিঙে আৰম্ভণিৰ পৰাই অসম দলৰ বেটিং লাইনআপক চাপত ৰাখে।
উল্লেখযোগ্য যে, এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ জৰিয়তে অসম মহিলা দৃষ্টিহীন ক্ৰিকেট দলে ৰাষ্ট্ৰীয় পৰ্যায়ত ভালেখিনি অভিজ্ঞতা অৰ্জন কৰে।
ফলাফল যিয়েই নহওক, খেলুৱৈসকলৰ অধ্যৱসায়, শ্ৰম আৰু প্ৰয়াসক সকলোৱে বিশেষভাৱে প্ৰশংসা কৰে। উক্ত প্ৰতিযোগিতাৰ ফাইনেলত ওড়িশা দলে মধ্যপ্ৰদেশ দলক হৰুৱাই বিজয় সাব্যস্ত কৰে।
প্ৰতিযোগিতাৰ পূৰ্বে CAB Assam, কেয়াৰ ইউ ৩৬৫ আৰু সদৌ অসম দৃষ্টিহীন ক্ৰিকেট সন্থাৰ যৌথ উদ্যোগত নাৰেংগীৰ ASEB খেলপথাৰত ১০ দিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছিল।
এই শিবিৰে খেলুৱৈসকলৰ দক্ষতা আৰু আত্মবিশ্বাস বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিবিৰকালত খেলুৱৈসকলক থকাৰ সুবিধা প্ৰদান কৰাৰ বাবে সুৰজমল জুহাৰমল সংগনেৰিয়া ধৰ্মশালা ট্ৰাষ্টক ধন্যবাদ জ্ঞাপন কৰা হয়।
সদৌ অসম দৃষ্টিহীন ক্ৰীড়া সন্থাৰ সচিব ৰাজদীপ দাকুৱা আৰু কেয়াৰ ইউ ৩৬৫ ৰ প্ৰকল্প সঞ্চালক তথা দলৰ পৰিচালক সুশীল পৌৰেলৰ নেতৃত্বত অসম মহিলা দৃষ্টিহীন ক্ৰিকেট দলে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ উপস্থিতি দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

