জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে এলানি গণতান্ত্ৰিক কাৰ্যসূচী মটক যুৱ-ছাত্ৰ সন্মিলনৰ
তিনিচুকীয়া, ৬ ছেপ্টেম্বৰঃ অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম ছাত্ৰ-যুৱ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ সম্মিলনৰ তিনিচুকীয়া জিলা সমিতিয়ে মটক জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে পূৰ্ণ স্বায়ত্ব শাসন প্ৰদান আৰু তিনিচুকীয়া জিলাৰ ঐতিহাসিক কীৰ্তি চিহ্নসমূহ বেদখল মুক্ত কৰি সৌন্দৰ্যবৰ্ধন কৰাৰ দাবীত শুকুৰবাৰে তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

সংগঠনটোৱে মটক জনগোষ্ঠীৰ ন্যায্য দাবীসমূহ ৰূপায়ণ কৰিবলৈ সুদীৰ্ঘদিনধৰি চৰকাৰক দৃষ্টি আকৰ্ষণ কৰি প্ৰতিবাদ জনাই আহিছে যদিও কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই।

সেয়েহে শুকুৰবাৰৰ পৰা ২০ অক্টোবৰ পৰ্যন্ত তেওঁলোকৰ দাবীসমূহ পুৰণ কৰাৰ আহ্বানেৰে গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি সংগঠনটোৰ জিলা ভাৰপ্ৰাপ্ত সভাপতি ভাস্কৰ গোঁহাই আৰু ভাৰপ্ৰাপ্ত সম্পাদক দিপাংকৰ চেতিয়াই জানিবলৈ দিয়ে।

শুকুৰবাৰে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত লোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৮ ছেপ্টেম্বৰলৈকে অব্যাহত থাকিব বুলিও প্ৰকাশ কৰিছে৷