Santosh Trophy Football Tournament: সন্তোষ ট্ৰফী, কেৰেলা, মেঘালয়ৰ বিজয়, ৰে’লৱে বনাম চাৰ্ভিচেছৰ খেল দ্ৰ’
সন্তোষ ট্ৰফী, কেৰেলা, মেঘালয়ৰ বিজয়, ৰে’লৱে বনাম চাৰ্ভিচেছৰ খেল দ্ৰ’

DD TIMES চিলাপথাৰ, ২২ জানুৱাৰীঃ ৭৯ সংখ্যক সন্তোষ ট্ৰফীৰ মূল ৰাউণ্ডৰ দ্বিতীয় দিনৰ খেলত চিলাপথাৰত অনুষ্ঠিত হোৱা খেলত কেৰেলা দলে পাঞ্জাৱ দলক ৩-১ গলত, আৰু মেঘালয় দলে ওৰিষ্যা দলক ১-০ গলৰ ব্যৱধানত পৰাজিত কৰে। ঢকুৱাখনাত হোৱা খেলখনত ৰেলৱে আৰু চাৰ্ভিচেছ দলে ১-১ স্কৰলাইনত দ্ৰ খেলে।

দিনটোৰ প্ৰথমখন খেলত পাঞ্জাৱ দলে কেৰেলা দলৰ বিৰুদ্ধে প্ৰথম অৰ্ধত প্ৰভাৱ বিস্তাৰ কৰি জটিন্দৰ সিং ৰানাৰ হেডেৰে দিয়া গলৰ সহায়ত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। দ্বিতীয় অৰ্ধত ৰানাৰ্চ আপ কেৰেলা দলে নিজৰ খেলৰ চন্দ ঘূৰাই আনিবলৈ সক্ষম হয়।

মনোজ এমে প্ৰথমে ৫৫ মিনিটত ১-১ৰ সমতা স্থাপন কৰে। ইয়াৰ পিছত মহম্মদ আজচলে ক্ৰমে ৫৮ আৰু ৬২ মিনিটত দুটাকৈ গল স্কৰ কৰি কেৰেলাৰ বিজয় নিশ্চিত কৰে।

দিনৰ দুই বজাৰ পৰা সমান্তৰালভাৱে মেঘালয় বনাম ওৰিষ্যা, আৰু ৰে’লৱে বনাম চাৰ্ভিচেছৰ খেল অনুষ্ঠিত হয়।

বেবিচান্ডে ২৩ মিনিটত দিয়া একমাত্ৰ গলেৰে মেঘালয় দলে ওৰিষ্যা দলক পৰাজিত কৰি ৩ পইণ্ট লাভ কৰিবলৈ সক্ষম হয়।

ঢকুৱাখনাত হোৱা ৰেলৱে বনাম চাৰ্ভিচেছৰ খেলত চাৰ্ভিচেছৰ দলৰ খেলত চাৰ্ভিচেছৰ ৱাংদেন তামাঙ্গৰ এক দৰ্শনীয়া ফ্ৰী কীকেৰে দলক ১-০ অগ্ৰগতি দিয়ে।

দ্বিতীয় অৰ্ধত পাছা সিঙে ৰেলৱেৰ হৈ গল কৰি ১-১ৰ সমত স্থাপন কৰে। এইখন খেলত দুয়োটা দলেই গল কৰাৰ কেইবাটাও সুযোগ লাভ কৰিছিল যদিও গল কৰিবলৈ সক্ষম হয়, আৰু এক এক পইণ্ট ভগাই লয়।
২৩ জানুৱাৰীৰে ঢকুৱাখনাত ঘৰুৱা অসম দল নাগালেণ্ডৰ মুখামুখি হ’ব। খেলৰ সময় ৰাতিপুৱা ৯ বজা। দিনৰ অন্য দুখন খেল হৈছে পশ্চিমবংগ বনাম উত্তৰাখণ্ড, ঢকুৱাখনা খেলপথাৰত আৰু তামিলনাডু বনাম ৰাজস্থান, চিলাপথাৰ। খেলৰ সময়, দিনৰ ২ বজা।

