Chamuagaon Sankardev Painting School: চমুৱাগাঁও শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ
চমুৱাগাঁও শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সফল সামৰণি
স্মৃতিগ্ৰন্থ এখনে এটা অঞ্চলৰ ঐতিহ্য বহন কৰেঃ বিধায়ক ৰূপক শৰ্মা
গুৰুজনাৰ নাটক-ভাওনাত চিত্ৰকলাৰ যথোচিত প্ৰয়োগ ঘটিছিলঃ বিধায়ক শশীকান্ত দাস

DD TIMES বেবেজীয়া, ৫ জানুৱাৰীঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ চমুৱাগাঁও স্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱটি কালি সফল সামৰণি ঘটে। আজি শেষৰ দিনটোত পুৱা ১০ বজাত বাৰে-ৰহণীয়া সাংস্কৃতিক শোভযাত্রাৰে দিনটোৰ কাযসূচীৰ আৰম্ভণি ঘটে। শোভাযাত্ৰাৰ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° ধনঞ্জয় কুশ্ৰে।
বৰ্ণিল শোভাযাত্ৰাটিত দিহানাম, গায়ন-বায়ন, ভাওনা, মুখা-শিল্প, জিকিৰ, আয়তীৰে সমগ্র অঞ্চল নান্দনিকতাৰে মুখৰিত হৈ পৰে। ইয়াৰ পাছতেই বিয়লি অনুষ্ঠিত কবি-সন্মিলন আৰু মুকলি সভাৰ উদ্বোধন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে।
৷
উদ্বোধনী ভাষণত বিধায়ক দাসে উল্লেখ কৰে যে সমষ্টিৰ পুনঃনিৰ্ধাৰনে ৰহা সমষ্টিৰ কলা-সংস্কৃতিৰো সংৰক্ষিত কৰিব। লগতে কয় যে শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ে অঞ্চলটোৰ শিল্প সাধনাৰ পৰিবেশ আৰু উন্নত কৰি তুলিব। তেওঁ লগতে কয় যে গুৰুজনাৰ নাটক-ভাওনাত চিত্ৰকলাৰ যথোচিত প্ৰয়োগ ঘটিছিল।

ইয়াৰ পিছতে কবিতা পাঠৰ অনুষ্ঠানত অসমৰ বিভিন্ন স্থানৰ বিশিষ্ট কবি সকলৰ ড° হাচিনুচ চুলতান আৰু মনোজ কুমাৰ দেওৰজাই সঞ্চালনা কৰা কবি সন্মিলনত ময়ূৰ বৰা, কুমাৰ বিভূতি, ৰূপম নাথ, নৱ বৰা, দেৱ বৰা, আশা বৰা মন, অনুভূতি গায়ন, বিকাশ হাজৰিকা, উৎপল বণিয়া, খগেন নাথ, অজয় মাহাতো, দৰ্শন মহন্ত, দেৱজিৎ হাজৰিকা, বিপিন বৰা, মহেন্দ্ৰ হাজৰিকা, প্ৰধান গোস্বামী, দিলীপ শইকীয়া, ৰিপুঞ্জয় শৰ্মা, হৰেশ্বৰ শইকীয়া, মেহবুব চুলতানাকে প্ৰমূখ্য কৰি শতাধিক কবিয়ে কবিতা পাঠ কৰে ।
অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ এম্বেচেডৰ হৰেশ্বৰ শইকীয়া, সদস্য নিভামণি বৰা উপস্থিত থাকে । পৰৱৰ্তী ৭.৩০ বজাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনীৰ সভাত ড° দেৱাশিষ বেজবৰুৱা সম্পাদিত স্মৃতি গ্রন্থ ‘কলাৰ্ণৱ’ উন্মোচন কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।
উন্মোচনী ভাষণত তেওঁ কয় যে জ্ঞানৰ অন্বেষণত গ্ৰন্থই বিশেষ ভূমিকা গ্ৰহণ কৰে । স্মৃতি গ্ৰন্থ এখনে এটা অঞ্চলৰ ঐতিহ্য বহন কৰে । সেই অঞ্চলটোৰ ইতিহাস, সমাজ, আৰ্থসামাজিক দিশ আদি দাঙি ধৰে । ভৱিষ্যত প্ৰজন্মই পৰৱৰ্তী সময়ত তাক অধ্যয়ন কৰি নিজক বিশ্লেষণ কৰাৰ সুবিধা লাভ কৰে ।
কবি সঞ্জীৱ সাগৰ চৌধুৰীয়ে আঁতধৰা অনুষ্ঠানটিত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক খগেন চন্দ্ৰ নাথ, শিক্ষাবিদ সমাজকৰ্মী মিহিৰাম ভূঞা , অধ্যাপক ড° ধনঞ্জয় কুশ্ৰে , বিশিষ্ট সমাজকৰ্মী বিনোদ খেতাৱত, চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ অজিত চন্দ্ৰ বৰাকে ধৰি অঞ্চলৰ গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে ।
উল্লেখ্য যে সাংস্কৃতিক অনুষ্ঠানত শংকৰী নৃত্য, মাটি আখৰা, ভোৰতাল নৃত্য আদি পৰিবেশন কৰা হয় । পৰৱৰ্তী অনুষ্ঠানত গীত পৰিবেশন কৰে শিল্পী সঞ্জীৱ বৰা, দিপাংকৰ গিৰি দেৱ গোস্বামী, জিতু শ্ৰাৱণ, কুমাৰ কিশোৰ আৰু নিভাৰাণী বৰাই । অনুষ্ঠানৰ শেষত শংকৰদেৱ চিত্ৰ কলা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মিহিৰাম ভূঞাই শলাগৰ শৰাই আগবঢ়াই কৃতজ্ঞতা জ্ঞাপন কৰে ।

