অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

Bilkhon nohowa hol Ayang: মানস প্ৰতিম দত্তৰ পাৰিপাৰ্শ্বিক কবিতা সংকলন ‘বিলখন নোহোৱা হ’ল আয়াং’ৰ ডিজিটেল উন্মোচন

Spread the love

মানস প্ৰতিম দত্তৰ পাৰিপাৰ্শ্বিক কবিতা সংকলন বিলখন নোহোৱা হ’ল আয়াংৰ ডিজিটেল উন্মোচন কাৰ্যসূচী

DD TIMES ধেমাজি, ১ জানুৱাৰীঃ পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণত পাৰিপাৰ্শ্বিক কবিতাৰ অৱদান উল্লেখযোগ্য। অসমীয়া সাহিত্যৰ সাম্প্ৰতিক ধাৰাত পাৰিপাৰ্শ্বিক কবিতা এক শক্তিশালী আৰু প্ৰাসংগিক ধাৰা হিচাপে আত্মপ্ৰকাশ কৰিছে।

প্ৰকৃতিৰ উপাদানক কেৱল সৌন্দৰ্যৰ আধাৰ হিচাপে গ্ৰহণ নকৰি, পাৰিপাৰ্শ্বিক সংকটে সৃষ্টি কৰা বৰ্তমান সময়ত পৃথিৱীৰ অস্তিত্বৰ সংকটক লৈ লিখা কবিতাই হ’ল পাৰিপাৰ্শ্বিক কবিতা।


পাৰিপাৰ্শ্বিক কবিতা বা ‘ইক’-প’য়েট্ৰি’ হ’ল এনে এক কাব্যিক ধাৰা য’ত পৰিৱেশ তন্ত্ৰ, জৈৱ-বৈচিত্ৰ্য আৰু প্ৰকৃতিৰ সৈতে মানুহৰ আন্তঃসম্পৰ্কৰ বিষয়ে চৰ্চা কৰা হয়। এই ধাৰাৰ কবিতাত পৰিৱেশৰ অৱক্ষয় আৰু গোলকীয় উষ্ণতাৰ প্ৰতি সজাগতা, মানুহক প্ৰকৃতিৰ ‘প্ৰভু’ হিচাপে নহয়, বৰঞ্চ ‘অংশ’ হিচাপে উপস্থাপন কৰা, বন্যপ্ৰাণী আৰু উদ্ভিদজগতৰ নিৰ্বাক যন্ত্ৰণাক শব্দৰূপ দিয়া দিশসমূহ প্ৰকট হয়।


এনে কিছু দিশৰ কথা উনুকিয়াই সজোৱা যুৱ কবি,লেখক মানস প্ৰতিম দত্তৰ পাৰিপাৰ্শ্বিক কবিতা সংকল ‘বিলখন নোহোৱা হ’ল আয়াং’ সামাজিক মাধ্যমযোগে ৩১ ডিচেম্বৰ তাৰিখে শুভ উন্মোচন কৰা হয়।

গ্ৰন্থখন উন্মোচন কৰে ড° নৱ কুমাৰ চমুৱা, বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই, চুনা কুমাৰ পাঠৰী, তপন পায়েং, আকাশ প্ৰিয়ম, কংকন শইকীয়া, বীৰেণ কোচ, নিশা ভূঞা আৰু প্ৰদীপ গগৈয়ে।


এজন লেখক, কবি, অনুবাদক হিচাপে সুপৰিচিত মানসৰ ইতিপূৰ্বে প্ৰকাশিত পৰিৱেশ বিষয়ক গ্ৰন্থ সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি, কোলাহল আৰু নীৰৱতাৰ সিপাৰে, সেউজীয়া দিনৰ নৈসৰ্গিক খোজ, চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু, প্ৰকৃতিৰ জমাদাৰ, নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত অনুবাদ গ্ৰন্থ কেনেকৈ এইবোৰৰ বিকাশ ঘটে, পৰ্বতত এভুমুকি, হাড় গৈ শিল হ’ল, যেতিয়া ক্রীড়াসুলভ মানসিকতাই দৌৰত জয়লাভ কৰে আৰু কবিতা সংকলন মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা, কুৱঁলীৰ আখৰ এথুপি, তেজত গজা দুপৰীয়াটো, তুমি ৰ’দ হোৱা মই বৰষুণ হ’ম, এই সময় আমাৰ আৰু তোমাক ভালপাওঁ বাবেই শীৰ্ষক গ্ৰন্থকেইখনে ইতিমধ্যে পাঠক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছ।


হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি মানসৰ কাহিনী ইতিমধ্যে দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ, দ্য পিঅ’প’ল ষ্টৰী আদিত প্ৰকাশ পাইছে।


প্ৰকাশনগোষ্ঠী এনভাইৰণ টকছে প্ৰকাশ কৰা গ্ৰন্থখনে অভিভাৱক, শিক্ষক আৰু যুৱ পাঠকসকলৰ মাজত পৰিৱেশ বিষয়ক অৰ্থপূৰ্ণ আলোচনাৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!