অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW SONGS: সৃষ্টি(জুলিকা) বৰফুকনৰ নতুন অসমীয়া গীত ‘শৰতৰ পদূলিত’ ইউটিউবত মুক্তি পালে

Spread the love

নতুন অসমীয়া গীত ‘শৰতৰ পদূলিত’ ইউটিউবত মুক্তি পালে

DD TIMES গুৱাহাটী, ৩ জানুৱাৰীঃ নতুন বছৰৰ আৰম্ভণিতে সংগীতপ্ৰেমী সকলৰ বাবে এটি বিশেষ উপহাৰ হিচাপে আজি (৩।১।২০২৬) ইউটিউব চেনেল ‘Srishti Sonic’ ত মুক্তি লাভ কৰিলে ‘শৰতৰ পদূলিত’ (Xorotor Podulit)’ শীৰ্ষক এটি নতুন গীত। গীতটিত কন্ঠদান কৰিছে সৃষ্টি(জুলিকা) বৰফুকনে ।

এসময়ৰ যোৰহাট জে বি মহাবিদ্যালয়ৰ মহিলা শাখাৰ শ্ৰেষ্ঠ তথা আন্তঃমহাবিদ্যালয় পয্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হোৱা সৃষ্টি এগৰাকী আইনৰ স্নাতক।

মনময়ুৰী,সপোনৰ মৰমী,সোণাৰু’৯৯ বিহুগীত আৰু যাদু,কিয় অঞ্জালী আদি শ্ৰব্য কেছেটৰ জৰিয়তে ইতিমধ্যে শ্ৰোতাৰ মাজত নিজ স্থান দৃঢ় কৰিছে।

সংগীতৰ বিশাৰদ সৃষ্টিয়ে বৰগীতৰ চৰ্চাও অব্যাহত ৰাখিছে। যোৰহাট এফ এম ৰেডিঅ’ৰ যোগেদি বহুকেইটা গীত সম্প্ৰচাৰ হোৱাৰ উপৰিও বিভিন্ন চেটেলাইট চেনেলত অনুস্থান সম্প্ৰচাৰ হৈছে।

পূবৰ্তে জুবিন গাৰ্গৰ সৈতে কন্ঠদান কৰা ‘তুমি কোন দূৰনিৰ’ গীতটিৰ জৰিয়তে সমাদৰ লাভ কৰা সৃষ্টি বৰফুকনৰ এইবাৰ একক কণ্ঠত মুক্তি লাভ কৰিছে ‘শৰতৰ পদূলিত’।

এই গীতটিৰ কথা, সুৰ আৰু ভিডিঅ’ কনচেপ্ট অনুপ বৰুৱাৰ আৰু গীতটি সংগীতেৰে সজাই তুলিছে পল্লব তালুকদাৰে। গীতটিৰ বাদ্যযন্ত্ৰীসকল হৈছে ৰাজা বৰুৱা,জীৱন্ত অপূৰ্ব আৰু সুভংকৰ হাজৰিকা।

গীতটিৰ মিক্সিঙৰ কাম কৰিছে কৰ্নেলে, গীতটিৰ ভিডিঅ’টিত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী তথা কথক নৃত্যশিল্পী মেঘৰঞ্জনী মেধি আৰু দিপাংকৰ গায়নে৷ নৃত্যৰ কৰিঅ’গ্ৰাফী কৰিছে মেঘৰঞ্জনী মেধি আৰু বৰ্ণালী কলিতাই। ভিডিঅ’ পৰিচালনা কৰিছে সমীন দাসে আৰু ভিডিঅ’ সম্পাদনা কৰিছে মানস কাশ্যপে।

পোষ্টাৰ ডিজাইন ৰিতুপৰ্ণ বৰাৰ, ক্যালিগ্ৰাফী অনুপ দত্তৰ, মেকআপ হীৰক দাসৰ। নতুন বছৰৰ আৰম্ভণিতে মুক্তি লাভ কৰা ‘শৰতৰ পদূলিত’ গীতটি সংগীতপ্ৰেমীসকলে আদৰি ল’ব বুলি সংশ্লিষ্ট সকলোৱে আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!