অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Indian Lighthouse Festival 3.0: লাইটহাউছ পৰ্যটন বিগত দশকত পাঁচগুণ বৃদ্ধি পাইছেঃ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

Spread the love

ভাৰতীয় লাইটহাউচ ফেষ্টিভেল ৩.০ত সৰ্বানন্দ সোণোৱালে কয় যে লাইটহাউছ পৰ্যটন বিগত দশকত পাঁচগুণ বৃদ্ধি পাইছে

বিশাখাপত্তনমত ২৩০ কোটি টকাৰ বন্দৰ আন্তঃগাঁথনিৰ শুভ প্ৰকল্প উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ভাৰতীয় পূব উপকূলৰ প্ৰথম লাইটহাউছ সংগ্ৰহালয় ভিশাখাপত্তনমত স্থাপন কৰা হ’বঃ ভাৰতীয় লাইটহাউছ ফেষ্টিভেল ৩.০ত ঘোষণা কৰে সোণোৱালে

অসমত ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২)ক কেন্দ্ৰ কৰি চাৰিটা নতুন লাইটহাউছ শীঘ্ৰেই নিৰ্মাণ কৰা হ’বঃ সৰ্বানন্দ সোণোৱাল

দেশজুৰি অতিৰিক্তভাৱে ২৫টা লাইটহাউছ বিকশিত কৰা হ’ব

আই এম ইউৰ অধীনত বিশাখাপট্টনমত প্ৰথমটো চেণ্টাৰ অৱ এক্সেলেন্স “ইণ্ডিয়া শ্বিপ টেকন’লজি চেণ্টাৰ” স্থাপন কৰা হ’ব

DD TIMES বিশাখাপত্তনম, ১০ জানুৱাৰী, ২০২৬ঃ দুদিনীয়া ভাৰতীয় লাইটহাউছ ফেষ্টিভেল ৩.০ সফলতাৰে অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই অনুষ্ঠানে বিশাখাপত্তনমক ‘ভাৰতৰ সামুদ্ৰিক ঐতিহ্য আৰু উপকূলীয় সংস্কৃতিৰ এক প্ৰদীপ্ত প্ৰাণকেন্দ্ৰ’ হিচাপে প্ৰতিষ্ঠা কৰিছে।

ভাৰতীয় লাইটহাউছ ফেষ্টিভেল ৩.০-ৰ অধিবেশনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “লাইটহাউছ ফেষ্টিভেলত প্ৰতিফলিত হৈছে লোকসংস্কৃতি আৰু ঐতিহ্যৰ উদযাপন। ৰাতিৰ আলোকসজ্জাই বিশাখাপত্তনমক ভাৰতৰ উপকূলীয় পৰিচয়ৰ এক জীৱন্ত উদযাপনলৈ পৰিণত কৰিছে। বিভিন্ন স্তৰৰ লোকৰ সক্ৰিয় অংশগ্ৰহণে এই উৎসৱক মুখৰিত কৰি তুলিছে।”

অধিবেশনত সৰ্বানন্দ সোণোৱালে ভাৰতৰ পূব উপকূলৰ প্ৰথম লাইটহাউছ সংগ্ৰহালয় বিশাখাপত্তনমত গঢ়ি তোলাৰ কথা ঘোষণা কৰে। এই সংগ্ৰহালয়ক সামুদ্ৰিক শিক্ষা, ঐতিহ্য সংৰক্ষণ আৰু পৰ্যটন প্ৰসাৰৰ কেন্দ্ৰ হিচাপে কল্পনা কৰা হৈছে। সম্প্ৰতি দেশৰ ৭৫টা লাইটহাউছক পৰ্যটনৰ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ সফলতাৰ ওপৰত ভিত্তি কৰি সোণোৱালে কয় যে চৰকাৰে এতিয়া দেশজুৰি অতিৰিক্ত ২৫টা লাইটহাউছ গঢ়ি তোলাৰ প্ৰস্তাৱ দিছে, বিশেষকৈ অন্ধ্ৰপ্ৰদেশত অধিক উপযুক্ত স্থান চিনাক্ত কৰি লাইটহাউছ-নিৰ্ভৰ পৰ্যটনক অধিক বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰা হৈছে।

