GOGAMOKH COLLEGE: গোগামুখ মহাবিদ্যালয়ত অচিৰেই চৰকাৰী হ’ব বিজ্ঞান বিভাগ
গোগামুখ মহাবিদ্যালয়ত অচিৰেই চৰকাৰী হ’ব বিজ্ঞান বিভাগঃ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু
৮ কোটি টকাৰ পথ পুনঃনিৰ্মাণৰ কামৰ আধাৰশিলা

DD TIMES গোগামুখ, ৫ জানুৱাৰীঃ ধেমাজি জিলাৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয়খনৰ বিজ্ঞান বিভাগ অচিৰেই চৰকাৰীকৰণ কৰা হ’ব ৷ একেদৰে বিভাগো ইয়াত অন্তৰ্ভুক্ত কৰা হ’ব ৷ এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ আজি গোগামুখৰ বহুকেইটা বিধ্বস্ত পথৰ পুনঃ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰি গোগামুখ চিলিমপুৰৰ এখন ৰাজহুৱা সভাত এইদৰে বক্তব্য আগবঢ়াই মন্ত্ৰী ডাঃ পেগুৱে ৷
গোগামুখত দ্ৰুত গতিত জনসংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে ৷ এই অনুপাতে শিক্ষানুষ্ঠান আমি বৃদ্ধি কৰিব লাগিব আৰু শিক্ষানুষ্ঠান বৃদ্ধি কৰিলেই নহ’ব গুণগত মান দণ্ডৰ শিক্ষাত গুৰুত্ব লাগিব ৷
গোগামুখৰ চাউলধোৱা হাইস্কুলখন অত্যাধুনিকভাৱে নিৰ্মাণ কৰি ইয়াত ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠাৰ পৰিকল্পনা আছে ৷ গোগামুখ মইনাপৰাস্থি জংকি-পানৈ হাইস্কুলখনৰ প্ৰশাসনিক ভৱন আৰু হোষ্টেল নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে বুলি দোহাৰি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে লগতে কয়- গোগামুখ উচ্চতৰ মাধ্যমিকি বিদ্যালয়ত ঊন্নত মানৰ প্ৰশাসনিক ভৱন আৰু হোষ্টেল নিৰ্মাণৰ কাম ইতিমধ্যে দ্ৰুতগতিত চলি আছে ৷
গোগামুখৰ সাংস্কৃতিক জগতলৈ শুভবাৰ্ত্তা দি ডাঃ পেগুৱে কয় যে, গোগামুখ ৰজনীকান্ত বৰদলৈ প্ৰেক্ষাগৃহ নতুনকৈ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে ৷
প্ৰেক্ষাগৃহটো দুমহলীয়াকৈ নিৰ্মাণ কৰা হ’ব আৰু ইয়াত প্ৰায় ৭-৮ লোকে সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰিব পাৰিব ৷ ভূমিৰ অভাৱৰ বাবে প্ৰেক্ষাগৃহটো সংকোচিত কৰি দুমহলীয়াকৈ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উপস্থিত ৰাইজক অৱগত কৰে ৷
শিক্ষামন্ত্ৰী পেগুৱে আজি দিনজোৰা কাৰ্যসূচীৰে ধেমাজি সংমণ্ডল লোক নিৰ্মাণ বিভাগ(পথ) (এছ অ’ পি ডি-জা)আঁচনি ২০২৫-২৬ বৰ্ষৰ অধীনত ২,৯৮,৯৮,৬০৭.০০ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা ৬ টা পথৰ কামৰ আধাৰশিলা স্থাপন কৰে ৷
পথসমূহ হৈছে গোগামুখ চিলিমপুৰ তিনিআলিৰ পৰাধলপুৰীয়া সংযোগী পথ, ঢকুৱাখনা পথৰ পৰা নাহৰবাৰী মথাউৰি সংযোগী পুৰণা পাৰঘাট পথ, গোগামুখ-ঢকুৱাখনা ৰাজ্যিক ঘাই পথৰ পৰা সোৱনশিৰি মথাউৰিলৈ সংযোগী পথ, গোগামুখ-ঢকুৱাখনা পথৰ পৰা নাহৰবাৰী মথাউৰি সংযোগী নেৱাৰ গাঁও পথ, গোগামুখ – ঘিলামৰা পথৰ উন্নয়ন আৰু ” শ্বহীদ গৌতম ৰাজবংশী” ২নং কাৰপুনপুলি পথৰ উন্ননয়ৰ আধাৰশিলা স্থাপন কৰে।
তেওঁ একেদৰে নাবাৰ্ডৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি ৰ দ্বাৰা অনুমোদিত মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত আজি চুমনি বাঁহবাৰীৰ পৰা এদুত গাঁৱলৈ ৭.৬০ কি:মি: দৈৰ্ঘৰ পথৰ আধাৰশিলা স্থাপন কৰে৷
লোকনির্মাণ (পথ) বিভাগ, ধেমাজি ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত সম্পন্ন হ’বলগীয়া সৰ্বমুঠ ৪.৫৩ কোটি টকা ব্যয়সাপেক্ষ এই নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব ৷

