অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ASSAM BOOKFAIR GUWAHATI: অসম গ্ৰন্থমেলা, গুৱাহাটীৰ সামৰণি- ১৪ দিনত ৭ কোটি ৪০ লাখ টকাৰ কিতাপ বিক্ৰীৰ অভিলেখ

Spread the love

১৪ দিনত ৭ কোটি ৪০ লাখ টকাৰ কিতাপ বিক্ৰীৰ অভিলেখেৰে সফল সামৰণি অসম গ্ৰন্থমেলা , গুৱাহাটীৰ

সাহিত্য-সংস্কৃতিৰ বৰ্ণিল কাৰ্যক্ৰমণিকাৰ সমাপ্তি ঘটাই নিজম পৰিল খানাপাৰা বাকৰি

গ্ৰন্থমেলাত পঢ়ুৱৈয়ে প্ৰধান অলংকাৰঃ ডাঃ ৰণোজ পেগু

ব্ৰহ্মপুত্ৰ নদীয়ে অসমক জীৱনীশক্তি প্ৰদান কৰিছেঃ পাৰমিতা শতপথী

সাহিত্য আৰু “পপুলিষ্ট লিটাৰাচাৰ”ৰ পাৰ্থক্য আছেঃ অৰূপ কুমাৰ দত্ত

গ্ৰন্থ বিপ্লৱ তৰান্বিত কৰিছে অসম গ্ৰন্থমেলাইঃ দিগন্ত বিশ্ব শৰ্মা

অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২৫ প্ৰদান

DD TIMES গুৱাহাটী, ৬ জানুৱাৰীঃ সাহিত্য-সংস্কৃতি, নাটক-ইতিহাসৰ এলানি বৰ্ণিল কাৰ্যক্ৰমণিকাৰে আয়োজন কৰা ১৪ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ সফল সামৰণি ঘটাই আজি নিজম পৰিল খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ ৷ এইবেলি অসম গ্ৰন্থমেলা , গুৱাহাটীত ১৪ দিনত ৭ কোটি ৪০ লাখ টকাৰ কিতাপ বিক্ৰীৰ অভিলেখ ৰচনা হৈছে ৷

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা এই গ্ৰন্থমেলাৰ আজি সামৰণী সভা অনুষ্ঠিত হয় ৷ সভাত মুখ্য অতিথিৰ আসন শুৱনি কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷

তেওঁ ভাষণত কয়— “ গীতৰ সভাত যেনেদৰে শ্ৰোতাই প্ৰধান অলংকাৰ; তেনেদৰে গ্ৰন্থমেলাত পঢ়ুৱৈয়ে প্ৰধান অলংকাৰ ৷ গ্ৰন্থমেলাত কিতাপ বিক্ৰীৰ পৰিসংখ্যাই আনন্দ দিছে ৷ মই সদায়ে কৈ আহিছোঁ যে কিতাপ পঢ়া মানুহৰ সংখ্যা কমা নাই ৷ কাৰণ মানুহে জ্ঞানৰ সাধনা কৰে ৷ প্ৰজ্ঞাৰ সাধনা কৰে ৷ জ্ঞান বা প্ৰজ্ঞাৰ মূল আধাৰ কিতাপ ৷ অৱশ্যে বহুতে ই-বুক পঢ়িবলৈ লৈছে ৷ তথাপি পঢ়ুৱৈৰ সংখ্যা কমা নাই ৷”

তেওঁ লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ লগতে আৱেগিক বুদ্ধিমত্তাৰো প্ৰয়োজন আছে ৷ প্ৰশান্তিৰ বাবে, মানসিক সন্তুলনৰ বাবে গান শুনা আৰু কিতাপ পঢ়াৰ প্ৰয়োজন ৷ কিতাপ পঢ়ি আমি প্ৰশান্তি আৰু প্ৰেৰণা লাভ কৰিব পাৰোঁ ৷ সেয়ে গ্ৰন্থ আন্দোলনৰ প্ৰয়োজন আছে ৷ অসম প্ৰকাশন পৰিষদে অনাগত সময়তো উৎসাহেৰে গ্ৰন্থমেলা আয়োজন কৰিব বুলি আশ্বাস প্ৰদান কৰে শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ পেগুৱে ৷

সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে সাহিত্য অকাডেমী সন্মান প্ৰাপক ওড়িষাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা শতপথীয়ে ৷ তেওঁ কয়— “ অসমত গ্ৰন্থক কেন্দ্ৰ কৰি যি উৎসৱ উদযাপিত হৈছে এয়া দেখি অভিভূত হৈ পৰিছোঁ ৷ এই পৰৱেশে নিশ্চিতি প্ৰদান কৰিছে যে গ্ৰন্থ কোনোদিনে শেষ হৈ নাযায় ৷অসম গ্ৰন্থমেলাত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ ৷”