দেশজুৰি অতিৰিক্তভাৱে ২৫টা লাইটহাউছ বিকশিত কৰা হ’ব আৰু আই এম ইউৰ অধীনত বিশাখাপট্টনমত প্ৰথমটো চেণ্টাৰ অৱ এক্সেলেন্স “ইণ্ডিয়া শ্বিপ টেকন’লজি চেণ্টাৰ” স্থাপন কৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়।

সৰ্বানন্দ সোণোৱালে দেশজুৰি সামুদ্ৰিক সুৰক্ষা, ঐতিহ্য আৰু পৰ্যটনক শক্তিশালী কৰাৰ লক্ষ্যৰে কেইবাটাও নতুন পদক্ষেপৰ বিষয়ে ঘোষণা কৰে। তেওঁ কয় যে অসমত ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ মহাবাহু ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি বগীবিল, শিলঘাট, পাণ্ডু আৰু বিশ্বনাথঘাটত চাৰিটা নতুন লাইটহাউছ নিৰ্মাণ কৰা হ’ব যাতে অভ্যন্তৰীণ জলপথত নৌ-চলাচলৰ সুৰক্ষা বৃদ্ধি পায়।

তদুপৰি সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি প্ৰতিশ্ৰুতিবদ্ধ যে আমাৰ লাইটহাউছবোৰ কেৱল উপকূলতেই নহয়, বিভিন্ন সম্প্ৰদায়ৰ মনতো উজ্জ্বল হৈ থাকিব। এই উৎসৱৰ সফলতাই স্পষ্টভাৱে প্ৰমাণ কৰিছে যে লাইটহাউছ পৰ্যটনে স্থানীয় জীৱিকা সৃষ্টি কৰিব পাৰে, সামুদ্ৰিক সচেতনতা বৃদ্ধি কৰিব পাৰে আৰু উপকূলীয় সম্প্ৰদায় আৰু তেওঁলোকৰ সামুদ্ৰিক ইতিহাসৰ বিষয়ে সজাগ কৰিব পাৰে।”

বিশাখাপত্তনম বন্দৰ কৰ্তৃপক্ষ (VPA) আৰু লাইটহাউছ আৰু লাইটশ্বিপৰ সঞ্চালকালয়ৰ (DGLL)ৰ মাজত এখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হয়, ইয়াৰ লক্ষ্য হৈছে বিশাখাপত্তনমত লাইটহাউছ সংগ্ৰহালয় গঢ়ি তোলা, যিয়ে ভাৰতৰ পূব উপকূলত লাইটহাউছ-নিৰ্ভৰ পৰ্যটনক এক বৃহৎ উৎসাহ যোগাব।

মোদী চৰকাৰৰ লাইটহাউছ পৰ্যটনৰ প্ৰসাৰৰ প্ৰতিশ্ৰুতিত গুৰুত্ব আৰোপ কৰি সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স (NMHC)ত ৭৭ মিটাৰ উচ্চতাৰ লাইটহাউছ সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে ২৬৬ কোটি টকাৰ বিনিয়োগেৰে, যিটো বিশ্বৰ অন্যতম ডাঙৰ সামুদ্ৰিক সংগ্ৰহালয় হ’ব বুলি কল্পনা কৰা হৈছে আৰু লাইটহাউছ সংগ্ৰহালয়টি বিশ্বৰ আটাইতকৈ ওখ হিচাপে পৰিগণিত হ’ব। এই গাঁথনিয়ে লাইটহাউছৰ ইতিহাস আৰু বিৱৰ্তন প্ৰদৰ্শন কৰিব, লগতে ভাৰতৰ ক্ৰমবৰ্ধমান সামুদ্ৰিক উচ্চাকাংক্ষাৰ এক শক্তিশালী প্ৰতীক হিচাপে ই থিয় হ’ব।

ভাৰতীয় লাইটহাউছ ফেষ্টিভেল ৩.০-ৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশাখাপত্তনম বন্দৰত ২৩০ কোটি টকাৰ বন্দৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন কৰে।

এই প্ৰকল্পসমূহে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা, জাহাজ মেৰামতিৰ সামৰ্থ্য বৃদ্ধি কৰা, প্ৰশাসনিক পৰিকাঠামোৰ আধুনিকীকৰণ কৰা আৰু বন্দৰত বাসস্থান সুবিধা উন্নত কৰাৰ লক্ষ্য ৰাখিছে। ই চৰকাৰৰ বিশ্বমানৰ, ভৱিষ্যতমুখী সামুদ্ৰিক পৰিকাঠামো গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখিছে৷

