অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়কৃষিমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Sariohor Khetit Dron: সৰিয়হৰ খেতিত দ্ৰোণৰ জৰিয়তে নেনো ইউৰিয়া সাৰ প্ৰয়োগৰ প্ৰদৰ্শনৰ ব্যৱস্থা

Spread the love

পোতনী কমাৰ গাঁৱত কৃষক প্ৰশিক্ষণ শিবিৰ সম্পন্ন

সৰিয়হৰ খেতিত দ্ৰোণৰ জৰিয়তে নেনো ইউৰিয়া সাৰ প্ৰয়োগৰ প্ৰদৰ্শনৰ ব্যৱস্থা

DD TIMED নগাঁও,৭ জানুৱাৰীঃ নগাঁও জিলা কৃষি বিভাগৰ সৌজন্যত মধুবন দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ সহযোগত আজি পোতনি কমাৰ গাঁৱত এটি কৃষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।

ৰাষ্ট্ৰীয় ভোজ্য তেল আৰু তৈল বীজ অভিযানৰ অধীনত ননৈ কৃষি চক্ৰ এলেকাৰ কমাৰ গাঁও, ঘোগৰ জলাহ, বিহৰী গাঁও,তেলীয়া গাঁৱৰ তিনি শতাধিক কৃষক উপস্থিত থকা এই প্ৰশিক্ষণ শিবিৰত সৰিয়হৰ লগতে মচুৰ মাহৰ আদি দিশত প্ৰশিক্ষণ প্ৰদান কৰে চিলঙনী মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ কৃষি বিজ্ঞানী ডঃ বিনোদ কলিতা,ডঃ নৱজ্যোতি ভূঞা আৰু ডঃ হিৰণ্য দেৱনাথে।

এই প্ৰশিক্ষণ শিবিৰত সংশ্লিষ্ট বিভাগৰ বিষয়া সকলে কৃষকসকলৰ লগত তেওঁলোকৰ সমস্যা আৰু ইয়াৰ সমাধানৰ সন্দৰ্ভত আলোচনা কৰে।

উক্ত প্ৰশিক্ষণ শিবিৰত নগাঁও জিলা কৃষি বিষয়া নিখিল নাৰায়ন বৰুৱা, নগাঁও মহকুমা কৃষি বিষয়া ক্ৰমে অসীম পাঠক, মফিদুৰ ৰহমান (মৰাপাট), জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া কল্যাণ গোস্বামী, কৃষি উন্নয়ন বিষয়া মাধুৰ্য হাজৰিকা, কৃষি পৰিদৰ্শক দীপক শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক লাতু শৰ্মা, জ্যোতি হাজৰিকা, গৌৰী শংকৰ নাথ, জ্যেষ্ঠ নাগৰিক ধনীৰাম বৰা, শ্যাম বৰুৱা, শলিয়া শইকীয়া, মধুবন সমবায় সমিতিৰ সভাপতি নন্দেশ্বৰ শইকীয়া, সম্পাদক শৰৎ বৰা, সদস্য ক্ৰমে নগেন শইকীয়া, ভাৰত কাকতি, প্ৰাঞ্জল ভূঞা আদি উপস্থিত থাকে।

উক্ত প্ৰশিক্ষণ শিবিৰৰ অন্তত এই আঁচনিৰ অধীনত বৃহত্তৰ অঞ্চলটোত ৰূপায়ণ কৰি থকা প্ৰায় ২০০০ বিঘা সৰিয়হৰ প্ৰদৰ্শনমূলক খেতিত দ্ৰোণৰ জৰিয়তে নেনো ইউৰিয়া সাৰ প্ৰয়োগৰ প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!