Lakhimpur District Sahitya Sabha: ঢকুৱাখনাত জিলা সাহিত্য সভাৰ উদ্যোগত অৰুনোদই দিৱস পালন
ঢকুৱাখনাত জিলা সাহিত্য সভাৰ উদ্যোগত অৰুনোদই দিৱস পালন

DD TIMES ঢকুৱাখনা, ১ জানুৱাৰীঃ অসমীয়া ভাষাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে ১৮৪৬ চনৰ জানুৱাৰী মাহৰ পৰাই মিছনেৰীসকলে অসমৰ শিৱসাগৰৰ পৰা প্ৰকাশ কৰিছিল “অৰুনোদয়” নামৰ এখন বাৰ্তালোচনী।

এই “অৰুনোদয়” প্ৰকাশৰ ঐতিহ্য সুঁৱৰি অসম সাহিত্য সভাৰ উদ্যোগত আজি ৰাজ্যজুৰি “অৰুনোদই” দিৱস পালন কৰা হয়। লখিমপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ঢকুৱাখনা শাখা সাহিত্য সভাৰ সহযোগতো আজি ঢকুৱাখনা বালিকা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে “অৰুনোদই” দিৱস পালন কৰা হয়।

এই দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি অনিল শইকীয়াই,ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক প্ৰবীণ হাজৰিকাই।

ঢকুৱাখনা শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক-ৰাজেন্দ্ৰ প্ৰসাদ গগৈয়ে শ্বহীদ তৰ্পণ কৰাৰ পিছতেই-ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ সংগীতৰ লগতে কবিতা আবৃত্তি, চিত্ৰাংকণ আদি প্ৰতিযোগিতা আয়োজন কৰা হয়।
ইয়াৰ পিছতেই বিয়লি ১ বজাৰ পৰা লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়ৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। প্ৰেছ গীল্ড, ঢকুৱাখনাৰ সভাপতি তোলন দত্তই উদ্ধোধন কৰা এই মুকলি সভাত-নিৰ্দিষ্ট বক্তাৰূপে সাংস্কৃতিক কৰ্মী, লেখক-নন্দ চুতীয়াই, মুখ্য অতিথিৰূপে অসম সাহিত্য সভাৰ লুম্বেৰ দাই ভাষা-সংস্কৃতি অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক ভৰত ৰাজখোৱাই বক্তব্য আগবঢ়াই।
ইফালে এই মুকলি সভাত বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথিৰূপে জিলাখনৰ বহুকেইগৰাকী লেখক, সাহিত্যিকে অংশগ্ৰহণ কৰে।
অৰুনোদয় দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা-খোজ নামৰ স্মৃতি গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট লেখক, অৱসৰী উপধ্যক্ষ-ডিম্বেশ্বৰ গগৈয়ে।

