From Majuli to Bagibil: মাজুলীৰ পৰা বগীবিললৈ মথাউৰিটো ৰাজ্যিক ঘাইপথ হিচাপে দ্বৈত লেনৰে নিৰ্মাণ কৰা হ’বঃ ঢকুৱাখনাত ড° হিমন্ত বিশ্ব শৰ্মা
মাজুলীৰ পৰা বগীবিললৈ মথাউৰিটো ৰাজ্যিক ঘাইপথ হিচাপে দ্বৈত লেনৰে নিৰ্মাণ কৰা হ’বঃ ঢকুৱাখনাত ড° হিমন্ত বিশ্ব শৰ্মা
ঢকুৱাখনাত ২৯৫ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ

DD TIMES ঢকুৱাখনা, ৭ জানুৱাৰীঃ আজি বিয়লি ঢকুৱাখনাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঢকুৱাখনা সমষ্টিৰ উন্নয়নৰ বাবে ২৯৮ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ কৰে। উল্লেখ্য, ধেমাজিৰ পৰা আকাশী পথেৰে আহি ঘিলামৰাত উপস্থিত হৈ ৩৬ হেজাৰ মহিলাক মহিলা উদ্যমীতা আচনিৰ চেক বিতৰণ কৰে।

তাৰ পৰা পথেৰে গৈ পোনে পোনে মাতমৰাত এখন সভাত অংশগ্ৰহণ কৰে।এই সভাত মুখ্যমন্ত্ৰীয়ে-“মাজুলীৰ পৰা বগীবিল দলং পৰ্যন্ত সমগ্ৰ মথাউৰিটো ৰাজ্যিক ঘাইপথৰূপে দ্বৈত লেনৰ পথ হিচাপে নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে।
ঢকুৱাখনা সম-জিলাৰ লগতে মাজুলী জিলাৰ সুৰক্ষা কৱচ স্বৰূপ চিচি-টেকেলিফুটা মথাউৰিৰ মাতমৰা জিৰ’ পইণ্টত মথাউৰিৰ দক্ষিণ দিশত অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ বক্ষৰ চাপৰিত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি নিজৰ ভাষণত তেওঁ এই কথা ঘোষণা কৰে।
সভাখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এচিয়ান ডেভেলপমেণ্ট বেংকৰ অৰ্থ সাহায্যৰে চিচি -টেকেলিফুটা মথাউৰিৰ সুৰক্ষাৰ বাবে গৰা খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰথম পৰ্যায়ৰ ১৫০ কোটি টকাৰ এখন আঁচনিৰ কামৰ শুভাৰম্ভ কৰে।