অসমক দেশৰ ভিতৰতে মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ অন্যতম ৰাজ্য বুলি অভিহিত কৰি তেওঁ কয় যে ব্ৰহ্মপুত্ৰ নদীয়ে অসমক জীৱনীশক্তি প্ৰদান কৰিছে ৷ ইয়াৰ মানুহ, সাহিত্য-সংস্কৃতি, খাদ্যাভাস আৰু বেশভূষা অতি আকৰ্ষণীয় ৷ অসমৰ জ্ঞান চৰ্চাৰো ঐতিহাসিক সুনাম আছে ৷

সেইবাবেই অসমৰ সাহিত্য-সংস্কৃতি উন্নত মানৰ ৷ তেওঁ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ বাবে অসমবাসীক অভিনন্দন জনাই কয়— “ অসমীয়া আৰু উড়িয়া ভাষাৰ মিল আছে ৷ দুয়োটা ভাষাৰ প্ৰাচীনতম উৎসতে এই মিল ৰৈছে ৷ উড়িয়াৰ পৰা অসমীয়া আৰু অসমীয়াৰ পৰা উড়িয়ালৈ অধিক অনুবাদ হ’লে দুয়োটা ভাষা সমৃদ্ধ হ’ব ৷”

সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক-সাংবাদিক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই ভাষণ প্ৰসংগত কয় যে অসম গ্ৰন্থমেলা এতিয়া কলকতা গ্ৰন্থমেলাৰ সমতুল্য হৈছে ৷ ইয়াৰ দৃশ্যপট আৰু কিতাপ বিক্ৰীৰ পৰিসংখ্যাই এয়া প্ৰতিপন্ন কৰিছে ৷ এয়া ভাল লগা কথা ৷

ভাষণ প্ৰসংগত তেওঁ কয়——“প্ৰকৃত সাহিত্য আৰু প্ৰকৃত সাহিত্যিকে আমাক সত্যৰ সৈতে মুখামুখি কৰাই দিয়ে ৷ গতিকে প্ৰকৃত সাহিত্য সদায়ে থাকি যাব ৷ কিন্তু এতিয়া প্ৰকৃত সাহিত্যৰ প্ৰকাশ কমি অহা দেখা গৈছে ৷ ইয়াৰ বাবে পঢ়ুৱৈ সমাজো দায়ৱদ্ধ ৷

তেওঁলোকে প্ৰকৃত সাহিত্য আৰু জনপ্ৰিয় সাহিত্যিকৰ মাজৰ পাৰ্থক্য বুজি পাব লাগিব ৷ সাহিত্য আৰু ‘পপুলিষ্ট লিটাৰাচাৰ’ৰ পাৰ্থক্য আমি জানিবই লাগিব ৷” আন এগৰাকী বিশিষ্ট অতিথি, সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে অসমত গ্ৰন্থ বিপ্লৱ তৰান্বিত কৰিছে অসম গ্ৰন্থমেলাই ৷

কিন্তু আমি নিজক প্ৰশ্ন কৰাৰ সময় আহিছে যে সাহিত্যই প্ৰকৃত পোহৰ হেৰুৱাইছে নেকি ? যদি হেৰুৱাইছে তেন্তে পোহৰৰ বাট আমাক কোনে দেখুৱাব ? জ্যোতিপ্ৰসাদ আগৰৱালায়ো সাহিত্যই পোহৰ দেখুওৱাৰ কথা কৈছিল ৷ বিষয় প্ৰসংগৰে তেওঁ পুনৰ কয় — “কপিসুলভ দৃষ্টিভংগীৰে আমি সমুদ্ৰৰ সিপাৰৰ দৰ্শন অনুসৰণ কৰোঁ ৷ অথচ দহ হাজাৰ বছৰ পূৰ্বেই বেদৰ জৰিয়তে ভাৰতীয় সভ্যতাই দৰ্শনতত্ব দেখুৱাইছিল ৷

ভাৰতবৰ্ষৰ সাহিত্যৰ এই সনাতন প্ৰমূল্য আমি জানিব লাগিব ৷ সাহিত্য-সংগীত-কলাই জগতক সুন্দৰ কৰে ৷ এয়া নাথাকিলে মানুহ শিং আৰু নেজ নোহোৱা পশুহে হ’ব বুলি ভক্তি হৰিৰ দৰে মনীষীয়ে কৈ গৈছে ৷

জ্যোতিপ্ৰসাদ আগৰৱালায়ো কৈছে— সুন্দৰে যে ফুলাৰ মন্ত্ৰ/ অহোৰাত্ৰি মাতে/ সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে… ৰূপান্তৰেহে জগত ধুনীয়া কৰে/ এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ… ৷ এয়ে সাহিত্যই দেখুওৱা পোহৰৰ বাট ৷ গ্ৰন্থ হৈছে জ্ঞানৰ পেৰা ৷

