অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Chutia Students’ Union: মিছিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত তালিকাভুক্ত কৰিলে ৰক্তাক্ত হ’ব উত্তৰ অসমঃ চুতীয়া ছাত্ৰ সন্থা

Spread the love

মিছিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত তালিকাভুক্ত কৰিলে ৰক্তাক্ত হ’ব উত্তৰ অসমঃ চুতীয়া ছাত্ৰ সন্থা

DD TIMES গুৱাহাটী, ৯ জানুৱাৰীঃ মিছিং স্বায়ত্তশাসিত পৰিষদকে ধৰি ৰাজ্যৰ কে’বাখনো স্বায়ত্তশাসিত পৰিষদক চৰকাৰে ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণৰ প্ৰস্তুতি চলাইছে।

মিছিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত তালিকাভুক্তকৰণ কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই।

সংগঠনটোৱে স্পষ্ট কৰি দিছে যে ধেমাজি, লখিমপুৰ আৰু মাজুলী জিলাত যিমান সংখ্যক মিছিং জনগোষ্ঠীৰ জনগোষ্ঠী আছে, সম সংখ্যক চুতীয়া জনগোষ্ঠীৰ লোকেও উক্ত অঞ্চলত বাস কৰে।

আজিৰ দিনটোত এই জিলা কেইখনত জনজাতি লোকৰ জনসংখ্যাতকৈ জনজাতিৰ স্বীকৃতি লাভ নকৰা জনগোষ্ঠীৰ জন সংখ্যা সৰহ। তেনেস্থলত মিছিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত তালিকাভুক্ত কৰিলে উত্তৰ অসম ৰক্তাক্ত হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে।

এক প্ৰেছ বাৰ্তাত চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা আৰু সাধাৰণ সম্পাদক ৰাজু চুতীয়াই কয় যে আজিৰ মিছিং স্বায়ত্তশাসিত পৰিষদৰ অধীনত বহু চুতীয়া অধ্যুষিত গাঁও অন্তৰ্ভুক্ত হৈ আছে।

পৰিষদৰ সমষ্টিসমূহৰ পৰা চুতীয়া জনগোষ্ঠীৰ পৰিয়ালসূমূহৰ নাম কৰ্তন কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী জনাই অহা হৈছে। ঠাই বিশেষে সংঘাতৰ সৃষ্টি হৈছে।

তেনে পৰিস্থিতিত চৰকাৰে আগন্তুক নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মিছিং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰি ভ্ৰাতৃঘাতী সংঘাত লগোৱাৰ প্ৰয়াস কৰিছে নেকি বুলি সংগঠনটোৰ নেতাদ্বয়ে প্ৰশ্ন কৰে।

তেওঁলোকে স্পষ্ট কৰি দিয়ে যে চুতীয়া জনগোষ্ঠীৰ লগত আলোচনা নকৰাকৈ চৰকাৰে এনে কোনো সিদ্ধান্ত ল’ব নোৱাৰিব।

যদি কাৰো লগত আলোচনা নকৰাকৈ একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত এনে সিদ্ধান্ত গ্ৰহণ কৰে, সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ বাবে মূলত চৰকাৰেই জগৰীয়া হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!