উক্ত স্থানৰ পৰাই অসম বিখ্যাত ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু তলীৰ সংবৰ্ধন আৰু প্ৰসাৰৰ বাবে ৪০ কোটি টকাৰ এখন আঁচনিৰ কামৰো শুভাৰম্ভ কৰে। ইয়াৰোপৰি ঢকুৱাখনা সম-জিলাৰ অসামৰিক চিকিৎসালয়খন ২০০খন বিচনা যুক্ত চিকিৎসালয়লৈ উন্নীত কৰা আন এখন আচঁনিৰ শুভাৰম্ভ কৰাৰ লগতে ঐতিহ্যমণ্ডিত বৈষ্ণৱপীঠ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ উন্নয়নৰ বাবে ১৫ আৰু তেওঁৰ কোটি টকাৰ এখন আঁচনিৰ কামৰো শুভাৰম্ভ কৰে।
উক্ত সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিচি -টেকেলিফুটা মথাউৰিৰ সুৰক্ষাৰ বাবে (প্ৰথম ৮ কিলোমিটাৰ) প্ৰথম পৰ্যায়ত ১৫০ কোটি টকা প্ৰদান কৰাৰ দৰে বাকী অংশ (১৮ কিলোমিটাৰ) সুৰক্ষা কৰাৰ বাবে পৰ্যায় ক্ৰমে প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰা হ’ব। সভাখনত আদৰণি ভাষণ দি স্থানীয় বিধায়ক নৱ কুমাৰ দলেই কয় যে, মাজুলী জিলাৰ প্ৰায় ৫ লাখ নাগৰিকৰ জীৱন -জীৱিকা আৰু ভৌগোলিক অস্তিত্বৰ সুৰক্ষা কৱচ চিচি -টেকেলিফুটা মথাউৰি।
২০১১ চন পৰ্যন্ত এই মথাউৰিটোৰ কোনোবা নহয় কোনোবা অংশত চিঙি ঢকুৱাখনা আৰু মাজুলীৰ জীৱন যাত্ৰা দুৰ্বিষহ কৰাৰ লগতে সকলো ধৰণৰ আন্তঃগাঠনি তচনচ কৰি উন্নয়ন স্থবিৰ কৰি তুলিছিল।
২০১১ চনত ভাৰতৰ ভিতৰত জিঅ’টিউবেৰে প্ৰথমটো মথাউৰি নিৰ্মাণ কৰাৰ পিছত এসময়ত কেৱল বানপানীৰ বাবে অসম বিখ্যাত ঢকুৱাখনা সম-জিলাৰ লগতে মাজুলী জিলাত বিজেপি দলৰ চৰকাৰৰ শাসনকালত উন্নয়নৰ ধাৰা আশাতীত ভাৱে আগবাঢ়িছে।
ইয়াৰ পূৰ্বে প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত নিৰ্ধাৰিত সময়তকৈ প্ৰায় ডেৰ ঘণ্টা পলমকৈ মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীৰ মাজত ১০ হাজাৰ টকাৰ চেক বিতৰণৰ বাবে ঢকুৱাখনা সম-জিলাৰ অন্তৰ্গত ঘিলামৰাৰ চেকচেকি পথাৰৰ সভাস্থলীত হেলিকপ্টাৰ যোগে উপস্থিত হয়।
সতীৰ্থ মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা স্থানীয় বিধায়ক নৱ কুমাৰ দলে, বিধায়ক ভূৱন গামৰ উপস্থিতিত মহিলা উদ্যমিতা আঁচনিৰ ৩৬ হাজাৰ ৫০ গৰাকী মহিলাৰ মাজত চেক বিতৰণ কৰে।চেক বিতৰণ কৰি দিয়া নিজৰ ভাষণত ড০ শৰ্মাই কয় যে আজিৰ ঢকুৱাখনাৰ সভাখন অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত ৭০ সংখ্যক সভা আৰু তেওঁ নিজে উপস্থিত থকা ৫৮ সংখ্যক সভা।
এই আঁচনিৰ অধীনত অসমত এতিয়ালৈকে মুঠ ১৬ লাখ ৮৯ হাজাৰ ৬৪৫ গৰাকী মহিলা উপকৃত হৈছে। ইয়াৰে ৩ লাখতকৈ অধিক মহিলাই নিজকে লাখপতি বাইদেউলৈ উন্নীত কৰিবলৈ সক্ষম হৈছে। ঢকুৱাখনাতো ৭ হাজাৰতকৈ অধিক মহিলা লাখপতি বাইদেউ হৈছে।
অসমত এই আচঁনিৰ অধীনত ৩৬ হাজাৰ কোটি বিনিয়োগ কৰা হৈছে। মাতমৰাৰ পৰা মুখ্যমন্ত্ৰী ডঃ শৰ্মা ঢকুৱাখনা সম-জিলাৰ এখন অতিকৈ পুৰণি ১৭৭২ চনতে স্থাপিত ঐতিহাসিক জাগ্ৰত শক্তিপীঠ ঢকুৱাখনা জানৰ পাৰত দেৱলীয়া গাওঁত অৱস্থিত শ্ৰী শ্ৰী ঐশ্বৰীয় হাৰ্হি দেৱালয়ত উপস্থিত হয়।
দেৱালয়ত মুখ্যমন্ত্ৰী ড° শৰ্মাক চুতীয়া যুৱ সন্মিলন, অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এখন তামৰ ফলিৰে সম্বৰ্ধনা জনায়।মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দেৱালয়খনৰ মণিকোঠত থকা শ্ৰী দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তিৰ সন্মুখত সেৱা কৰি সান্ধ্যৰ আৰতিত অংশগ্ৰহণ কৰে।
তেওঁ দেৱালয়ৰ সংগ্ৰহালয়ত থকা ঐতিহাসিক সমলসমূহ পৰিদৰ্শন কৰি দেৱালয়খনৰ সংবৰ্ধনৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈ দেৱালয় উন্নয়ন সমিতিক আহ্বান জনায়। ইয়াৰ পিছত সন্ধিয়া ৭ বজাত ডঃ শৰ্মাই বিজেপি ঢকুৱাখনা জিলা সমিতিৰ নৱ নিৰ্মিত কাৰ্যালয় ভৱনটোৰ দ্বাৰ মুকলি কৰি এখন দলীয় সভাত অংশগ্ৰহণ কৰে।
এই সভাত মুখ্যমন্ত্ৰীয়ে- “ঢকুৱাখনাত বিজেপিৰ কোনো প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট নাই; গতিকে আপোনালোকে কাইলৈৰ পৰাই নৱ কুমাৰ দলেক বিপুল ভোটত জিকাবলৈ কাৰ্যত আগবাঢ়ক” বুলি মন্তব্য কৰে।তদুপৰি ঢকুৱাখনাত এখন জিলা পৰ্যায়ৰ ষ্টেডিয়াম,আৰু কৃষকৰ সুবিধাৰ্থে এটা শীতল গৃহ নিৰ্মাণৰো ঘোষণা কৰে।
মুখ্যমন্ত্ৰীৰ আটাইকেইটা কাৰ্যসূচীতে-শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু,সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ কুমাৰ দলেৰ লগতে বহুসংখ্যক বিজেপিৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।
ইফালে ঢকুৱাখনাৰ পৰা ৭ বজাত মুখ্যমন্ত্ৰী উত্তৰ লখিমপুৰ অভিমুখে ৰাওনা হয়।