এই জ্ঞান মুকলি কৰি দিয়া গ্ৰন্থ সদায়ে থাকিব ৷” অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, অভিধান প্ৰণেতা সুমন্ত চলিহায়ো সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ধন্যবাদসূচক বক্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে আজি গ্ৰন্থমেলাৰ সামৰণী সভাতে সাহিত্যিক ড° দীপক কুমাৰ বৰকাকতীক “ঐশ্বৰ্য” উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২৫ প্ৰদান কৰা হয় ৷

এই বঁটাত আছে ৫ লাখ টকা, অংগবস্ত্ৰ, মানপত্ৰ আৰু মূল্যবান কিতাপৰ টোপোলা ৷ একেদৰে প্ৰকাশকৰ বাবে অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২৫ প্ৰদান কৰা হয় বান্ধৱ প্ৰকাশনৰ স্বত্বাধিকাৰী ৰঞ্জনজ্যোতি শৰ্মাক ৷ এই বঁটাত আছে ৩ লাখ টকা, অংগবস্ত্ৰ আৰু মূল্যবান কিতাপৰ টোপোলা ৷

দুয়োটা বঁটা প্ৰদান কৰে শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ বঁটা গ্ৰহণ কৰি সাহিত্যিক ড° দীপক কুমাৰ বৰকাকতীয়ে কয় যে বঁটাই নতুন সৃষ্টিৰ বাবে উৎসাহিত কৰাৰ লগতে দায়ৱদ্ধতা সোঁৱৰাই দিয়ে ৷ এই বঁটা গ্ৰহণ কৰি আনন্দিত হোৱাৰ লগতে দায়ৱদ্ধ হ’বলৈ উদগনি লাভ কৰিছোঁ ৷ একেখন সভাতে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত প্ৰস্তুত কৰা “ম’ডাৰ্ণ গ্ল’চাৰি ( এংলো-আছামিজ)” এপটো শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে মুকলি কৰে ৷

এপটো প্ৰস্তুত কৰিছে ভাষা প্ৰযুক্তিবিদ ড° গুণদ্বীপ চেতিয়া আৰু ভাষাবিদ ড° ভাস্কৰজ্যোতি শৰ্মাই ৷ এপটো এন্ড্ৰইড মোবাইল আৰু আই ফোনত উপলব্ধ হ’ব ৷ সভাখনত “শিশুৰ দিন” আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা বিতৰণীও কৰা হয় ৷ সাংস্কৃতিক প্ৰতিযোগিতাৰ বিদ্যালয় শাখাত নৰ্থ ইষ্ট পাব্লিক স্কুল, কাহিলীপাৰাই প্ৰথম, চাউথ পইণ্ট স্কুল, বৰ্ষাপাৰাই দ্বিতীয়, অসম জাতীয় বিদ্যালয়, নুনমাটি, শংকৰদেৱ শিশু বিদ্যা নিকেতন, বীৰুবাৰিয়ে তৃতীয় আৰু এছ বি অ’ এ পাব্লিক স্কুল, গড়চুকে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

মহাবিদ্যালয় শাখাত দিছপুৰ মহাবিদ্যালয়ে প্ৰথম, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে দ্বিতীয়, কটন বিশ্ববিদ্যালয়ে তৃতীয় আৰু গুৱাহাটী মহাবিদ্যালয়ে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ সামৰণী সভাত আদৰণী ভাষণ আগবঢ়ায় অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ তেওঁ কয় যে অসম চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষৰে সংগতি ৰাখি এইবেলি গুৱাহাটী মহানগৰীকে ধৰি মুঠতে ৮খন ঠাইত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰা হ’ল ৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টা-পৰিকল্পনা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৰামৰ্শৰে অসম প্ৰকাশন পাৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলা সফল হোৱা বুলি ক’ব পাৰি ৷ গ্ৰন্থৰ বিক্ৰীয়ে গ্ৰন্থমেলাৰ সফলতা নিৰ্ণয় কৰে ৷ আমি ক’ব পাৰোঁ যে অসম গ্ৰন্থমেলা, গুৱাহাটীত যোৱা ১৪ দিনত প্ৰায় ৭ কোটি ৪০ লাখ টকাৰ কিতাপ বিক্ৰী হৈছে ৷

সচিব কলিতাই অসম গ্ৰন্থমেলা সফল কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে চৰকাৰ-প্ৰশাসন, ছপা-বৈদ্যুতিন সংবাদ মাধ্যম, বিদ্যালয়তনিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰে ৷ সভাখনৰ আঁত ধৰে প্ৰবোধ দাসে ৷

নৰ্থ ইষ্ট পাব্লিক স্কুলৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি বৰগীতেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ৷ অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ বাৰেৰহণীয়া কাৰ্যসূচীয়ে সকলোকে মুগ্ধ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!