অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

অসম সাহিত্য সভাৰ গুৰু প্ৰণাম অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩৯গৰাকী শিক্ষাগুৰুক সন্মান

Spread the love

জীৱনৰ লগত জগতৰ চিনাকি কৰি দিয়া মহান শিক্ষকসকল জনজীৱনৰ নমস্য ব্যক্তিঃ ড° অনিল শইকীয়া
সাহিত্য সভাক শৃংখলিতভাবে আগুৱাই নিবৰ কাৰণে শিক্ষাগুৰুসকলৰ সহায়ৰ প্ৰয়োজন আছেঃ পদুম ৰাজখোৱা

শিক্ষকসকল সমাজৰ কাৰণে এটি অতি প্রয়োজনীয় অংগঃ দেৱজিৎ বৰা

গুৱাহাটী, ৫ ছেপ্টেম্বৰঃ “জীৱনৰ লগত জগতৰ চিনাকি কৰি দিয়া মহান শিক্ষকসকল জনজীৱনৰ নমস্য ব্যক্তি। অসম সাহিত্য সভাই যিসকল শিক্ষকক আজি সন্মান জনাইছে, সেইসকলৰ বহুতেই বিদ্যালয়ৰ প্রতিষ্ঠাকালৰ শিক্ষক। শিক্ষা দানকে জীৱনৰ ব্ৰত হিচাপে সংকল্প গ্রহণ কৰাৰ বাবে তেওঁলোকে যি মাহিলী মাননি পাইছিল, সেয়া তেখেতসকলৰ বাবে গৌণ কথা। মানৱ সম্পদ গঢ়াই হৈছে তেওঁলোকৰ মূল দায়িত্ব।”

আজি গুৱাহাটীৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদনত শিক্ষক দিৱস উপলক্ষে অনুষ্ঠিত অসম সাহিত্য সভাৰ গুৰু প্ৰণাম অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট লোক সংস্কৃতিবিদ-গৱেষক তথা মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অনিল শইকীয়াই এইদৰে কয়।

অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ পৌৰোহিত্যত অনুষ্ঠিত গুৰু প্রণাম অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰসংগত ড° শইকীয়াই লগতে কয়- “আজি অসম সাহিত্য সভাই শিক্ষকসকলক যি সন্মান প্রদান কৰিছে, সেয়া ৰাজ্যিক পৰ্যায়ৰ এক শ্রেষ্ঠ সন্মান হিচাপে নিৰন্তৰ গৰিমা লাভ কৰিব।”

অনুষ্ঠানৰ আৰম্ভণিতে গুৰু প্ৰণাম অনুষ্ঠানৰ কথকতা উল্লেখ কৰি অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই কয়-“শিক্ষকসকল সমাজৰ কাৰণে এটি অতি প্রয়োজনীয় অংগ। এখন সুস্থ, সবল নিৰোগী সমাজ গঢ় ল’বলৈ হ’লে শিক্ষকসকলৰ অৱদান সমাজে স্বীকাৰ কৰিবই লাগিব। শিক্ষকসকলেই সমাজ নিয়ন্ত্রণ কৰিব পাৰে।

গতিকে, সমাজ নিৰ্মাণৰ দায়িত্ব শিক্ষকসকলৰ হাতত অর্পণ কৰাতো অত্যন্ত জৰুৰী হৈ পৰিছে।” ইফালে সভাপতিৰ মন্তব্যত পদুম ৰাজখোৱাই কয়-“অসম সাহিত্য সভাক শৃংখলিতভাৱে আগুৱাই নিবৰ কাৰণে আমাক শিক্ষাগুৰুসকলৰ সহায়ৰ প্রয়োজন হৈছে।

গতিকে সাহিত্য সভাৰ লগত শিক্ষাগুৰুসকল সম্পৃক্ত হৈ আগবাঢ়ি যোৱাৰ বাবে আমি সকলোৱেই সংকল্পবদ্ধ হ’ব লাগিব।” সেউজ স্বর্ণ শাখা সাহিত্য সভাৰ শিল্পীবৃন্দই সাহিত্যাচাৰ্য্য মিত্ৰদেৱ মহন্ত বিৰচিত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীত পৰিৱেশন কৰাৰ পাছত অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি ড° হীৰালাল বৰাই ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্রজ্জ্বলন কৰে আৰু সেউজ স্বর্ণ শাখা সাহিত্য সভা উপসভাপতি কুশল কুমাৰ গুৰু বন্দনা পৰিৱেশন কৰে।

অসম সাহিত্য সভাৰ তথ্য প্রযুক্তি উপসমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়াই আঁত ধৰা অনুষ্ঠানটিত বৰগীত পৰিৱেশন কৰে নিৰ্মালী চৌধুৰীয়ে।

আজিৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ অৱসৰপ্ৰাপ্ত সচিব ডঃ অসমী গগৈ, অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ধীৰেন শৰ্মা, অনুবাদ প্ৰকল্পৰ আহ্বায়ক হৃদয়ানন্দ গগৈ, লোক পৰিৱেশ্য কলাৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্রফুল্ল বর্মন, আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক পঞ্জীয়ক প্রশান্ত দত্ত, গোৱালপাৰা জিলা সাহিত্য সভাৰ জিলা প্রতিনিধি জিতুমণি দাস, প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, সাংগঠনিক সম্পাদক দুলাল নাথ, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক নৰেশ্বৰ কলিতা, অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ আদৰণী সমিতিৰ সম্পাদক বিজু দেৱী, কুঁহি উপসমিতিৰ আহ্বায়ক প্রশান্ত শইকীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন ধনভঁৰালী মিহিৰ কুমাৰ বৰুৱাকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

আজি অসম সাহিত্য সভাই গুৰু প্ৰণাম অনুষ্ঠানত ৩৩খন জিলা সভা আৰু মূল সভাৰ দ্বাৰা নিৰ্বাচিত ৩৯গৰাকী শিক্ষকক বিশেষ সন্মান প্রদান কৰে। সন্মানপ্রাপ্ত শিক্ষকসকল হ’ল- শিৱসাগৰৰ ৰেৱতী বুঢ়াগোহাঁই গগৈ, গোৱালপাৰাৰ দণ্ডীনাথ ৰাভা, চৰাইদেউৰ ৰবীন চন্দ্ৰ কোঁৱৰ, কাৰ্বি আংলঙৰ দেবেন্দ্ৰ শৰ্মা, নগাঁৱৰ ধনদা দেৱী, হোজাইৰ দ্বিজেন্দ্ৰ কলিতা, গোলাঘাটৰ মহেন বৰুৱা, তিনিচুকীয়াৰ লীলাম্বৰ দহোটীয়া, বাক্সাৰ নৰেশ্বৰ দাস, ওদালগুৰিৰ কৃষ্ণ বড়া, কামৰূপৰ কনক শৰ্মা, ধুবুৰীৰ সাধুচৰণ ৰায়, যোৰহাটৰ প্রবীণ চন্দ্ৰ বৰা, কাৰ্বি আংলঙৰ বিশেষভাৱে নিৰ্বাচিত মুনিমন্ত শইকীয়া, মৰিগাঁৱৰ ভানুৰাম কাকতি, বৰপেটাৰ প্ৰমোদ শৰ্মা, দৰঙৰ ড° বিজয় কুমাৰ শৰ্মা, শোণিতপুৰৰ ড° ভূপেন শইকীয়া, লক্ষীমপুৰৰ যদুনাথ বশিষ্ঠ, ধেমাজিৰ কুশল বৰুৱা, ধেমাজিৰ বিশেষভাৱে নিৰ্বাচিত উত্তম কুমাৰ গগৈ, কৰিমগঞ্জৰ অপূৰ্ব দত্ত, হাইলাকান্দিৰ মনোজিত দেৱ, হাইলাকান্দি বিশেষভাৱে নির্বাচিত অনিমেশ ভট্টাচার্য, চিৰাঙৰ দেৱান গাজী মুস্তাফা, কোকৰাঝাৰৰ বীৰেন্দ্ৰ ৰয়, শিলচৰৰ কৰণা শৰ্মা, কামৰূপ মহানগৰ বিশেষভাৱে নির্বাচিত কামদেৱ ডেকা, পশ্চিম কাৰ্বি আংলঙৰ কেশৱ চন্দ্ৰ উপাধ্যায়, মাজুলীৰ বলোৰাম কলিতা, ডিমাহাচাওৰ ড° ববিতা ইংতিপি, বিশ্বনাথৰ বিজয়া বৰা, নলবাৰীৰ প্ৰদীপ শৰ্মা, বঙাইগাঁৱৰ পৰমানন্দ ৰায়, লক্ষীমপুৰৰ বিশেষভাবে নির্বাচিত পূর্ণানন্দ চেতিয়া, কামৰূপ মহানগৰৰ বিশেষভাৱে নিৰ্বাচিত চৈয়দা হুছেইনআৰা বেগম, ডিব্ৰুগড়ৰ বিষ্ণুকমল ডেকা, কামৰূপ মহানগৰৰ গৌৰীকান্ত ভূঞা আৰু বিশেষভাবে নির্বাচিত মহেন্দ্রচন্দ্র কলিতা।

জয়ন্ত পাটগিৰীয়ে লোকগীত আৰু নেইনা ডেকাই ভক্তিমূলক গীত পৰিৱেশন কৰা অনুষ্ঠানটিত অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড° সঞ্জীৱকুমাৰ শৰ্মাই শলাগ জ্ঞাপন কৰে। শেষত জাতীয় সংগীতেৰে আজিৰ অনুষ্ঠানৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!