এই অনুষ্ঠানত ভাষণ দি সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ বন্দৰসমূহক অৰ্থনৈতিক বৃদ্ধি, সুৰক্ষা আৰু বিশ্বমানৰ প্ৰতিযোগিতাৰ ইঞ্জিনলৈ ৰূপান্তৰিত কৰা হৈছে। আজি বিশাখাপত্তনম বন্দৰত শুভ উদ্বোধন কৰা পদক্ষেপসমূহে সামৰ্থ্য, সুৰক্ষা আৰু কাৰ্যক্ষমতা শক্তিশালী কৰিছে, আধুনিক সামুদ্ৰিক দ্বাৰ হিচাপে সুসংহত কৰিছে আৰু ভাৰতৰ পূব উপকূলক শক্তিশালী কৰিছে। আমাৰ সামূহিক লক্ষ্য বিকশিত ভাৰত আৰু ভাৰতক বিশ্বৰ শীৰ্ষ সামুদ্ৰিক ৰাষ্ট্ৰসমূহৰ ভিতৰত স্থান দিয়াৰ দিশত অগ্ৰসৰ কৰোৱা।”

ভাৰতৰ সামুদ্ৰিক খণ্ডত বিগত দশকত নীতিগত আৰু পৰিকাঠামো সংস্কাৰৰ জৰিয়তে যথেষ্ট ৰূপান্তৰ ঘটিছে। ২০২৪–২৫ চনত দেশৰ ১২টা প্ৰধান বন্দৰে ৮৫৫ মিলিয়ন টন কাৰ্গো সঞ্চালন কৰিছে আৰু গড় জাহাজ ঘূৰ্ণন সময় ২০১৪ চনৰ ৯৬ ঘণ্টাৰ পৰা ২০২৫ চনত ৪৯.৫ ঘণ্টালৈ হ্ৰাস পাইছে, যাৰ ফলত ভাৰতীয় বন্দৰসমূহে বিশ্বৰ আটাইতকৈ কাৰ্যক্ষম বন্দৰৰ ভিতৰত স্থান লাভ কৰিছে। আজি নটা ভাৰতীয় বন্দৰে বিশ্বৰ শীৰ্ষ ১০০টাৰ ভিতৰত স্থান লাভ কৰিছে, বিশাখাপত্তনম বন্দৰে কণ্টেইনাৰ ট্ৰেফিকত শীৰ্ষ ২০ত স্থান লাভ কৰিছে। এই গতি সাগৰমালা কাৰ্যসূচীৰ দ্বাৰা অধিক শক্তিশালী হৈছে, য’ত ২৭২টা প্ৰকল্প ১.৪১ লাখ কোটি টকাৰে সম্পূৰ্ণ কৰা হৈছে, লগতে অভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱন ঘটিছে, য’ত কাৰ্গো চলাচল ৭০০%ৰো অধিক বৃদ্ধি পাই প্ৰায় ১৫০ মিলিয়ন টন বছৰি হৈছে।

ভাৰতীয় লাইটহাউছ ফেষ্টিভেলৰ তৃতীয় সংস্কৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ভাৰতৰ পূৰ্বৰ উপ-ৰাষ্ট্ৰপতি ভেঙ্কাইয়া নাইডুৰ দ্বাৰা শুভ উদ্বোধন কৰা হৈছিল। এই দুদিনীয়া সাংস্কৃতিক মহোৎসৱত পৰম্পৰাগত খাদ্য, উৎসৱ উদযাপন, নৃত্য আৰু নাটক প্ৰদৰ্শন, মত বিনিময় কাৰ্যকলাপ, উপকূলীয় সুস্বাদু খাদ্যৰ সোৱাদ অন্তৰ্ভুক্ত আছিল।

সামৰণী অধিবেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত উপস্থিত থাকে পৰ্যটন, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপী, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব বিজয় কুমাৰ, বিশাখাপত্তনম আৰু মুম্বাই বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ এম. অংগমুথু প্ৰমুখ্যে স্থানীয় জনপ্ৰতিনিধি।

১১,০০০ কিলোমিটাৰৰো অধিক উপকূলৰেখা আৰু ২০৫টা লাইটহাউছ থকা ভাৰতে এই ঐতিহাসিক সামুদ্ৰিক প্ৰহৰীক সজীৱ পৰ্যটন আৰু সাংস্কৃতিক গন্তব্যস্থান হিচাপে পুনৰুজ্জীৱিত কৰিবলৈ আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!