অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Assamese ‘Khaki’: ‘খাকী’ৰ প’ষ্টাৰ মুকলি

Spread the love

খাকী’ৰ প’ষ্টাৰ মুকলি


DD TIMES গুৱাহাটী, জানুৱাৰী ৫ঃ অতনু ভূঞাৰ পৰিচালনাৰ বহুচৰ্চিত ছবি ‘খাকী’ৰ প্ৰথমখন প’ষ্টাৰ আনুষ্ঠানিকভাৱে ৫ জানুৱাৰী সোমবাৰে জ্যোতি চিত্ৰবনৰ এটি প্ৰেক্ষাগৃহত মুকলি কৰা হয়। এখন ৰাজনৈতিক থ্ৰীলাৰ ৰূপে নিৰ্মিত এই ছবিখনৰ প’ষ্টাৰখন মুকলিৰ লগে লগেই চৰ্চা লাভ কৰিছে।


এবিচিডিৰ বেনাৰত খাকীৰ প্ৰযোজনা কণিকা ভূঞা আৰু অৱয়ব ভূঞাৰ ৷ পষ্টাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰে জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক উৎপল মেনাই৷

ছবিখনৰ প্ৰথমখন পোষ্টাৰ মুকলি অনুষ্ঠানত উপস্থিত থকা সাংবাদিকসকলক সম্বোধন কৰি ছবিখনৰ প্ৰযোজনা সংস্থা এবিচিডিৰ তৰফৰ পৰা জনোৱা হয় যে ‘খাকী’ মুক্তি দিয়া হ’ব অহা ২৭ ফেব্ৰুৱাৰীত ।

বৰ্তমান মুম্বাইত ‘খাকী’ৰ অন্তিম পৰ্যায়ৰ কাম চলি আছে৷
বৰ্তমান ছবিৰ DI অৰ্থাৎ ডিজিটেল ইণ্টাৰমিডিয়েটৰ কাম চলি আছে মুম্বাইৰ বিখ্যাত প্ৰসাদ লেবৰেটৰীত।

৷পৰিচালক অতনু ভূঞাই জনোৱা মতে প্ৰথমবাৰৰ বাবে অসমীয়া ছবিৰ কালাৰ কাৰেকচনত অতি উচ্চমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। মুম্বাইৰ প্ৰসাদ লেবৰেটৰীত ডিআইৰ কাম কৰিছে বিখ্যাত পৰিচালক কিৰণ কোটাই । ‘ৱেডনেচ ডে’, ‘দ্য মাদ্ৰাছ কাফে’ আদি ছবিৰ ডিআইৰ সৈতে জড়িত আছিল কিৰণ কোটা । ইয়াৰ উপৰিও বলীডউৰ বহু ছবিৰ কাম কৰিছে ‘খাকী’ৰ সৈতে জড়িত কিৰণ কোটাই ।


ছবিৰ আৱহ সংগীত আৰু অন্যান্য আনুসংগিক কামো চলি আছে মুম্বাইত । ছবিৰ আৱহ সংগীতৰ দায়িত্বত আছে ফিল্মফেয়াৰ বঁটা প্ৰাপক বলীউডৰ জনপ্ৰিয় সংগীত পৰিচালক ডেনিয়েল বি জৰ্জ । ডেনিয়েলে ইয়াৰ পূৰ্বে বলীউডৰ জনপ্ৰিয় ছবি ‘আন্ধা ধূন’, ‘মেৰী খ্ৰীষ্টমাছ’, ‘জনী গাড্ডাৰ’ আদি ছবিৰ আৱহ সংগীতৰ কাম কৰিছিল ।

বৰ্তমান মুম্বাইত ডেনিয়েলৰ তত্বাৱধানত পূৰ্ণগতিত চলি আছে ‘খাকী’ৰ আৱহ সংগীতৰ কাম । আৱহ সংগীতৰ উপৰি ছবিৰ সংগীত পৰিচালনা কৰিছে ডেনিয়েলে নিজে । ছবিখনৰ গীতত কণ্ঠদান কৰিছে অনুজা ভূঞা, ৰূপম ভূঞা আৰু জয় বৰুৱাই । পৰিচালক অতনু ভূঞাই জানিবলৈ দিয়া মতে মুম্বাইত দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ তত্বাৱধানত খাকীৰ শব্দৰ কাম চলি আছে।

ছবিখনক লৈ ইতিমধ্যেই চৰ্চা আৰম্ভ হৈছে৷প’ষ্টাৰ মুকলি অনুষ্ঠানত ছবিখনৰ অভিনয় শিল্পী তথা কলা কুশলীসকলো উপস্থিত থাকে৷


Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!