DHEMAJI: মাটি বচাওঁ-জাতি বচাও ধ্বনিৰে গোগামুখত কংগ্ৰেছৰ বিশাল সমদল
মাটি বচাওঁ-জাতি বচাও ধ্বনিৰে গোগামুখত কংগ্ৰেছৰ বিশাল সমদল
DD TIMES গোগামুখ, ৫ জানুৱাৰীঃ ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ধেমাজি বিধানসভা সমষ্টিত শাসক-বিৰোধী দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰ হৈ পৰিছে ৷

ধেমাজি জিলাৰ গোগামুখৰ মিংমাঙত শনিবাৰে ভাৰতীয় যুৱ কংগ্ৰেছে জাতি বচাওঁ, মাটি বচাওঁ ধ্বনিৰে বিশাল সমদল বাহিৰ কৰে ৷
মিংমাং কঠালগুৰিৰ পৰা বাহিৰ কৰা উক্ত বিশাল সমদলৰ আৰম্ভণিতে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিবে বিজেপি দলক দেশ বিক্ৰী কৰা দল বুলি তীব্ৰ সমালোচনা কৰি কয় যে, বিজেপি দলে সাধাৰণ খাটি খোৱা জনতাৰ দুখ বুজি নাপায় আৰু সাধাৰণ জনতাৰ ভূমি কাঢ়ি নি আদানি-আম্বানিৰ হাতত ঘটাই দিয়াৰ গুৰুতৰ অভিযোগ তোলে ৷
বিজেপি দলে দেশ শাসনৰ নামত কেৱল অপশাসন চলোৱা বুলি তেওঁ দোহাৰে আৰু কংগ্ৰেছ দল ক্ষমতালৈ আহিলে বিজেপিৰ অপশাসন অন্ত পেলোৱাৰ লগতে খাটি খোৱা জনতাৰ পৰা কাঢ়ি নিয়া ভূমি জনতাক ঘুৰাই দিব বুলি উপস্থিত ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
সমদলত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জাভেদ আলম মজুমদাৰে কয়-হাবি-জংঘল বন বননিত জনজাতীয়সকলৰ বসবাসৰ সম্পূৰ্ণ অধিকাৰ আছে ৷ কিন্তু বিজেপি দলে ক্ষমতাৰ অপব্যৱহাৰ কৰি জনজাতীয়সকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে৷
জনজাতীয় ৰাইজৰ পৰা ভূমি প্ৰদানৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ বিপৰীতে জনজাতীয় ভূমি সংকোচিত কৰি উক্ত ভূমিসমূহ পানীৰ দৰত বহুজাতিক কোম্পানীক বিক্ৰী কৰিছে ৷ বিজেপি দলৰ উক্ত অপশাসন ওপৰাবলৈ আজি ৰাইজ মাৰবান্ধি থিয় দিছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷
যুৱ সমাজকৰ্মী, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক তথা ধেমাজি বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সম্ভাব্য প্ৰাৰ্থী মিল্টন পেগুৰ নেতৃত্বত আৰু ধেমাজি যুৱ কংগ্ৰেছৰ সামগ্ৰীক প্ৰচেষ্টাত মিংমাং কঠালগুৰিৰ পৰা বাহিৰ কৰা উক্ত ৰেলীত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে আৰু মিংমাং বৰলাত উক্ত ৰেলীৰ সামৰণি পৰে ৷
ৰেলীত উপস্থিত থাকে ভাৰতীয় যুৱ কংগ্ৰেছ দলৰ তত্ত্বাৱধায়ক মণিষ শৰ্মা, সহ তত্ববধায়ক ৰাকেশ মীনা, অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আদিয়ে ৷

